ETV Bharat / international

ইজৰাইলক ৭৩৫ মিলিয়ন ডলাৰৰ অস্ত্ৰ বিক্ৰীৰ অনুমোদন বাইডেন প্ৰশাসনৰ - আমেৰিকা যুক্তৰাষ্ট্ৰ

ইজৰাইলক ৭৩৫ মিলিয়ন ডলাৰৰ নিৰ্দিষ্ট নিৰ্দেশিত অস্ত্ৰ বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে জ' বাইডেন প্ৰশাসনে ৷ দ্য ৱাশ্বিংটন প’ষ্টৰ মতে, উক্ত প্ৰস্তাৱিত বিক্ৰীত যুটীয়া পোনপটীয়া আক্ৰমণৰ সামগ্ৰী (জেডিএএম) আৰু জিবিইউ-39 সৰু ব্যাসৰ বোমা অন্তৰ্ভুক্ত আছে ।

Biden admin approves $735mn arms sale to Israel
ইজৰাইলক ৭৩৫ মিলিয়ন ডলাৰৰ অস্ত্ৰ বিক্ৰীক অনুমোদন বিডেন প্ৰশাসনৰ
author img

By

Published : May 18, 2021, 8:34 PM IST

নিউজ ডেস্ক,18 মে’: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ প্ৰশাসনে ইজৰাইলক ৭৩৫ মিলিয়ন ডলাৰৰ নিৰ্দিষ্ট নিৰ্দেশিত অস্ত্ৰ বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে । সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

দ্য ৱাশ্বিংটন পোষ্টৰ মতে, উক্ত প্ৰস্তাৱিত বিক্ৰীত যুটীয়া পোনপটীয়া আক্ৰমণৰ সামগ্ৰী (জেডিএএম) আৰু জিবিইউ-39 সৰু ব্যাসৰ বোমা অন্তৰ্ভুক্ত আছে । অন্য এক প্ৰতিবেদনত দ্য হিল নিউজ ৱেবছাইটটোৱে কয় যে, কংগ্ৰেছৰ কাৰণে বিক্ৰী বন্ধ কৰাৰ পথ বন্ধ হৈ পৰিছে ।

"এই মাহৰ আৰম্ভণিতে অধিসূচনাই কংগ্ৰেছৰ কাম কৰাৰ বাবে ১৫ দিনৰ সময় নিৰ্ধাৰণ কৰিছিল । সেই সময়সীমালৈ চাৰি দিন বাকী আছে আৰু কোনোবাই ভোটটো মজিয়ালৈ অনাৰ বাবে জোৰ কৰাৰ আগতে অসন্মতিৰ সমাধান প্ৰৱৰ্তন হোৱাৰ পিছত 10 দিনৰ সময় লাগে ।"

একাংশ ডেম'ক্ৰেটে বিক্ৰী সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছে, কিয়নো গাজাত গোলাবৰ্ষণ আৰু বিমান আক্ৰমণ অব্যাহত আছে, যাৰ ফলত দুয়োফালে ২০০ তকৈও অধিক অসামৰিক লোক হতাহত হৈছে ।

হাউচ ডেমক্ৰেট জুকিন কাষ্ট্ৰই এক বিবৃতিত কয় যে, "যদিও মই ইজৰাইলক আইৰণ ডোম প্ৰতিৰক্ষা প্ৰণালীক পুঁজি যোগান ধৰাৰ লগতে ইজৰাইলক নিৰাপত্তা সহায়ৰ সমৰ্থন জনাইছো; কিন্তু এই অস্ত্ৰ বিক্ৰীৰ সময় সম্পৰ্কে মই যথেষ্ঠ চিন্তিত হৈ পৰিছো ৷"

বাইডেনে সোমবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত ইজৰাইল আৰু হামাসৰ মাজত যুদ্ধবিৰতিৰ সমৰ্থন জনায় ।

উল্লেখ্য যে, ২০১৪ চনৰ পৰা ইজৰাইল আৰু আৱদ্ধ ফিলিস্তিনি ছিটমহলৰ মাজত চলি থকা সংঘৰ্ষত ৫৯ টা শিশু আৰু ১০ জন ইজৰাইলীসহ ২০৪ জন পেলেস্তানী লোক নিহত হৈছে ।

লগতে পঢ়ক: ভাৰতৰ ভয়াৱহ ক’ভিড পৰিস্থিতিয়ে দিছে বিপদৰ আগজাননী: ইউনিচেফ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.