নিউজ ডেস্ক,3 জুনঃ আমেৰিকাৰ বিদেশ বিভাগৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা ভিচা আবেদনকাৰীয়ে দিব লাগিব নিজ চ'ছিয়েল মিডিয়াৰ সকলো তথ্য ৷ আবেদনকাৰীৰ নামৰ লগতে পৰৱৰ্তী 5 বছৰলৈ থাকিবলগীয়া মেইল আৰু ফোন নম্বৰো দিব লাগিব আবেদনকাৰীয়ে ৷
উল্লেখ্য যে 2018 চনতে ট্ৰাম্প প্ৰশাসনে এই নতুন নিয়মৰ প্ৰস্তাৱ আগবঢ়াইছিল, কাৰণ তথ্য অনুসৰি এই প্ৰক্ৰিয়াই 1.47 কোটি জনসাধাৰণক প্ৰভাৱিত কৰিব বুলি এক গৱেষণাত প্ৰকাশ পাইছে ৷