আমেৰিকা, ৩১ মে': আন্তঃৰাষ্ট্ৰীয় বানিজ্যিক নিধিৰ সহ সাধাৰণ সচিব হিচাপে নিযুক্তি পালে এগৰাকী ভাৰতীয়ই ৷ শুকুৰবাৰে ভাৰতৰ অনিতা ভাটিয়াক নিযুক্তি দিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণ সচিব এন্টনিঅ' গুটৰেছে । আজি সংবাদমাধ্যৰ আগত এই কথা প্ৰকাশ কৰে সাধাৰণ সচিবগৰাকীৰ মুখপাত্ৰ ফাৰহান হকে ।
এই পদত অধিষ্ঠিত হোৱাৰ পিচতে সম্পদ ব্যৱস্থাপনাকে ধৰি ইউ-এনৰ লিংগ সমতা আৰু মহিলা সৱলীকৰণ সন্দৰ্ভত সকলো কাম-কাজ চোৱা-চিতা কৰিব লাগিব । কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা অনিতা ভাটিয়াই ইয়াৰ পূৰ্বে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় বিত্ত নিগমত কৰ্মৰত আছিল ।
স্নাতক ডিগ্ৰীৰ উপৰিও য়েলে বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত এম এ ডিগ্ৰী লাভ কৰাৰ লগতে জিওগ্ৰেটাউন বিশ্ববিদ্যালয়ৰ পৰা আইন ডিগ্ৰীও লাভ কৰে অনিতা ভাটিয়াই ।