ETV Bharat / international

আমেৰিকাক অধিক বিভ্ৰান্ত কৰা হৈছে : প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত - ট্ৰাম্প বনাম বিডেন

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত মীৰা শংকৰে ৷ আমেৰিকাৰ সমাজক কিদৰে বিভ্ৰান্ত কৰা হৈছে, ট্ৰাম্প আৰু বিডেনৰ পৃথক মতাদৰ্শ, আমেৰিকাত কিয় বহুদলৰ ব্যৱস্থাক সমৰ্থন কৰা নহয়, নিৰ্বাচনী সমীক্ষা কিদৰে উলিয়াব পাৰি আদি বিভিন্ন বিষয়ত মন্তব্য কৰে শংকৰে ৷

US election 2020
আমেৰিকাৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচন
author img

By

Published : Nov 3, 2020, 8:39 PM IST

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত মীৰা শংকৰে ৷ আমেৰিকাৰ সমাজক কিদৰে বিভ্ৰান্ত কৰা হৈছে, ট্ৰাম্প আৰু বিডেনৰ পৃথক মতাদৰ্শ, আমেৰিকাত কিয় বহুদলৰ ব্যৱস্থাক সমৰ্থন কৰা নহয়, নিৰ্বাচনী সমীক্ষা কিদৰে উলিয়াব পাৰি আদি বিভিন্ন বিষয়ত মন্তব্য কৰে শংকৰে ৷

প্ৰশ্ন : বিশ্বৰ প্ৰাচীনতম গণতন্ত্ৰৰ নিৰ্বাচনৰ দিনটোত হিংসা আৰু উদ্বিগ্নতা সম্পৰ্কত যি আশংকাই দেখা দিছে তাক লৈ আপোনাৰ মতামত কি ?

স্পষ্টকৈ এয়া নজিৰবিহীন ৷ আমেৰিকাত এনে পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কোনেও চিন্তা কৰিব নোৱাৰে ৷ কিন্তু বৰ্তমানৰ ৰাষ্ট্ৰপতিৰ পৰা তেওঁলোকে ইতিমধ্যেই বহু নজিৰবিহীন ঘটনা প্ৰত্যক্ষ কৰিছে ৷ ডেম'ক্ৰেটসকলে প্ৰতাৰণাৰে নিৰ্বাচনৰ ফলাফল নিজৰ হাতলৈ আনিলে এনে ফলাফল গ্ৰহণ নকৰে বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পে মন্তব্য কৰিছিল ৷ সেয়েহে তেওঁৰ সমৰ্থকেও এনেধৰণৰ উন্মাদনা সৃষ্টি কৰাৰ চেষ্টা কৰিছে ৷ এজন ৰাষ্ট্ৰপতীয় প্ৰাৰ্থীয়ে এনে উন্মাদনাক নিৰ্বাচনী ৰণনীতি হিচাপে লোৱাৰ বাবে এই আশংকা অধিক বৃদ্ধি পাইছে ৷

প্ৰশ্ন : পূৰ্বে ইয়াতকৈও অধিক তিক্ত নিৰ্বাচনী হৈছিল যদিও 2020 চনৰ নিৰ্বাচন আমেৰিকাৰ ইতিহাসৰ বাবে প্ৰকৃত টাৰ্ণিং পইন্ট হিচাপে বিবেচিত হ'ব ?

হয়, দুয়োগৰাকী প্ৰাৰ্থীয়ে পৃথক দৃষ্টিভংগী দাঙি ধৰিছে ৷ সেয়া অৰ্থনৈতিক নীতি, স্বাস্থ্য সম্পৰ্কীয় বিষয়, পৰিৱেশ পৰিৱৰ্তন, শক্তিখণ্ডৰ নীতি অথবা বৈদেশিক নীতিয়েই কিয় নহওঁক ৷ বহু পৃথক দৃষ্টিভংগীৰ দুজন প্ৰাৰ্থী আমেৰিকাই লাভ কৰিছে ৷ নিজৰ দৃষ্টিভংগী সঠিক বুলি আমেৰিকাৰ নাগৰিকৰ ওচৰত প্ৰমাণিত কৰিবলৈ দুয়োগৰাকী প্ৰাৰ্থীয়েই সমানে চেষ্টা কৰিছে ৷ শেহতীয়া কিছু বছৰত আমেৰিকাক কিদৰে বিভ্ৰান্ত কৰিব পৰা গৈছে এয়া তাৰে প্ৰতিফলন ৷ অতীতত ডেম'ক্ৰেট আৰু ৰিপাব্লিকান দলে বৈদেশিক আৰু অৰ্থনৈতিক নীতিত উভয় পক্ষৰ সন্মতিৰে মিলিজুলি কাম কৰিছিল ৷ এতিয়াৰ দুই দল দুটা পৃথক দিশত অৱস্থান কৰিছে ৷ বিডেন এজন মধ্যস্থতাকাৰী ৷ বৰ্তমানলৈকে ট্ৰাম্পক পদচ্যুত কৰিবৰ বাবে ডেম'ক্ৰেটিক দল একগোট হৈ আছে ৷ বাওঁপন্থী বাৰ্নি চেণ্ডাৰছেও বিডেনকে সমৰ্থন আগবঢ়াইছে ৷ কিন্তু বিডেন যদি জয়ী হয় তেন্তে বাওঁপন্থীসকলক নিজৰ সৈতে ৰাখিবলৈ আৰু ৰিপাব্লিকান দলকো মিতাচাৰী কৰি ৰাখিবলৈ প্ৰচুৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তেওঁ ৷

প্ৰশ্ন : আমেৰিকাত বহুদলীয় ব্যৱস্থা কিয় নাই ?

মই ভাবো যে, দুইদলীয় ব্যৱস্থা নিয়ন্ত্ৰণত ৰাখিবলৈ তেওঁলোকৰ কষ্টকৰ হৈছে ৷ ৰাষ্ট্ৰপতি পদৰ বাবে থিয় দিবলৈ তেওঁলোকৰ নিৰ্দলীয় প্ৰাৰ্থীও থাকে ৷ অল গোৰেৰ সময়ত এয়া দেখা পোৱা গৈছিল ৷ হিলাৰীৰ বিৰুদ্ধে থিয় দিয়া নিৰ্দলীয় প্ৰাৰ্থীয়ে গ্ৰীণ পাৰ্টীৰ সমৰ্থন লাভ কৰিছিল ৷ কিন্তু আমেৰিকাৰ মূল ৰাজনীতি এই দুই দলৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে ৷ দুয়ো দলৰ মতামত সম্পূৰ্ণই পৃথক ৷ টি পাৰ্টী পৃথক নহয়, ৰিপাব্লিকান দলৰে অংশ ৷

প্ৰশ্ন : যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনী সমীক্ষাত বিডেন আগবাঢ়ি আছে তেনেস্থলত আমেৰিকাৰ নিৰ্বাচনী সমীক্ষক আৰু পণ্ডিতসকলৰ কেনেধৰণৰ ভূমিকা পালন কৰিছে ?

ৰাষ্ট্ৰীয় পৰ্যায়ত যিমানবোৰ নিৰ্বাচনী সমীক্ষা কৰা হৈছে সকলোতে বিডেন আগবাঢ়ি আছে ৷ যোৱা সপ্তাহত অথবা যোৱা 15 দিনত যিমানবোৰ এনে সমীক্ষা কৰা হৈছে সকলোতে বিডেনত 7.8 ৰ পৰা 10 ত আগস্থান লাভ কৰি আছে ৷ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতি কোন হ'ব সেয়া নিৰ্ধাৰণ কৰিবলৈ এয়া ভোটৰ গৰিষ্ঠতা নহয় ৷ ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনৰ পৰা এয়া অনুমান লগোৱা হৈছে ৷ যোৱাবাৰ ট্ৰাম্পতকৈ 3 মিলিয়ন অধিক জনপ্ৰিয়তাৰ ভোট লাভ কৰিও মূল নিৰ্বাচনত পৰাস্ত হৈছিল হিলাৰী ৷ কিন্তু তেওঁ নিৰ্বাচনী কলেজ ভোট কমকৈ লাভ কৰাৰ বাবেও পৰাস্ত হৈছিল ৷ তেওঁ পেনছিলভেনিয়া, মিছিগান, উইছকনছিনৰ ভোট লাভ কৰিবলৈ অসমৰ্থ হৈছিল ৷ এই ক্ষেত্ৰত ট্ৰাম্পে বাজি মাৰিবলৈ সক্ষম হৈছিল ৷ আমেৰিকাত এনে কিছুমান সমষ্টি আছে যিবোৰ গোলকীয়কৰণৰ পৰা এতিয়াও আঁতৰত ৷ ইয়াৰ ফলত চীনলৈ চাকৰি উৎপাদন আৰু ভাৰতলৈ অন্যান্য IT আৰু ছফ্টৱেৰৰ চাকৰিসমূহ হস্তান্তৰ কৰা হৈছে ৷ এই সমষ্টিটোৱে গোলকীয়কৰণৰ দ্বাৰা অতি বেয়াকৈ প্ৰভাৱাম্বিত হৈছে সেয়েহে তেওঁলোকে ট্ৰাম্পক সমৰ্থন জনাইছিল ৷ ইয়াত হিলাৰীতকৈ বিডেনৰ সক্ষমতা অলপ বেছি কিয়নো তেওঁ নিজেই শ্ৰমিক শ্ৰেণীৰ মানুহ ৷ সেয়েহে মিছিগান, উইছকনছিনত বিডেন নিৰ্বাচনী সমীক্ষাত আগবাঢ়ি আছে ৷ আনহাতে, পেনছিলভেনিয়াত তেওঁ 5.5 শতাংশলৈ নামিছে ৷ সেই হিচাপত ফ্লৰিডা আৰু জৰ্জিয়াত বিডেন আগবাঢ়ি আছে 2 শতাংশতহে ৷ এনে দিশবোৰতে ট্ৰাম্পে বাজি মাৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.