ETV Bharat / international

ইৰান সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাৱধানবাণী ইউনেস্ক'ৰ

author img

By

Published : Jan 7, 2020, 10:04 PM IST

ইৰানৰ কুৱাড ফৰ্চৰ প্ৰধান মেজৰ জেনেৰেল কাছেম ছুলেইমানিৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিলে আমেৰিকাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব ৷ ইৰানৰ 52 টাকৈ স্থানত আক্ৰমণৰ হুংকাৰ দিয়া আমেৰিকাক অৱশেষত সাৱধানবানী প্ৰদান কৰে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্ক'ই ৷

ইউনেস্ক'ৰ প্ৰধান আদ্ৰে আজৌলে
আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাৱধানবাণী ইউনেস্ক'ৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 7 জানুৱাৰীঃ ইৰান সন্দৰ্ভত আমেৰিকাক সাৱধানবাণী ইউনেস্ক'ৰ ৷ ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্ক'ৰ প্ৰধান আদ্ৰে আজৌলেই আমেৰিকাৰ ৰাষ্ট্ৰপতিক ইৰান সন্দৰ্ভত কৰা মন্তব্যৰ বাবে সাৱধানবাণী প্ৰদান কৰে ৷

শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰানৰ 52 টাকৈ সাংস্কৃতিক স্থানত আক্ৰমণ সংঘটিত কৰাৰ হুংকাৰ প্ৰদান কৰিছিল ৷ ইৰানৰ ইছলামিক ৰিভলিউশ্বনাৰী গাৰ্ড কপছৰ অধীনস্থ কুৱাড ফৰ্চৰ প্ৰধান মেজৰ জেনেৰেল কাছেম ছুলেইমানিৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিলে আমেৰিকাই ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু আছে আৰু ইয়াৰ বাবে ইৰানৰ 52 টাকৈ স্থান চিনাক্ত কৰি থোৱা হৈছে বুলি কৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৷

সোমবাৰে ইউনেস্ক'ৰ প্ৰধান আজৌলেই ৰাষ্ট্ৰসংঘত থকা ইৰানৰ ৰাষ্ট্ৰদূত আহমেদ জালালিৰ সৈতে বাৰ্তালাপত মিলিত হৈ মধ্যপ্ৰাচ্যৰ দেশখনৰ সাংস্কৃতিক ঐতিহ্যপূৰ্ণ স্থানসমূহৰ বিষয়ে আলোচনা কৰে ৷ আমেৰিকাই ইৰানৰ এইসমূহ স্থান ধ্বংস কৰাৰ বাবে সেনাক ব্যৱহাৰ কৰিবলৈ সাজু বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিচতেই ইউনেস্ক'ৰ প্ৰধানগৰাকীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাৱধানবাণী প্ৰদান কৰে ৷ ইৰানৰ লগতে আমেৰিকাই ইউনেস্ক'ৰ বহুকেইখন সাংস্কৃতিক সমাৱৰ্তনত ইতিমধ্যেই অংশীদাৰিত্ব ৰাখিছে ৷ আমেৰিকাই ইয়াৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 2347 প্ৰস্তাৱনাকো ভংগ কৰা বুলি অভিযোগ কৰি এনেকুৱা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সাৱধানবাণী প্ৰদান কৰে আজৌলেই ৷

আৰু পঢ়ক : আমেৰিকা-ইৰাণৰ সংঘাত আৰু ভাৰতবৰ্ষ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.