ETV Bharat / international

নাইজেৰিয়াত সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত : নিহত সাত

author img

By

Published : Feb 22, 2021, 10:53 AM IST

যান্ত্ৰিক বিজুতিৰ ফলত নাইজেৰিয়াত সেনা বিমান দুৰ্ঘটনাগ্ৰস্ত । ফলত নিহত সাতজনকৈ লোক । ৰাজধানী আবুজাৰ পৰা মিন্না চহৰ অভিমুখে উৰা মৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ।

নাইজেৰিয়াত সেনা বিমান দুৰ্ঘটনাগ্ৰস্তঃ নিহত সাত

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী: দেওবাৰে নাইজেৰিয়াত সংঘটিত হয় এক শোকাৱহ বিমান দুৰ্ঘটনা । ফলত নিহত হয় সাতজন । কিং এয়াৰ ৩৫০ সেনাৰ এই বিমানখনে নাইজেৰিয়াৰ ৰাজধানী আবুজা বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটে বিমানখনৰ । তাৰ পাচতে বিমানখন পুনৰ উভতি আহিবলৈ চেষ্টা কৰে । এখ কথা নাইজেৰিয়াৰ বায়ু সেনাৰ মুখপাত্ৰ ইবিকুনলে দাৰামোলাই টুইটযোগে জনায় ।

দুৰ্ভাগ্যবশতঃ সাতজনৰ মৃত্যু হোৱা বুলি শোক ব্যক্ত কৰে মুখপাত্ৰ গৰাকীয়ে । বিমান মন্ত্ৰী হাদি চিৰিকাও এই ঘটনোৰ শোকব্যক্ত কৰে । দুৰ্ঘটনা সন্দৰ্ভত সেনাই তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ।

উল্লেখ্য যে, দুৰ্ঘটনাত পতিত বিমানখন আবুজাৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বতত অৱস্থিত মিন্না চহৰ অভিমুখে ৰাওনা হোৱাৰ সময়তে এই ভয়াৱহ দুৰ্ঘটনাতো সংঘটিত হয় ।

লগতে পঢ়ক:নিমিষতে ধ্বংসস্তূপত পৰিণত ডনাল্ড ট্ৰাম্পৰ কেচিন'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.