ETV Bharat / international

ইথিয়োপিয়াত সশস্ত্ৰ বাহিনীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৭ লৈ বৃদ্ধি - মানৱ অধিকাৰ আয়োগ

ইথিয়োপিয়াৰ বেনিশাংগুল-গামুজত মঙলবাৰে নিশা সশস্ত্ৰ বাহিনীৰ লোকে একাংশ বাসিন্দাক শুই থকা অৱস্থাত বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে গুলিয়াই হত্যা কৰিছিল ।

Death toll in Ethiopia armed attack climbs to 207
ইথিয়োপিয়াত সশস্ত্ৰ বাহিনীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৭ লৈ বৃদ্ধি
author img

By

Published : Dec 26, 2020, 10:50 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ: আদিছ আবাবাৰ ইথিয়োপিয়াৰ বেনিশাংগুল-গামুজত সশস্ত্ৰ বাহিনীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৭ লৈ বৃদ্ধি পাইছে ৷ দেশৰ সংঘ অধিকাৰ গোটে প্ৰকাশ কৰে এই কথা । ইথিয়োপিয়াৰ মানৱ অধিকাৰ আয়োগে প্ৰকাশ কৰে অনুসৰি নিহতসকল 133 জন পুৰুষ, 35 গৰাকী মহিলা, 20 গৰাকী বৃদ্ধ ব্যক্তিৰ লগতে 17 টা শিশুও আছে ৷

ইথিয়োপিয়াৰ বেনিশাংগুল-গামুজত মঙলবাৰে নিশা সশস্ত্ৰ বাহিনীৰ লোকে একাংশ বাসিন্দাক শুই থকা অৱস্থাত বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে গুলিয়াই হত্যা কৰিছিল । সিন্হুৱা সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ কৰা মতে, নিহত লোকসকলক পৰিচয় পত্ৰ আৰু জীৱিত লোকৰ সহযোগত চিনাক্ত কৰাৰ চেষ্টা কৰা হৈছে ৷ তদুপৰি নিহত লোকসকলৰ চিনাক্তকৰণ, পঞ্জীয়ন আৰু শেষকৃত্য প্ৰক্ৰিয়াৰ বাবে আৰক্ষী, আঞ্চলিক কৰ্তৃপক্ষ আৰু জেনেৰেল এট'ৰ্নি কাৰ্যালয়ৰ সদস্যসকলক লৈ এখন সমিতি এখন গঠন কৰা হৈছে ।

আনহাতে মানৱ অধিকাৰ আয়োগে বেনিশাংগুল-গাজুজ অঞ্চলৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত প্ৰাসঙ্গিক কৰ্তৃপক্ষৰ লগত নিৰীক্ষণ কৰি আছে ৷ ইয়াৰ লগতে বুলেন চহৰত গৃহহীন সহস্ৰাধিক লোকক প্ৰাথমিক বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানত আশ্ৰয়ৰ ব্যৱস্থা কৰা হৈছে ৷ আয়োগে প্ৰাসঙ্গিক কৰ্তৃপক্ষক এই লোকসকলক জৰুৰীভাৱে প্ৰয়োজনীয় মানৱীয় সহায় প্ৰদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: বিবাহবাৰ্ষিকীত চন্দ্ৰত ভূমি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.