ETV Bharat / international

1,79,000 লৈ বৃদ্ধি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা : বিশ্ব স্বাস্থ্য সংস্থা

author img

By

Published : Mar 18, 2020, 2:07 PM IST

দিনক দিনে বিশ্বত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত সংখ্যা ৷ মঙলবাৰ পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 1,79,000 লৈ বৃদ্ধি ৷

1,79,000 লৈ বৃদ্ধি কৰ'ণাভাইৰাছত আক্ৰান্তৰ সংখ্যা
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন

ইন্টাৰনেশ্যনেল ডেস্ক, 18 মাৰ্চ : মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাই কৰ'ণা ভাইৰাছ সম্পৰ্কত প্ৰদান কৰা প্ৰতিবেদন অনুসৰি, কালিৰ দিনটোত প্ৰায় 11,500 লোক নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰ ফলত সমগ্ৰ বিশ্বত এই ৰোগত আক্ৰান্তৰ সংখ্যা 1,79,000 লৈ বৃদ্ধি পাইছে ৷

মঙলবাৰে প্ৰায় 475 জন লোকে কৰ'ণা ভাইৰাছত প্ৰাণ হেৰুওৱাৰ ফলত বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 7,426 লৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, 8 খন নতুন ৰাষ্ট্ৰ - আফ্ৰিকাৰ তিনিখন,ভূমধ্য সাগৰীয় এখন,আমেৰিকাৰ তিনিখন আৰু পশ্চিম প্ৰান্তৰ এখন ৰাষ্ট্ৰ নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এক প্ৰতিবেদন অনুসৰি, "COVID-19 ৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণৰ বাবে যাত্ৰা, পৰিবহণ আৰু পৰ্যটন ক্ষেত্ৰৰ সৈতে একগোট হৈ কাম কৰিবলৈ সাজু হৈছে ৷"

আৰু পঢ়ক : গোলাঘাটত কাঠ ভৰ্তি দুখন ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.