ইন্টাৰনেশ্যনেল ডেস্ক,26 ডিচেম্বৰ: নাইজেৰিয়াৰ কৱাৰাত সংঘটিত এক পথ দুৰ্ঘটনাত 10 গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে 16 গৰাকী লোক আহত হোৱাৰ কথা সদৰি কৰিছে নাইজেৰিয়াৰ পথ সুৰক্ষা আৰক্ষীয়ে ৷ ঘটনা অনুসৰি নাইজেৰিয়াৰ ৰাজধানী অবুজাৰ ইডোফিয়ান-ইলোৰিন পথত দুখন বাহনৰ মুখামুখী সংঘৰ্ষ হয় ৷ ইয়াৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ ফলত 10 জনকৈ লোক অগ্নিদগ্ধ হৈ নিহত হয় ৷
কৱাৰাৰ পথ সুৰক্ষা বিষয়া জনাথন ৱাদেই জনায় যে, দুৰ্ঘটনাটোত 10 জনকৈ লোক নিহত হৈছে ৷ ইয়াৰ ভিতৰত কেইজনৰ মান ব্যক্তিৰ চিনাক্তকৰণ সম্ভৱ হোৱা নাই ৷ ইয়াৰ উপৰিও 16 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে ৷ বাহন কেইখনৰ অত্যাধিক গতিবেগ আৰু অভাৰটেকৰ বাবে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱা বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ৷
ইতিমধ্যে আহত লোকসকলক ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক-সন্ত্ৰাসবাদী সংগঠন হামাছৰ ৰকেট আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ইজৰাইলে