ইন্টাৰনেশ্যনেল ডেস্ক, 16 নৱেম্বৰ : ইথিওপিয়াৰ মানৱ অধিকাৰ আয়োগে (EHRC) জানিবলৈ দিয়া অনুসৰি, দেশখনত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত নিহত হৈছে 34 গৰাকী লোক ৷ সংবাদ প্ৰতিষ্ঠান জিনহোৱালৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত EHRC য়ে কয় যে, ইথিওপিয়াৰ পশ্চিমীয়া বেনিশানগুল-গুমুজ অঞ্চলত এই আক্ৰমণ সংঘটিত হয় ৷
বেনিশানগুল-গুমুজ অভিমুখী যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ফলত 34 জনকৈ লোক নিহত হয় ৷ বিবৃতিত আক্ৰমণকাৰী সংগঠনৰ নাম উল্লেখ নকৰাৰ লগতে আক্ৰমণৰ কাৰণো দৰ্শোৱা নাই ৷
উল্লেখ্য যে, বেনিশানগুল-গুমুজ অঞ্চলত গোষ্ঠীগত সংঘৰ্ষ সঘনে হোৱাৰ ফলত প্ৰায় 100 ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে হাজাৰোধিক লোকে সেই স্থান এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে ৷ বিশেষকৈ বিদ্যুৎ আৰু ভূমি বিবাদৰ বাবেই সংঘৰ্ষ সংঘটিত হৈ আহিছে ইথিওপিয়াৰ এই অঞ্চলটোত ৷
লগতে পঢ়ক : মাৰ্কিন বজাৰৰ পৰা ঔষধ ঘূৰাই ল’লে ভাৰতীয় প্ৰতিষ্ঠানে