ETV Bharat / international

ছোমালিয়াত বোমা বিস্ফোৰণত ৩ জন নিহত - আত্মঘাতী বোমা বিস্ফোৰণ

ছোমালিয়াৰ ৰাজধানী মগাদিছুত আত্মঘাতী বোমা বিস্ফোৰণত ৩ জন নিহত । ছোমালিয়াৰ সন্ত্ৰাসবাদী সংগঠন আল-শ্ববাবে বিস্ফোৰণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে ।

ছোমালিয়াত বোমা বিস্ফোৰণত ৩ জন নিহত
ছোমালিয়াত বোমা বিস্ফোৰণত ৩ জন নিহত
author img

By

Published : Jan 2, 2021, 9:15 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ জানুৱাৰী: ছোমালিয়াৰ ৰাজধানী মগাদিছুত আত্মঘাতী সংঘটিত বোমা বিস্ফোৰণ । এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ছোমালিয়াৰ সন্ত্ৰাসবাদী সংগঠন আল-শ্ববাবে । আত্মঘাতী বোমা বিস্ফোৰণ ৩ জন লোক নিহত হৈছে । শনিবাৰে ছোমালিয়াৰ নিউজ প'ৰ্টেল গাৰ'ৱে অনলাইনযোগে এই কথা প্ৰকাশ কৰিছে । মগাদিছুৰ দক্ষিণ দিশত টাৰ্মেক পথ নিৰ্মাণৰ কাম কৰি থকা তুৰ্কী নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অভিযন্তাৰ দলক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল ।

আল-শ্ববাবে স্বীকাৰ কৰা মতে, বিস্ফোৰণত এজন তুৰ্কী বিষয়া, দুগৰাকী ছোমালিয়ান আৰক্ষী বিষয়াৰ মৃত্যু হৈছে । আফগয়ে আৰু মগাদিছুক সংযোগ কৰা পথ এটা নিৰ্মাণৰ কাম কৰি আছিল তুৰ্কী নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অভিযন্তাসকলে । ১৯৯০ চনত সশস্ত্ৰ সংগঠনসমূহৰ মাজত গৃহ যুদ্ধ আৰম্ভ হোৱাৰ পৰা ছোমালিয়াত অশান্ত পৰিস্থিতিয়ে বিৰাজ কৰে ।

লগতে পঢ়ক:নৱবৰ্ষৰ প্ৰথমটো দিনতে হণ্ডুৰাছত ১৮ জনক হত্য়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.