ETV Bharat / international

কাৰাগাৰত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ, পলাল 1800 কাৰাবন্দী - আৰক্ষী জোৱানৰ মৃত্যু

নাইজেৰিয়াৰ এখন কাৰাগাৰত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ ৷ নাইজেৰিয়াৰ ইমো ৰাজ্যৰ ওবেৰি অঞ্চলৰ এখন কাৰাগাৰত বন্দুকধাৰীয়ে অত্যাধুনিক মাৰণাস্ত্ৰ, বিস্ফোৰক সামগ্ৰীৰে আক্ৰমণ চলায় ৷ যাৰ ফলত জেলখনত বন্দী হৈ থকা প্ৰায় 1800 কাৰাবন্দী পলাবলৈ সক্ষম হয় ৷

1,800 inmates escape Nigeria prison after gunmen attack
কাৰাগাৰত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ, পলাল 1800 কাৰাবন্দী
author img

By

Published : Apr 7, 2021, 7:32 PM IST

নিউজ ডেস্ক, 7 এপ্ৰিল : নাইজেৰিয়াৰ এখন কাৰাগাৰত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ ৷ সোমবাৰে নিশা 2 মান বজাত এখন জেলত বন্দুকধাৰীয়ে অত্যাধুনিক মাৰণাস্ত্ৰ, বিস্ফোৰক সামগ্ৰীৰে কাৰাগাৰৰ দেৱালত আক্ৰমণ চলাই ভাঙি পেলায় ৷ যাৰ ফলত কাৰাগাৰ খনত বন্দী হৈ থকা প্ৰায় 1800 কাৰাবন্দী পলাবলৈ সক্ষম হয় ৷ নাইজেৰিয়াৰ ইমো ৰাজ্যৰ ওবেৰি অঞ্চলৰ কাৰাগাৰ খনত আৰম্ভ হোৱা এই আক্ৰমণ প্ৰায় দুঘণ্টা ধৰি অব্যাহত থাকে ৷

উক্ত ঘটনাৰ পাছতে কাৰাগাৰৰ এগৰাকী মুখপাত্ৰই কয় যে, পলাই যোৱা কাৰাবন্দী সকলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰখা হৈছে ৷

উল্লেখ্য যে, মাত্ৰ দুই সপ্তাহ পূৰ্বে নাইজেৰিয়াৰ চাৰিখনকৈ আৰক্ষী থানা, পহৰা চকী আৰু কাৰাবন্দী কঢ়িয়াই নিয়া বাহনত বন্দুকধাৰীয়ে আক্ৰমণ চলাইছিল ৷ য‘ত কেবাগৰাকীও আৰক্ষী জোৱানৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক : হাবল স্পেছ টেলিস্কোপত পৰিস্ফূট হ'ল ডাবল কোৱাছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.