ETV Bharat / international

নাইজেৰিয়াত সুৰক্ষাকৰ্মীৰ গুলীত নিহত 12 প্ৰতিবাদকাৰী

author img

By

Published : Oct 22, 2020, 5:18 PM IST

বুধবাৰে নাইজেৰিয়াৰ লাগোছত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই অহা দুটাকৈ বৃহৎ সমদলত ভাগ লোৱা প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰা গুলীবৰ্ষণত 12 গৰাকীকৈ লোক নিহত হোৱা বুলি এমনেষ্টী ইন্টাৰনেচনেলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

12 demonstrators shot dead by security forces in Nigeria
নাইজেৰিয়াত সুৰক্ষাকৰ্মীৰ গুলীত নিহত 12 প্ৰতিবাদকাৰী

নিউজ ডেস্ক, ২২ অক্টোবৰঃ বুধবাৰে নাইজেৰিয়াৰ লাগোছত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল দুটাকৈ বৃহৎ প্ৰতিবাদকাৰী দল ৷ এই সমদলত ভাগ লোৱা প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰা গুলীবৰ্ষণত 12 গৰাকীকৈ লোক নিহত হোৱা বুলি এমনেষ্টী ইন্টাৰনেচনেলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

কেইবাজনো সাক্ষীয়ে দিয়া ভাষ্য মতে, মঙ্গলবাৰে নিশা নাইজেৰিয়াৰ সৰ্ববৃহৎ চহৰৰ লেককিত কেইবা ঘণ্টা পূৰ্বে জাৰি কৰা সান্ধ্য আইন অবজ্ঞা কৰি সমবেত হোৱা প্ৰতিবাদকাৰী সকলৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে ।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি গুলীচালনা কৰাৰ সময়ত সহশ্ৰাধিক লোক সেই স্থানত উপস্থিত আছিল ৷ সাক্ষীয়ে দিয়া লোক সকলৰ মতে, স্থানীয় সময় অনুসৰি সন্ধিয়া 7 মান বজাত এই ঘটনা সংঘটিত হৈছিল ৷

#EndSARS আৰক্ষী বিশেষ ডকাইতি-প্ৰতিৰোধী স্কোৱাড বন্ধ কৰাৰ বাবে নাইজেৰিয়াৰ চৰকাৰক দাবী কৰাৰ মাজতে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ কিন্তু নাইজেৰিয়াত উন্নত শাসনৰ বাবে সম্প্ৰতি এয়া বিস্তৃত ভাৱে কৰা দাবীলৈ পৰিণত হৈছে ।

এমনেষ্টী ইণ্টাৰনেচনেলে প্ৰকাশ কৰে যে, "লাগোছৰ লেককি টোল গেটত নিৰাপত্তাৰক্ষীয়ে কৰা গুলীচালনাত প্ৰতিবাদকাৰী সকলৰ 12 গৰাকীকৈ লোক মৃত্যু হোৱাৰ সময়ত নিৰাপত্তাৰক্ষীৰ দ্বাৰা বলৰ অত্যাধিক প্ৰয়োগৰ প্ৰমাণ লাভ কৰিছে আৰু সেয়ে এই ঘটনাৰ অনুসন্ধান অব্যাহত আছে।

আনহাতে, এক টুইটাৰ পোষ্টত নাইজৰিয়ান সেনাই কয় যে, মঙ্গলবাৰে হোৱা উক্ত ঘটনাত কোনো নাইজেৰিয়ান সৈন্য উপস্থিত নাছিল ।

লগতে পঢ়ক: স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.