ETV Bharat / headlines

১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?

author img

By

Published : Jun 19, 2020, 5:44 PM IST

দক্ষিণ শ্লোভেনিয়াত থকা 'Postojna Cave'ত বহু পৰ্যটকৰ আগমণ হয় আৰু পৰ্যটকসকলে ড্ৰেগন পোৱালিবোৰ পৰ্যবেক্ষণ কৰিব পাৰে আৰু গুহাৰ ভিতৰেৰে ট্ৰেইন যাত্ৰা কৰিব পাৰে। ইয়াৰ লগতে পোন প্ৰথমবাৰৰ বাবে গুহাটোত এটা একুৱাৰিয়ামত তিনিটা ড্ৰেগন পোৱালি পৰ্যটকৰ আকৰ্ষণৰ বাবে ৰখাৰ ব্যৱস্থা কৰিছে ।

পৌৰাণিক শিশু গুহা ড্ৰেগনৰ পৰিচয়
পৌৰাণিক শিশু গুহা ড্ৰেগনৰ পৰিচয়

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ জুন : ক্ষুদ্ৰ অন্ধ গুহাত বাস কৰা এবিধ প্ৰাণী অল্মছ, যাৰ মূৰত সংবেদনশীল অংগ আছে । বাহ্য়িক শ্বাসতন্ত্ৰ প্ৰয়োগ কৰি উশাহ-নিশাহ লোৱা অল্মছে কেৱল ৩০ ছেন্টিমিটাৰ দৈৰ্ঘৰ হয় আৰু জন্মৰ পৰাই সিহত ৪ বছৰ বয়সৰ হয় । এই ড্ৰেগন পোৱালিয়ে ১০০ বছৰ জীয়াই থাকিব পাৰে, ১২ বছৰ কাল খাদ্য নোখোৱাকৈ থাকিব পাৰে আৰু অংগসমূহৰ পুনৰ জন্ম দিব পাৰে ।

১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?

দক্ষিণ শ্লোভেনিয়াত থকা এই Postojna Caveত বহু পৰ্যটকৰ আগমণ হয় আৰু পৰ্যটকসকলে ড্ৰেগন পোৱালিবোৰ পৰ্যবেক্ষণ কৰিব পাৰে আৰু গুহাৰ ভিতৰেৰে ট্ৰেইন যাত্ৰা কৰিব পাৰে । ইয়াৰ লগতে পোন প্ৰথমবাৰৰ বাবে গুহাটোত এটা একুৰিয়ামত তিনিটা ড্ৰেগন পোৱালি পৰ্যটকৰ আকৰ্ষণৰ বাবে ৰখাৰ ব্যৱস্থা কৰিছে । গুহাৰ প্ৰবন্ধকে এদিনত এক বিশেষ ভিআইপি যাত্ৰাৰ মুকলি কৰে,যত নাৰ্চাৰী একুৰিয়াম পৰ্যবেক্ষণৰ সুবিধা আছে । এই বিশেষ ভিআইপি যাত্ৰা গুহাটোত উপলব্ধ অন্য যাত্ৰাতকৈ কিছু পৃথক । Katarina Kanduc হৈছে এগৰাকী গৱেষক আৰু জীৱবিজ্ঞানী,যিয়ে এইবিধ ড্ৰেগন পোৱালি সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছে ।

পৌৰাণিক শিশু গুহা ড্ৰেগনৰ পৰিচয়
পৌৰাণিক শিশু গুহা ড্ৰেগনৰ পৰিচয়

২০১৬ চনত এটি ডাঙৰ প্ৰদৰ্শনী একুৰিয়ামত ৬৪ কেজি ওজনৰ অল্মছৰ কণী ৰখা হৈছিল । বিজ্ঞানীসকলে সদৰী কৰা মতে,এয়া প্ৰথমবাৰ য'ত মানুহে অল্মছৰ জন্ম দিবলৈ এনেকৈ কণী ৰাখিছিল । উল্লেখ্য যে,শ্লোভেনিয়াত কৰ'ণা মহামাৰীৰ প্ৰকোপৰ বাবে গুহাটো বন্ধ কৰি ৰখা হৈছিল আৰু ১১ জুনত পুনৰ পৰ্যটকৰ বাবে খুলি দিয়া হয় গুহাৰ দুৱাৰ ।

"Meet the Baby Dragons" এই যাত্ৰাত প্ৰয়োগশালাত থকা ২১ টা পোৱালি অল্মছৰ ভিতৰত তিনিটা দেখুওৱা হ'ব । গুহাটোৰ অধ্যক্ষ Marjan Batageljয়ে জনোৱা মতে,ড্ৰেগন পোৱালিৰ অসুবিধা নোহোৱাকৈ প্ৰতিদিনে একোটা পৰ্যটকৰ দলত ৩০ জন ব্যক্তিহে সীমিত কৰা হৈছে ।

পোৱালি অল্মছবোৰৰ ২০০,০০০ ঘণ্টাৰো অধিক সময় ইনফ্ৰাৰেড কেমেৰাৰ ভিডিঅ ফুটেজ সংগ্ৰহ কৰা হৈছে । এই প্ৰজাতিৰ ন ন তথ্য উদঘাটন এক বিশাল উৎস হিচাপে ধৰা হৈছে আৰু ভিডিঅ ৰেকৰ্ডত অল্মছৰ অংগৰ পুনঃজনমৰ দৃশ্যও অন্তৰ্ভুক্ত হৈ আছে ।

লগতে পঢ়ক : মেপ সলনি কৰাৰ সংবিধান সংশোধনী বিধেয়কত স্বাক্ষৰ নেপালৰ ৰাষ্ট্ৰপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.