ETV Bharat / headlines

ব্যক্তিগত হাস্পতালসমূহত কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ নিৰ্দেশ চৰকাৰৰ

author img

By

Published : Jun 21, 2020, 1:21 PM IST

কৰ্ণাটকত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা হেতুকে কৰ্ণাটকৰ ব্যক্তিগত হাস্পতালসমূহত ৰোগীসকলৰ চিকিৎসা সম্পন্ন কৰিব পৰা যাব বুলি শনিবাৰে নিৰ্দেশনা জাৰি কৰে কৰ্ণাটক চৰকাৰে । ৰাজ্যখনত থকা মুঠ ৫১৮ খন ব্যক্তিগত হাস্পতালক আয়ুষ্মান ভাৰত আৰোগ্য কৰ্ণাটক যোজনা (ABArK)ৰ অধীনত আঁওতালৈ অনা হৈছে ।

ব্যক্তিগত হাস্পতালসমূহত কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ নিৰ্দেশ কৰ্ণাটক চৰকাৰৰ

নেশ্যনেল ডেস্ক, ২১ জুনঃ কৰ্ণাটকৰ ব্যক্তিগত হাস্পতালসমূহত কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসা সম্পন্ন কৰিব পৰা যাব । শনিবাৰে এই নিৰ্দেশনা জাৰি কৰে কৰ্ণাটক চৰকাৰে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে কৰ্ণাটকত চৰকাৰী স্বাস্থ্য প্ৰাধিকৰণৰ দ্বাৰা আয়ুষ্মান ভাৰত আৰোগ্য কৰ্ণাটক যোজনা (ABArK)ৰ অধীনত সুৱৰ্ণ আৰোগ্য সুৰক্ষা ট্ৰাষ্ট (SAST)ৰ সৈতে ব্যক্তিগত হাস্পতালসমূহক কোভিড-১৯ ৰোগীসকলৰ চিকিৎসাৰ নিৰ্দেশ দিয়ে ।

ৰাজ্যখনত থকা মুঠ ৫১৮ খন ব্যক্তিগত হাস্পতালক আয়ুষ্মান ভাৰত আৰোগ্য কৰ্ণাটক যোজনা (ABArK)ৰ অধীনত আঁওতালৈ অনা হৈছে । বাংগালুৰুত ব্যক্তিগত হাস্পতালৰ সংখ্যা ৪৪ খন ।

চৰকাৰৰ দ্বাৰা সময়ে-সময়ে উপলব্ধ চিকিৎসা প্ৰটকলসমূহ ব্যক্তিগত হাস্পতালসমূহেও ব্যৱহাৰ কৰিব পাৰিব । লগতে ৰোগীৰ চিকিৎসাৰ বাবে হাস্পতালসমূহলৈ উচিত পেকেজৰ যোগান ধৰা হ'ব ।

উল্লেখ্য যে, কৰ্ণাটকত শনিবাৰলৈ কোভিড-১৯ত আক্ৰান্তৰ মুঠ সংখ্যাই ৩০০০ৰ অতিক্ৰম কৰে আৰু মৃত্যুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি পায় ।

লগতে পঢ়ক : দিল্লীত COVID-19ত আক্ৰান্তৰ সংখ্যা 56 হাজাৰলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.