ETV Bharat / headlines

কুৱাৰেন্টাইনত থকা দৰিদ্ৰ লোকৰ মাজত সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেছনৰ - quarantine centre

বিলাসীপাৰাত জমিয়তৰ অসম ৰাজ্যিক সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰ উদ্দিন আজমলৰ প্ৰশংসনীয় পদক্ষেপ । কুৱাৰেন্টাইনত থকা ১৬০ জন দৰিদ্ৰ লোকৰ মাজত আঠুৱা আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ ।

goods distribut at Bilasipara quarantine centre

author img

By

Published : Jun 6, 2020, 1:32 PM IST

বিলাসীপাৰা, ৬ জুনঃ কৰোনা মহামাৰীয়ে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাতো ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে । কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা প্ৰায় প্ৰত্যেক দিনেই বৃদ্ধি হৈছে বিলাসীপাৰাত । কুৱাৰেন্টাইন হৈ আছে শ শ লোক । এনে সময়তে শনিবাৰে বিলাসীপাৰাৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয় কুৱাৰেন্টাইন কেন্দ্ৰত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ধুবুৰীৰ সাংসদ মৌলানা বদৰউদ্দিন আজমল তথা আজমল ফাউণ্ডেছনে ।

goods distribut at Bilasipara quarantine centre
বিলাসীপাৰাত কুৱাৰেন্টাইনত থকা দৰিদ্ৰ লোকৰ মাজত সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেছনৰ

আজমল ফাউণ্ডেছনে কেন্দ্ৰটোত কুৱাৰেন্টাইন হৈ থকা প্ৰায় ১৬০ জন দৰিদ্ৰ লোকৰ মাজত আঠুৱা, খোৱা বস্তু আদিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে । এই অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ সময়ত কেন্দ্ৰটোত উপস্থিত থাকে চাপৰ জিলা জমিয়তৰ সভাপতি, সম্পাদকৰ লগতে বিলাসীপাৰাৰ যুৱ সমাজ কৰ্মী ফজৰ আলী মণ্ড আৰু আবু হানিফা । মৌলানা বদৰউদ্দিন আজমল আৰু আজমল ফাউণ্ডেশনৰ এই পদক্ষেপক কৃতজ্ঞতা জনাইছে কুৱাৰেন্টানত থকা ব্যক্তিসকলৰ লগতে বিলাসীপাৰাৰ সচেতন মহলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.