ৱাশ্বিংটন, ১৮ ডিচেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ উত্তৰ পূৱ প্ৰান্তত এসপ্তাহত শীতকালীন ধুমুহাৰ ফলত প্ৰায় ৫ জন লোকৰ মৃত্যু হয় । মাৰ্কিন বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰে প্ৰকাশ কৰে এই কথা । আনহাতে ডব্লিউবিবিফ টিভিত প্ৰকাশ হোৱা এটা বাতৰি অনুসৰি, মেৰিলেণ্ডৰ বাটিমোৰাৰ বিডব্লিউআই মাৰ্শ্বেল বিমানবন্দৰত স্পিৰিট এয়াৰলাইনছৰ এখন বিমান সুৰক্ষিতভাৱে অৱতৰণ কৰাৰ পিছত টেক্সিৱেৰ পৰা পিছলি পৰে । বিমানখনত ১১১ জন যাত্ৰীয়ে যাত্ৰা কৰিছিল । অৱশ্যে বিমানখনৰ কোনো যাত্ৰী হতাহত হোৱা নাই ।
নিউয়ৰ্কত ধুমুহা ফলত দুজন লোকৰ মৃত্যু হয় । গৱৰ্ণৰ এণ্ড্ৰিউ কেমুৱে বৃহস্পতিবাৰে প্ৰকাশ কৰে এই কথা । ইপিনে বুধবাৰে পেনচিলভেনিয়াৰ ক্লিণ্টন কাণ্ট্ৰীত ইণ্টাৰটেষ্ট ৮০ত ১১ জন যাত্ৰীসহ কমেও ৬৬ খন বাহন এটা স্তূপৰ মাজত আৱদ্ধ হৈ পৰে । আৰক্ষীয়ে সদৰি কৰা মতে, এই স্তূপত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয় । ট্ৰেংকাৰ আৰু ট'ট ট্ৰাকে বাহনসমূহ আঁতৰাবলৈ কাম কৰাৰ বাবে পথটো বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা বন্ধ হৈ থাকে ।
লগতে চাওকঃ অসম কৃষি বিশ্ববিদ্যালয়ত সংযোজন এনচিচি