নেশ্যনেল ডেস্ক, ২৯ জুন : মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দেওবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ছত্তীশগড়ৰ জনসম্ভাৰ অনুষ্ঠান সম্বোধন কৰি কংগ্ৰেছলৈ আঙুলি টোৱাই কয় যে, ‘’দেশবাসীয়ে জানিব বিচাৰে ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনে ‘চীনৰ পৰা কিয় টকা লৈছিল’? এই সম্পৰ্কে ছোনিয়া গান্ধীয়ে দেশবাসীক সঁচা কোৱা উচিত । তেওঁলোকে চীনৰ পৰা অনুদান পায় আৰু চীনৰ কমিউনিষ্ট পাৰ্টিৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰে । তেওঁলোকে দেশবাসীক ক্ষমা খোজা উচিত । দেশৰ সুৰক্ষাক লৈ কংগ্ৰেছৰ মাত মতাৰ কোনো অধিকাৰ নাই ।''
লগতে তেওঁ কয় যে, ‘’২০০৫-০৬ চনত চীনে কংগ্ৰেছক ৯০ লাখ টকা অনুদান দিছিল । কংগ্ৰেছৰ লাজ আছেনে আৰু সেইসময়ত কংগ্ৰেছৰ অধ্যক্ষা আছিল ছোনিয়া গান্ধী ।''
‘’জৱাহৰলাল নেহৰুৱে চীনক সংযুক্ত ৰাষ্ট্ৰৰ স্থায়ী সদস্যৰূপে অন্তৰ্ভুক্ত কৰিবলৈ চীনৰ পক্ষত ঠিয় দিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্তত পথ নিৰ্মাণ কৰাক লৈ আজি চীন ইমান আচৰিত কিয় ? ভাৰত একমাত্ৰ এনেকুৱা দেশ, যিয়ে ভৱিষ্যতে চীনক চেৰ পেলাব পাৰে । জৱাহৰলাল নেহৰুৱে ‘হিন্দী-চীনি ভাই ভাই' শ্লোগান দিছিল যদিও ইয়াৰ পিছতে তেওঁ নিজেও জ্ঞাত নহ'ল যে ১৯৬২ চনত কেতিয়া চীনে ভাৰতীয় সীমাত প্ৰৱেশ কৰে ।
‘’যেতিয়া চীনে ভাৰতত প্ৰৱেশ কৰিছিল কংগ্ৰেছে সংসদত কৈছিল যে, চীনে প্ৰৱেশ কৰা মাটি অৰ্থাৎ অক্সাই চিনৰ মাটি কি কৰিব । কাৰণ, তাত ঘাঁহো নগজে । চীনে পাহৰি গৈছে যে, এয়া ১৯৬২ চনৰ ভাৰত নহয় । এয়া মোদীৰ ভাৰত । আমি শান্তিৰ পক্ষত আছো আৰু আমি কাকো উচতনি নিদিওঁ । কিন্তু যদি আমাক কোনোবাই উচতনি দিয়ে, আমি তেওঁলোকক শুদাই নেৰো ।''
‘’সৰ্বশ্ৰেষ্ঠ ভাৰত নিৰ্মাণৰ হেতু প্ৰজন্মক আগবঢ়োৱা হৈছে । আজি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত নৱ ভাৰতৰ নিৰ্মাণ কৰা হৈছে ।'' মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সদৰি কৰে এই কথা ।
লগতে পঢ়ক : সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব শিৱৰাজ সিং চৌহানে