ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ জুন: কানাডাৰ প্ৰধানমন্ত্ৰী জষ্টিন ট্ৰুডোৱে বৰ্ণ বিৰোধী এক অনুষ্ঠানত ভাগ লৈ জনতাৰ সৈতে আঁঠু লোৱা পৰিলক্ষিত হয় । ট্ৰুডোৱে ক'লা ৰঙৰ মাস্ক পৰিধান কৰি সংসদৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত তেওঁক আঁঠু ল'বলৈ আহ্বান জনোৱাৰ পিছত তেওঁ আঁঠু লৈ আহ্বানকাৰীসকলক ধন্যবাদ জ্ঞাপন কৰে । ট্ৰুডোৱে এই মূহুৰ্তটোক ‘ব্লেক লিভছ মেটাৰ’ আখ্যা দিয়ে ।
প্ৰধানমন্ত্ৰী ট্ৰুডোৱে চলিত সপ্তাহৰ প্ৰথমতেই সদৰী কৰিছিল যে, আমেৰিকাৰ ভয়ংকৰ দৃশ্য কানাডাই প্ৰত্যক্ষ কৰি আছে। বিগত বৰ্ষত হোৱা সংসদীয় নিৰ্বাচন প্ৰধানমন্ত্ৰী ট্ৰুডোৱে তেওঁৰ সমৰ্থকসকলৰ আৰু সকলো কানাডিয়ানৰ বৰ্ণবাদী মুখ আৰু ক'লা মুখ ৰঙীণ কৰি পেলাইছিল বুলি মত প্ৰকাশ কৰে ।
লগতে পঢ়ক: তিনি পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াইছে গোলাঘাট জিলালৈ