ETV Bharat / headlines

উত্তৰ প্ৰদেশত কোভিড-১৯ৰ শংকাত ৩ ঘণ্টা ধৰি পথৰ দাঁতিত মৃতদেহ - কোভিড-১৯ত আক্ৰান্ত মৃতদেহ

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এগৰাকী ৬০ বছৰীয়া লোকৰ মৃতদেহ পথৰ দাঁতিত তিনি ঘণ্টা সময় ধৰি পৰি থকাৰ পিছতে লোকজন কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হয় । মঙলবাৰে নিশা লিয়াকতৰ মৃতদেহটো কোভিড-১৯ৰ সজাগতা অৱলম্বন কৰি পুতি থোৱা হয় আৰু গোটেই কবৰস্থান চেনিটাইজ কৰা হয় ।

উত্তৰ প্ৰদেশত কোভিড-১৯ৰ শংকাত ৩ ঘণ্টা ধৰি পথৰ দাঁতিত মৃতদেহ

author img

By

Published : Jun 18, 2020, 3:43 PM IST

নেশ্যনেল ডেস্ক, ১৮ জুন : উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এগৰাকী ৬০ বছৰীয়া লোকৰ মৃতদেহক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । পথৰ দাঁতিত তিনি ঘণ্টা সময় ধৰি পৰি থকা লোকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি লোকজন কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হয় ।

উত্তৰ প্ৰদেশত কোভিড-১৯ৰ শংকাত ৩ ঘণ্টা ধৰি পথৰ দাঁতিত মৃতদেহ
উত্তৰ প্ৰদেশত কোভিড-১৯ৰ শংকাত ৩ ঘণ্টা ধৰি পথৰ দাঁতিত মৃতদেহ

বিষয়ববীয়াই জনোৱা মতে,মৃত লোকজন লিয়াকত বুলি চিনাক্ত কৰা হৈছে, যিজনে মুম্বাইত এজন হেয়াৰড্ৰেচাৰ হিচাপে কাম কৰিছিল আৰু কিছুদিন পূৰ্বে তেওঁ শ্বাহজাহানপুৰৰ তিলহৰলৈ উভতি আহিছিল । লিয়াকতে মঙলবাৰে নিজ ভতিজীক লগ ধৰিবলৈ গৈ থকা অৱস্থাত উশাহ লোৱাত অসুবিধা পাই মাজবাটতে পৰি মৃত্যু হয় । লিয়াকতে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

ইফালে তিলাৰাম স্বাস্থ্য কেন্দ্ৰই জানিবলৈ দিয়ে যে, মঙলবাৰে সন্ধিয়া লোকজনৰ শৱদেহটো অপৰিত্যক্ত অৱস্থাত পোৱা গৈছিল আৰু তাৰপিছতে তেওঁ কোভিড-১৯ত আক্ৰান্ত বুলি অনুমান কৰা হৈছিল । মঙলবাৰে নিশা লিয়াকতৰ মৃতদেহটো কোভিড-১৯ৰ সজাগতা অৱলম্বন কৰি পুতি থোৱা হয় আৰু গোটেই কবৰস্থান চেনিটাইজ কৰা হয় ।

লগতে পঢ়ক: চাপৰৰ ধীৰবিলত এৰি দিয়া হ'ল ৬৪ হেজাৰ ৰৌ, কাতল আৰু ভকুৱা মাছৰ পোনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.