ETV Bharat / headlines

অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ ৰাহুল বেনাৰ্জীৰ সৈতে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ - টকিঅ' বিশ্বকাপ স্থগিত

আৰ্চাৰী বিশ্বকাপত স্বৰ্ণ পদক আৰু অৰ্জুন বঁটা প্ৰাপ্ত ৰাহুল বেনাৰ্জীৰ সৈতে ই টিভি ভাৰতৰ পোনপটীয়া সাক্ষাৎকাৰ । এই সাক্ষাৎকাৰৰ জৰিয়তে তেওঁ আগন্তুক টকিঅ' অলিম্পিকৰ লগতে লক ডাউন,আম্ফান সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ।

অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ ৰাহুল বেনাৰ্জীৰ সৈতে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

author img

By

Published : Jun 11, 2020, 8:06 PM IST

স্পৰ্টছ ডেস্ক, ১১ জুন: আৰ্চাৰী বিশ্বকাপত স্বৰ্ণ পদক আৰু অৰ্জুন বঁটা প্ৰাপ্ত আৰ্চাৰ ৰাহুল বেনাৰ্জীৰ টকিঅ' বিশ্বকাপ স্থগিত সন্দৰ্ভত মন্তব্য প্ৰকাশ । ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে,আগন্তুক টকিঅ' বিশ্বকাপ স্থগিত ৰখাটো সুবিধাজনক হৈছে । কিয়নো,ন ন খেলুৱৈসকলে অনুশীলনৰ বাবে আৰু অধিক সময় পাব ।

অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ ৰাহুল বেনাৰ্জীৰ সৈতে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ ৰাহুল বেনাৰ্জীৰ সৈতে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

লক ডাউনৰ সময়ছোৱাত অতিবাহিত কৰা সময়ৰ ক্ষেত্ৰ তেওঁ কয় যে,লক ডাউনৰ বেলিকা তেওঁ ঘৰতেই শৰীৰ চৰ্চা অব্যাহত ৰাখিছে । প্ৰায় ২০ বছৰৰ পিছত এনেদৰে ৩-৪ মাহ ঘৰতে সময় পাৰ কৰিছে । লগতে কিছুদিন পূৰ্বে তেওঁ পিতৃ হোৱাৰ সৌভাগ্য লাভ কৰা হেতুকে পৰিয়ালৰ সৈতেও সুন্দৰকৈ সময় অতিবাহিত কৰিবলৈ সুযোগ পাইছে ।

ঘূৰ্ণীবতাহ আম্ফান সন্দৰ্ভত কৰা প্ৰশ্নত তেওঁ কয় যে,আম্ফানৰ ফলত ক্ষতি হোৱা মানুহৰ দুৰ্দশা অনুভৱ কৰিব পাৰিছে আৰু সেই হেতুকে তেওঁ ক্ষতিগ্ৰস্ত হোৱা কিছু লোকলৈ সহায়ৰ হাত আগবঢ়াইছে । লগতে এতিয়া তেওঁৰ বন্ধু বৰ্গই এই কামত লাগি আছে । কোভিড-১৯ৰ সংক্ৰমণৰ বাবে সম্পূৰ্ণৰূপে সহায় কৰিব পৰা নাই ।

টকিঅ' বিশ্বকাপক লৈ আৰ্চাৰ ৰাহুল বেনাৰ্জীয়ে কয় যে,প্ৰতিটো কামৰে সাকাৰাত্মক আৰু নাকাৰাত্মক দুটা দিশ থাকে । টকিঅ' অলিম্পিক স্থগিত ৰখা হৈছে যদিও এটা দিশ ভাল হৈছে যে, নৱাগত খেলুৱৈসকলে অনুশীলনৰ বাবে আৰু অধিক সময় পাব । লগতে আগন্তুক টকিঅ' অলিম্পিকত সুবিধা অনুযায়ী তেওঁ ভাৰতৰ হৈ খেলত প্ৰতিনিধিত্ব কৰিব বুলি মত প্ৰকাশ কৰে । তেওঁ কয় যে,যদি অলিম্পিক একেবাৰে স্থগিত ৰখা হয় তেন্তে তেওঁৰ সৈতে আন খেলুৱৈসকলে আকৌ ৪ বছৰ অপেক্ষা কৰিব লাগিব । ২০২১ত অলিম্পিকত ভাগ লোৱাতো ৰাহুল বেনাৰ্জীৰ বাবে অতি মহত্বপূৰ্ণ বিষয় হৈ পৰিব । আগন্তুক টকিঅ' অলিম্পিকত মহিলা-পুৰুষ উভয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা বাবে ২-৪ টা পদক আশা কৰিছে ক্ৰীড়াবিদ ৰাহুল বেনাৰ্জীয়ে ।

লগতে পঢ়ক: কমকাত আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.