ETV Bharat / entertainment

ডুবাইত আটক হ’ল উৰ্ফী জাভেদ, ক’লে কাপোৰৰ সৈতে আটক হোৱাৰ নাই কোনো সম্পৰ্ক

author img

By

Published : Dec 22, 2022, 1:21 PM IST

ডুবাই আৰক্ষীয়ে দৃষ্টিকটু কাপোৰ পিন্ধাৰ বাবে উৰ্ফী জাভেদক জিম্মাত লোৱাৰ বাতৰি সন্দৰ্ভত মত প্ৰকাশ কৰিছে খোদ উৰ্ফী জাভেদে ৷ এই বাতৰিসমূহৰ ওপৰত নীৰৱতা ভংগ কৰি সম্পূৰ্ণ সত্যটো কি মুকলিকৈ জনাইছে অভিনেত্ৰী গৰাকীয়ে ৷ সবিশেষ আগলৈ-

Urfi Javed
ডুবাইত আৰক্ষীৰ জিম্মাত উৰ্ফী জাভেদ

চিটাৰা ডেস্ক, 22 ডিচেম্বৰ : দৈনিক নিজৰ অদ্ভূত আবুৰবিহীন সাজ-পোছাকৰ বাবে শিৰোনাম দখল কৰি থকা উৰ্ফী জাভেদ বৰ্তমান ডুবাই ভ্ৰমণৰ বাবে চৰ্চাত আছে । প্ৰাপ্ত তথ্য অনুসৰি ডুবাই পোৱাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে ৷ তাৰ পিছত প্ৰকাশ হোৱা খবৰ মতে তেওঁৰ সাজ-পোছাকৰ বাবে উৰ্ফীক ডুবাই আৰক্ষীয়ে জিম্মাত লৈছে । উৰ্ফিৰ অনুৰাগী স্তম্ভিত হৈ পৰে এই খবৰ শুনি । শেহতীয়াকৈ এই বাতৰি সন্দৰ্ভত উৰ্ফীয়ে নিজেই আগবাঢ়ি আহি সমগ্ৰ ঘটনাৰ বিৱৰণ দিছে ।

আটক হোৱাৰ বাতৰি ভাইৰেল হোৱাৰ ওপৰত মৌনতা ভংগ কৰি উৰ্ফী জাভেদে কয় যে ডুবাই আৰক্ষী তেওঁৰ শ্বুটিং চেটত উপস্থিত হৈছিল । উৰ্ফীয়ে কয় যে তেওঁৰ চেটলৈ আৰক্ষী আহিছিল তেওঁৰ ৰিভিলিং কাপোৰৰ বাবে নহয় বৰঞ্চ শ্বুটিং স্থানৰ ওপৰত কিছু অভিযোগ থকাৰ বাবেহে ।

উৰ্ফীয়ে কয়, 'ডুবাই আৰক্ষী চেটলৈ আহিছিল কাৰণ তেওঁলোকৰ সেই শ্বুটিং স্থানৰ ওপৰত সন্দেহ আছিল, আমি শ্বুটিঙৰ বাবে এটা সময় সীমা পাইছিলোঁ, কাৰণ শ্বুটিং ৰাজহুৱা স্থানত হৈছিল, সেয়েহে দলটোৱেও এইবাৰ সময় বৃদ্ধি কৰা নাছিল ৷ সেয়েহে আমি তাৰ পৰা উভতি আহিব লগা হৈছিল আৰু পিছদিনা দৃশ্যগ্ৰহণ কৰিব লগা হৈছিল । মই পুনৰ কওঁ, মোৰ উন্মোচিত কাপোৰৰ বাবে পুলিচ তালৈ অহা নাছিল" ৷

সংবাদ মাধ্যমত প্ৰকাশ হোৱা অনুসৰি পূৰ্বতে উৰ্ফী জাভেদে ডুবাইৰ ৰাজপথত অৰ্ধউলংগ কাপোৰ পিন্ধি শ্বুটিং চলাবলগীয়া হৈছিল । খবৰ অনুসৰি উৰ্ফীয়ে স্ব-নিৰ্মিত ৰিভিলিং আউটফিটত এটা ভিডিঅ’ শ্বুট কৰিছিল । ডুবাইৰ মানুহে এই সাজটো অস্বস্তিকৰ বুলি বিবেচনা কৰিছিল আৰু সেই স্থানত এনে কাপোৰ পিন্ধি শ্বুটিং চলোৱা নিষিদ্ধ আছিল । ইয়াৰ পিছত এই খবৰটো বিয়পি পৰে যে ডুবাই আৰক্ষীয়ে উৰ্ফীক জিম্মাত লৈছিল ।

লগতে পঢ়ক : গোবিন্দাৰ জন্মদিনত তেওঁৰ কেইখনমান আটাইতকৈ মনোৰঞ্জনমূলক চলচ্চিত্ৰৰ বিষয়ে জানো আহক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.