ETV Bharat / entertainment

Uorfi Javed Visit Golden Temple: স্বৰ্ণ মন্দিৰত ৱাহেগুৰুৰ ভক্তিৰসত বিলীন হ’ল উৰ্ফী

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 4:19 PM IST

স্বৰ্ণ মন্দিৰত অভিনেত্ৰী উৰ্ফী জাভেদ । ৱাহেগুৰুৰ ভক্তিত মগ্ন দেখা গ’ল উৰ্ফীক । উৰ্ফীৰ সহজ শৈলী অনুৰাগীয়ে অতিকৈয়ে পছন্দ কৰিছে ৷

Uorfi Javed Visit Golden Temple with her sister, See her pics
উৰ্ফী জাভেদৰ স্বৰ্ণ মন্দিৰ ভ্ৰমণ

চিটাৰা ডেস্ক, 8 নৱেম্বৰ: উৰ্ফী জাভেদক বৰ্তমান সময়ত কোনে চিনি নাপায় ৷ নিজৰ অদ্ভুত ফেশ্বন চেন্সৰ বাবে পৰিচিত উৰ্ফীক চিনি নোপোৱা মানুহ হয়তো কমেই ওলাব । সদায় অদ্ভুত সাজ-পোছাকৰ বাবে লাইমলাইটত থাকে উৰ্ফী ৷ গতিকে উৰ্ফীক ব্যতিক্ৰমী সাজ-পোছাকত দেখা এক প্ৰকাৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে অভ্যাসলৈ পৰিণতি হৈছে ৷ সেয়েহে, উৰ্ফীক অদ্ভুত সাজত দেখি হতচকিত নহয় ব্যৱহাৰকাৰী ৷ কিন্তু উৰ্ফীক সহজ-সৰল সাজত দেখিলে হে হতচকিত হৈ পৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী ৷

শেহতীয়াকৈ উৰ্ফীয়ে সহজ-সৰল ছোৱালীৰ দৰে সাজ পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ বুধবাৰে উৰ্ফী জাভেদে নিজৰ ইনষ্টাগ্ৰামত কিছুমান ফটো শ্বেয়াৰ কৰিছে । আচলতে উৰ্ফীয়ে ভনীয়েকৰ সৈতে পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰত ৱাহেগুৰুৰ আশীৰ্বাদ ল’বলৈ গৈছিল । ফটোসমূহ শ্বেয়াৰ কৰি উৰ্ফীয়ে কেপচনত লিখিছে- ৱাহেগুৰু । ফটোবোৰত উৰ্ফীয়ে গোলাপী ৰঙৰ পৰম্পৰাগত চুট পৰিধান দেখা গৈছে । উৰ্ফীৰ এই পৰম্পৰাগত লুকত মোহিত হ’ল অনুৰাগী ৷ ইফালে একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিশ্বাসে কৰিব পৰা নাই যে এয়া সঁচাকৈ উৰ্ফী জাভেদ ।

ফটোসমূহত মূৰত ওৰণি লৈ ৱাহেগুৰুৰ ভক্তিত মগ্ন হোৱা দেখা গ’ল উৰ্ফীক ৷ ইফালে উৰ্ফীৰ এই লুকটোক অনুৰাগীয়ে প্ৰশংসা কৰিছে । লগতে উৰ্ফীৰ ভনীয়েককো চুট পৰিধান কৰা দেখা গৈছিল । অনুৰাগীয়ে উৰ্ফীৰ লুকক মন্তব্য কৰি তেওঁৰ ষ্টাইলৰ প্ৰশংসা কৰিছে ।

উল্লেখ্য যে, উৰ্ফী জাভেদে বিগ বছ অ’টিটিৰ পৰা খ্যাতি লাভ কৰিছিল । এই শ্ব’টোত উৰ্ফীৰ যাত্ৰা ক্ষন্তেকীয় আছিল যদিও ইয়াৰ পিচতে তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল । বিগ বছৰ পিচত উৰ্ফীক বিমানবন্দৰত দেখা গৈছিল । এই সময়চোৱাত তেওঁক ক্ৰপ জেকেট পিন্ধা দেখা গৈছিল, য’ত তেওঁক অন্তৰ্বাস প্ৰদৰ্শন কৰা দেখা গৈছিল । উৰ্ফীৰ এই ফটোবোৰ খুব ভাইৰেল হৈ পৰিছিল । যিহেতু এই ফটোসমূহ ভাইৰেল হোৱাৰ পাচত উৰ্ফী যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ৷ তেতিয়াৰে পৰাই উৰ্ফীয়ে উদ্ভুত সাজ-পোছাক পৰিধান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ লয় ।

লগতে পঢ়ক: Urfi Javed Arrested: মুম্বাই আৰক্ষীয়ে আটক কৰিছে উৰ্ফী জাভেদক, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.