ETV Bharat / entertainment

তুনিষাৰ আত্মহত্যাৰ বাবে শ্বীজান খানক দোষাৰোপ কৰিব নোৱাৰি-উৰ্ফী জাভেদ - তুনিষাৰ মৃত্যুক লৈ কি ক’লে উৰ্ফীয়ে

ছ’চিয়েল মিডিয়াত খলকনি লগাই থকা উৰ্ফী জাভেদে তুনিষা শৰ্মাৰ মৃত্যু সন্দৰ্ভত নিজৰ মতামত শ্বেয়াৰ কৰিছে । বিগ বছ অ’টিটি ফেম তাৰকা গৰাকীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি কয় যে কাকোৱেই ইচ্ছাৰ বিৰুদ্ধে সম্পৰ্কত থাকিবলৈ বাধ্য কৰিব নোৱাৰি । আত্মপ্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় একোৱেই এই মূল্যৱান জীৱন ত্যাগ কৰাৰ যোগ্য নহয় বাবে ।

Uorfi Javed on Tunisha Sharma death
তুনিষাৰ মৃত্যুক লৈ কি ক’লে উৰ্ফীয়ে
author img

By

Published : Dec 29, 2022, 1:14 PM IST

চিটাৰা ডেস্ক, 29 ডিচেম্বৰ : তুনিষা শৰ্মাৰ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ দেশ । স্তম্ভিত হৈ পৰিছে মনোৰঞ্জন জগত ৷ মুকেশ খান্নাৰ পিছত এতিয়া অভিনেত্ৰী গৰাকীৰ মৃত্যুৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া ষ্টাৰ উৰ্ফী জাভেদে ৷

শনিবাৰে তুনিষাই আত্মহত্যা কৰা সন্দৰ্ভত মন্তব্য কৰি উৰ্ফীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে যে(Uorfi Javed instagram), "শ্বীজানৰ ভুল হ’ব পাৰে, হয়তো তেওঁ তুনিষাক প্ৰতাৰণা কৰিছিল, কিন্তু তুনিষাৰ মৃত্যুৰ বাবে আমি শ্বীজানক দোষাৰোপ কৰিব নোৱাৰো ৷ আপোনাৰ সৈতে থাকিব নিবিচৰা কাকো কেতিয়াও আপুনি জোৰকৈ ৰাখিব নোৱাৰে" ৷

তেওঁ যুৱতীসকলক আত্ম-প্ৰেমৰ কথাও কয় ৷ উৰ্ফীৰ মতে জীৱনটো আন যিকোনো বস্তুতকৈ অধিক মূল্যৱান । "ছোৱালীসকল কোনোৱেই মই কৈছো কোনোৱেই আপোনাৰ এই মূল্যৱান জীৱন ত্যাগ কৰাৰ বাবে যোগ্য নহয় । কেতিয়াবা এনেকুৱা লাগিব গোটেই পৃথিৱীখনেই যেন শেষ হৈ গৈছে কিন্তু মোক বিশ্বাস কৰক তেনেকুৱা নহয় । আপোনাক ভাল পোৱা লোকসকলৰ বিষয়ে চিন্তা কৰক বা নিজকে অলপ অধিক মৰম কৰিবলৈ চেষ্টা কৰক", এইদৰে লিখিছিল উৰ্ফীয়ে ।

Uorfi Javed on Tunisha Sharma death
উৰ্ফীৰ ইনষ্টা ষ্ট’ৰী

তেওঁ লগতে আৰু কয় যে জীৱনৰ অন্ত পেলোৱাটোৱেই সমাধান নহয় কাৰণ ইয়াৰ ফলত পিছত ৰৈ যোৱা লোকসকলৰ বাবে জীৱনটো অধিক দুৰ্বিষহ হৈ পৰে । "নিজৰ নায়ক নিজেই হওক । অনুগ্ৰহ কৰি কিছু সময় দিয়ক । আত্মহত্যাৰ পিছতো দুখৰ অন্ত নহয়, পিছত ৰৈ থকাসকলে আৰু বেছি কষ্ট পায়", এইদৰে নিজৰ পোষ্টটোৰ সামৰণি মাৰে উৰ্ফীয়ে ৷

মঙলবাৰে তুনিষাৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ মুম্বাইত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত কেইবাজনো টেলিভিছন জগতৰ তাৰকা, তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ মাতৃ আৰু ভগ্নী উপস্থিত থাকে ৷ আলী বাবা: দস্তান-ই-কাবুলৰ সহ অভিনেতা শ্বীজান খানক আত্মহত্যা কৰিবলৈ উচটনি দিয়া বুলি তুনিষাৰ মাতৃয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ।

শ্বীজান আৰু তুনিষাৰ আত্মহত্যা কৰাৰ 15 দিন পূৰ্বে ব্ৰেকআপ হৈছিল ৷ খবৰ অনুসৰি ব্ৰেকআপৰ বাবে ভাগি পৰিছিল 20 বছৰীয়া তুনিষা । সংবাদ মাধ্যমৰ খবৰ অনুসৰি শ্বীজানে টুনিছাক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও পিছত তেওঁৰ মন সলনি হোৱাত আঁতৰি আহে ।

লগতে পঢ়ক : Tunisha Sharma Death case: তুনিষা শৰ্মাৰ আত্মহত্যা সন্দৰ্ভত কি ক’লে মুকেশ খান্নাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.