ETV Bharat / entertainment

হঠাৎ বন্ধ হ’ল উৰ্ফী জাভেদৰ ইনষ্টাগ্ৰাম একাউণ্ট, কিন্তু কিয় ?

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 3:44 PM IST

Uorfi Javed Account Suspended: উৰ্ফী জাভেদ প্ৰায়ে তেওঁৰ অস্বাভাৱিক ড্ৰেছিং চেন্সৰ বাবে বাতৰিৰ শিৰোনামত থাকে । এইবাৰ পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ দৰাচলতে এইবাৰ এটা পোষ্টৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে উৰ্ফীয়ে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Uorfi Javed Account Suspended, Know the behind reasons
বন্ধ হ’ল উৰ্ফীৰ ইনষ্টাগ্ৰাম একাউণ্ট

চিটাৰা ডেস্ক, 3 ডিচেম্বৰ: ছ’চিয়েল মিডিয়াৰ চেন্সেশন উৰ্ফী জাভেদ অস্বাভাৱিক ড্ৰেছিং চেন্সৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে । দৰাচলতে উৰ্ফীয়ে লাইমলাইটত থাকিয়েই ভাল পায় ৷ সেয়েহে, উৰ্ফীৰ প্ৰত্যেকটো সাজে বাতৰিৰ শিৰোনাম দখল কৰে ৷ ইনষ্টাগ্ৰামত প্ৰায়ে অতি ব’ল্ড ফটো আৰু ভিডিঅ’ পোষ্ট কৰি থাকে উৰ্ফীয়ে । কিন্তু শেহতীয়াকৈ উৰ্ফীৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা, যাৰ তথ্য অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

আচলতে শেহতীয়াকৈ বন্ধ হৈ পৰিল উৰ্ফী জাভেদৰ ইনষ্টাগ্ৰাম একাউণ্ট । উৰ্ফীয়ে নিজৰ একাউন্টৰ স্ক্ৰীণ শ্বৰ্ট শ্বেয়াৰ কৰিছে । ফটোখনত ইনষ্টাগ্ৰামৰ পৰা তেওঁৰ একাউণ্ট স্থগিত ৰখাৰ মেছেজ আহিছে । এতিয়া আপুনি হয়তো নিশ্চয় ভাবিছে যে একাউণ্ট যদি বন্ধ হৈ গৈছে তেন্তে উৰ্ফীয়ে কেনেকৈ পোষ্ট কৰিছে । উল্লেখ্য যে, কিছু সময়ৰ পাচতে অভিনেত্ৰীগৰাকীৰ একাউণ্ট উদ্ধাৰ হয় ।

কিন্তু ইয়াৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি তেওঁ নিজৰ অনুৰাগীক এই বিষয়ে অৱগত কৰিছিল । এই স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি উৰ্ফীয়ে কেপচনত লিখিছে - 'আজি মই দেখিছো যে বহুতৰে ইচ্ছা পূৰণ হৈছে ।'

ব্যৱহাৰকাৰীসকলে পুনৰ ট্ৰ’ল কৰিলে উৰ্ফী জাভেদক

এতিয়া বহু অনুৰাগীয়ে এই পোষ্টটোৰ পিচতে উৰ্ফীৰ সমৰ্থনত নামি আহিছে আৰু বহুতে পুনৰ ট্ৰ’ল কৰি আছে । উৰ্ফীক ট্ৰ’ল কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে - এইটো ২০২৩ চনৰ মই দেখা শ্ৰেষ্ঠ পোষ্ট'। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে- ভালেই হ’ল বন্ধ হ’ল । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে- মই অপেক্ষা কৰি থকা মুহূৰ্তটো অৱশেষত আহিল ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে উৰ্ফী জাভেদে বহু ডাঙৰ ডাঙৰ ডিজাইনাৰৰ সৈতে কাম কৰি আছে । শেহতীয়াকৈ তেওঁ মাছাবা গুপ্তাৰ সৈতে সহযোগিতা কৰিছিল । একে সময়তে ইয়াৰ আগতে উৰ্ফী আবু জানি আৰু সন্দীপ খোলছাৰ শ্ব’ টপাৰ হিচাপে পৰিগণিত হৈছিল ।

লগতে পঢ়ক: ছেম বাহাদুৰত বিকি কৌশলৰ অভিনয়ক প্ৰশংসা শচীন তেণ্ডুলকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.