চিটাৰা ডেস্ক, ১৫ জানুৱাৰী: ৪ বছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পিচত শেহতীয়াকৈ ব্ৰেকআপৰ সিদ্ধান্ত লয় প্ৰাক্তন বিগ বছ প্ৰতিযোগী হিমাংশী খুৰানা আৰু অসীম ৰিয়াজে ৷ দুয়োগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি ব্ৰেকআপৰ কথা ঘোষণা কৰিছিল ৷ বেলেগ বেলেগ ধৰ্মৰ হোৱা হেতুকে দুয়োৱে ইগৰাকীয়ে সিগৰাকীৰ সৈতে পৃথক হোৱাৰ সিদ্ধান্ত লয় । এতিয়া অসীমৰ ভাতৃ উমৰ ৰিয়াজে তেওঁলোকৰ ব্ৰেকআপৰ বিষয়ে মুকলিকৈ কোৱা দেখা গ’ল । উমৰে কয় যে এয়া কোনো বিবাহ বিচ্ছেদ নহয় । গতিকে ব্ৰেকআপক ইমান গুৰুত্ব দিয়াটো উচিত নহয় ।
শেহতীয়াকৈ এক সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত উমৰ ৰিয়াজে এই বিষয়ে কয়, ‘‘জীৱনত যেতিয়া যিকোনো ঘটনা ঘটে তেতিয়া নিশ্চিতভাৱে ইয়াৰ আঁৰত এটা কাৰণ থাকে । জীৱনত মানুহ আহিব আৰু যাব । ইয়াৰ মাজত যদি আপুনি কাৰোবাক বিয়া কৰাই তেন্তে সেইগৰাকীক বিধাতাই আপোনাৰ বাবেই সৃষ্টি কৰিছে । যদি তেওঁৰ সৈতে বিচ্ছেদ হ’ব লগা হয় তেন্তে ইয়াৰ অৰ্থ হ’ল যে তেওঁৰ ভাগ্যত আপুনি হয়তো নাছিলে ।’’
ইয়াৰ লগতে উমৰে কয়, ‘‘মানুহে ব্ৰেকআপক গুৰুত্ব দিয়া বন্ধ কৰিব লাগে কাৰণ ই বিবাহ বিচ্ছেদ নহয় । সম্পৰ্কটো অব্যাহত ৰাখিব নে নাই সেইটো সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ দুয়োৰে আছে ।’’ এতিয়া ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে উমৰ ৰিয়াজৰ এই মন্তব্য ।
কিয় হিমাংশী-অসীমৰ মাজত বিচ্ছেদ ঘটিল ?
হিমাংশী খুৰানা আৰু অসীম ৰিয়াজ ‘বিগ বছ ছিজন ১৩’ৰ পৰাই সম্পৰ্কত আছিল । কিন্তু বহু বছৰৰ পাচত দুয়োগৰাকীয়ে ব্ৰেকআপৰ কথা ঘোষণা কৰে । ছ’চিয়েল মিডিয়াত এই বিচ্ছেদৰ কথা ঘোষণা কৰাৰ কৰি হিমাংশী-অসীমে কৈছিল যে দুয়োৱে নিজৰ ধৰ্মক সন্মান জনাই এই সিদ্ধান্ত লৈছে । উল্লেখ্য যে, অসীম ইছলাম ধৰ্মাৱলম্বী লোক হোৱাৰ বিপৰীতে হিমাংশী হিন্দুৰ ধৰ্মৰ পাঞ্জাৱী পৰিয়ালৰ কন্যা ৷
লগতে পঢ়ক: অসীমৰ সৈতে ব্ৰেকআপৰ পিচত শান্তি বিচাৰি চাৰি ধামলৈ গ’ল হিমাংশী খুৰানা