ETV Bharat / entertainment

'সা ৰে গা মা পা ২০২৩'ৰ বিজয়ী নাম ঘোষণা, বিজয়ীৰ খিতাপ দখল এলবাৰ্ট কাবো লেপচাৰ - এলবাৰ্ট কাবো লেপচাৰ

Sa Re Ga Ma Pa 2023 Winner: দেওবাৰে ঘোষণা কৰা হয় ‘সা ৰে গা মা পা ২০২৩’ৰ বিজয়ীৰ নাম । ‘সা ৰে গা মা পা ২০২৩’ৰ বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় এলবাৰ্ট কাবো লেপচাই ।

Sa Re Ga Ma Pa 2023 Winner Announced: Albert Kabo Lepcha from West Bengal Lifts The Trophy
সা ৰে গা মা পা ২০২৩ বিজয়ী
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 11:26 AM IST

চিটাৰা ডেস্ক, 27 নৱেম্বৰ: প্ৰিমিয়াৰৰ তিনিমাহৰ পাচত দেওবাৰে জি টিভিৰ ‘সা ৰে গা মা পা ২০২৩’ৰ অন্ত পৰিল ৷ ২৬ নৱেম্বৰত অৰ্থাৎ দেওবাৰে গ্ৰেণ্ড ফিনালেৰ সম্প্ৰচাৰৰ পিচত অন্ত পৰে শ্ব’টো । ইয়াৰ লগে লগে ঘোষণা হ’ল এই ছিজনটোৰ বিজয়ীৰ নাম । টিভিৰ ৰিয়েলিটি শ্ব’ ‘সা ৰে গা মা পা ২০২৩’ৰ বিজয়ীৰ খিতাপ দখল কৰিছে পশ্চিম বংগৰ কালিম্পঙৰ এলবাৰ্ট কাবো লেপচাই । এই ছিজনটোৰ বিচাৰক আছিল - হিমেশ ৰেশমিয়া, অনু মালিক আৰু নীতি মোহন । এই সময়চোৱাত অনুষ্ঠানটোৰ আঁত ধৰোতাৰ ৰূপত আছিল আদিত্য নাৰায়ণ ।

'সা ৰে গা মা পা ২০২৩'ৰ বিজয়ী এলবাৰ্ট কাবো লেপচা

গোটেই ছিজনটোত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰা এলবাৰ্টক শ্ব’টোৰ বিচাৰক আৰু দৰ্শকে যথেষ্ট মৰম দিছিল । যাৰ বাবে গ্ৰেণ্ড ফিনালেত ‘সা ৰে গা মা পা ২০২৩’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় এলবাৰ্টে । ইফালে ফাইনেলিষ্ট নিষ্ঠা শৰ্মা হয় প্ৰথম ৰানাৰ্ছ আপ আৰু ৰণিতা বেনাৰ্জী হয় দ্বিতীয় ৰানাৰ্ছ আপ ।

২০২৩ চনৰ সা ৰে গা মা পাৰ ট্ৰফী জয় কৰাৰ পিচত এলবাৰ্টে কয়, ‘‘মোৰ বাবে এইটো এটা সপোন পূৰণৰ দৰেই ! সঁচা কথা ক’বলৈ গ’লে এই প্ৰতিযোগিতাখনি যথেষ্ট কঠিন আছিল কাৰণ ছিজনৰ সকলো প্ৰতিযোগীয়েই অত্যন্ত প্ৰতিভাশালী আছিল আৰু তেওঁলোকৰ সৈতে মঞ্চত সুযোগ পোৱাৰ বাবে মই সঁচাকৈয়ে কৃতজ্ঞ । শ্ব’টোত মোক সমৰ্থন কৰা আৰু গায়ক হিচাপে মোৰ সম্ভাৱনা বৃদ্ধি কৰাত সহায় কৰা মোৰ সকলো গুৰু আৰু বিচাৰকক ধন্যবাদ জনাইছোঁ । আইকনিক বিবেক কাৰৰ দ্বাৰা ৰচিত মোৰ নিজা একক গীতটো ৰেকৰ্ডিং কৰি মুক্তি দিয়াৰ সুযোগো পাইছিলোঁ, ইয়াৰ বাবেও মই যথেষ্ট মৰম পাইছিলোঁ । নিশ্চিতভাৱে স্মৃতিৰ টোপোলা এটা লগত লৈ গৈ আছো আৰু মোৰ নতুন গায়ক যাত্ৰাৰ বাবে আগ্ৰহী । এটা সুন্দৰ অভিজ্ঞতাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ ।”

জিটিভিয়েও এলবাৰ্টক তেওঁৰ জয়ৰ বাবে অভিনন্দন জনাই ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “বহুত অভিনন্দন এলবাৰ্ট, আপোনাৰ প্ৰদৰ্শনৰ প্ৰতিটো ধ্বনিতে জয়ৰ প্ৰতিধ্বনি শুনা যায় ! আপোনাৰ সংগীতে সকলোৰে হৃদয় চুই গৈছিল আৰু আমাক সকলোকে অনুপ্ৰাণিত কৰিছিল । আপোনাৰ প্ৰতিভা আৰু সমৰ্পণ আছিল যাদুৰ দৰে ! আপোনাৰ সংগীতৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছো ।”

এইসকল আছিল শীৰ্ষ ৫ গৰাকী প্ৰতিযোগী

উল্লেখ্য যে, সা ৰে গা মা পা ২০২৩ ৰ শীৰ্ষ ৫ গৰাকী চূড়ান্ত প্ৰতিযোগী আছিল ছোনিয়া গজমেৰ, স্নেহা ভট্টাচাৰ্য, নিষ্ঠা শৰ্মা, এলবাৰ্ট কাবো লেপচা আৰু ৰানিতা বেনাৰ্জী ।

লগতে পঢ়ক: শ্বেনিছ পলাচিঅ’ৰ শিৰত মিছ ইউনিভাৰ্ছ ২০২৩ ৰ মুকুট, ভাৰতৰ পৰা কোনে কৰিছিল অংশগ্ৰহণ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.