ETV Bharat / entertainment

Rhea Chakraborty: সুশান্তৰ মৃত্যুৰ পিচত প্ৰথমটো প্ৰজেক্ট লাভ কৰিলে ৰিয়াই; প্ৰেম আৰু সমৰ্থন বিচাৰিলে অনুৰাগীৰ - এমটিভি ৰ’ডিজ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিতৰ্কত নাম সাঙোৰ খোৱাৰ পিচতে প্ৰথমটো গুৰুত্বপূৰ্ণ প্ৰজেক্ট লাভ কৰে ৰিয়া চক্ৰৱৰ্তীয়ে (Rhea Chakraborty first project after SSR death) । যুৱক-যুৱতী ভিত্তিক ৰিয়েলিটি শ্ব’ এমটিভি ৰ’ডিজত গেং লিডাৰ হিচাবে দেখা পাব অভিনেত্ৰীগৰাকীক ৷

Rhea Chakraborty hopes to receive love and support as she bags first project after SSR death controversy
প্ৰথমটো গুৰুত্বপূৰ্ণ প্ৰজেক্ট লাভ কৰিলে ৰিয়া চক্ৰৱৰ্তীয়ে
author img

By

Published : Apr 10, 2023, 1:58 PM IST

চিটাৰা ডেস্ক, 10 এপ্ৰিল: টেলিভিছনৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী পুনৰ পৰ্দালৈ ঘূৰি আহিবলৈ সাজু হৈছে (Rhea Chakraborty upcoming projects)। অভিনেত্ৰীগৰাকীয়ে যুৱক-যুৱতী ভিত্তিক ৰিয়েলিটি শ্ব’ এমটিভি ৰ’ডিজৰ ১৯ সংখ্যক ছিজনত প্ৰিন্স নাৰুলা আৰু গৌতম গুলাটিৰ সৈতে গেং লিডাৰ হিচাবে যোগদান কৰিছে (Rhea Chakraborty first project after SSR death)। ৰিয়াই এই অনুষ্ঠানটোৰ অংশ হ’বলৈ অতিকৈয়ে আগ্ৰহী, কিয়নো এই শ্ব’টোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে নিজৰ ‘সংকল্পবদ্ধ আৰু নিৰ্ভীক দিশ’ প্ৰদৰ্শন কৰিব পাৰিব (Rhea Chakraborty in mtV roadies 19) ।

এই ছিজনত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি ৰিয়াই কয় যে, "মই এমটিভি ৰ'ডিজ কাৰ্ম ইয়া কাণ্ডৰ অংশ হ’বলৈ পাই ৰোমাঞ্চিত হৈছো, যিটো হৈছে আইকনিক সাংস্কৃতিক পৰিঘটনা । মই চনু চুড আৰু মোৰ সতীৰ্থ গেং লিডাৰসকলৰ সৈতে কাম কৰিবলৈ আগ্ৰহী । এই ৰোমাঞ্চকৰ যাত্ৰাৰ সময়ত মই মোৰ দৃঢ় আৰু নিৰ্ভীক দিশটো প্ৰদৰ্শন কৰিবলৈ পাম যাৰ বাবে মই সুখী । "

উল্লেখ্য যে, এই নতুন ছিজনটোৰ থিম হৈছে কৰ্ম ইয়া কাণ্ড আৰু ইয়াৰ আয়োজক হৈছে অভিনেতা তথা দানবীৰ চনু চুড (MTV Roadies Karm Ya Kaand) । ইয়াৰ উপৰিও এমটিভিৰ সহযোগী উপ-সভানেত্ৰী তথা মুৰব্বী-কন্টেন্ট অৰিজিনেলছৰ ডেবৰা পলিকাৰ্পে মন্তব্য কৰে যে, "এই অনুষ্ঠানটো যুৱ মনোৰঞ্জনৰ এক সাংস্কৃতিক মূল ভেটিত পৰিণত হৈছে । নতুন ছিজনত ৰিয়া গেং লিডাৰ হিচাবে থকাটো এক আনন্দৰ কথা, কাৰণ ৰিয়াই এই উদ্যোগত আমাৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।"

ৰিয়াক শেষবাৰৰ বাবে পৰ্দাত দেখা গৈছিল ২০২১ চনৰ চেহৰে ছবিত, ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন, ইমৰাণ হাছমী, ক্ৰীষ্টল ডিছৌজা, সিদ্ধাৰ্থ কাপুৰ, অনু কাপুৰ, এলেক্স অ’নেল, সমীৰ ছোনী, ধৃতিমান চেটাৰ্জী আৰু ৰঘুবীৰ যাদৱ । প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বিতৰ্কত নাম সোমাই পৰাৰ পিচতে বহুদিন এই উদ্যোগটোৰ পৰা দূৰত থাকিবগীয়া হৈছিল ৰিয়া (Rhea Chakraborty gang leader in roadies) ৷ (With agency inputs)

লগতে পঢ়ক: আৰএন কুপাৰ হাস্পতালৰ কৰ্মচাৰীৰ দাবী "সুশান্ত সিঙক হত্যা কৰা হৈছিল; হাস্পতাল কৰ্তৃপক্ষই সত্য লুকুৱাই ৰাখিছে"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.