ETV Bharat / entertainment

পঞ্চায়তৰ ৩ৰ পৰা জিতেন্দ্ৰ কুমাৰৰ ফাৰ্ষ্ট লুক মুকলি - জিতেন্দ্ৰ কুমাৰৰ ফাৰ্ষ্ট লুক

Panchayat 3 first look: শনিবাৰে আমাজন প্ৰাইম ভিডিঅ’ই মুকলি কৰিছে পঞ্চায়ত ছিজন ৩ ৰ ফাৰ্ষ্ট লুক । শ্ব’টোত অভিষেক ত্ৰিপাঠীৰ চৰিত্ৰত অভিনয় কৰা ফাৰ্ষ্ট লুক ফটোখনত দেখা গৈছে অভিনেতা জীতেন্দ্ৰ কুমাৰক।

Panchayat 3 First look out Jitendra Kumar back with his swag as Sachiv Ji
পঞ্চায়ত ৩ৰ ফাৰ্ষ্ট লুক
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:03 PM IST

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ: Amazon Prime Video ৰ হিট ছিৰিজ ‘পঞ্চায়ত’ৰ তৃতীয় ছিজন অতি সোনকালেই আহিব ৷ আজি এই ছিৰিজখনৰ পৰা অভিষেক ত্ৰিপাঠীৰ চৰিত্ৰত অভিনেতা জিতেন্দ্ৰ কুমাৰৰ ফাৰ্ষ্ট লুক মুকলি কৰিছে । আমাজন প্ৰাইম ভিডিঅ’ই ছ’চিয়েল মিডিয়াত মুকলি কৰিলে এই ছিৰিজৰ ফাৰ্ষ্ট লুক । ফটোখনত ছিৰিজত পঞ্চায়ত সম্পাদকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীয়ে পিঠিত বেগ লৈ মটৰ চাইকেল চলাই গৈ থকা দেখা গৈছে । অৱশ্যে তেওঁ ফুলেৰা গাঁও ত্যাগ কৰি যাব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

পোষ্টটোৰ দ্বিতীয়খন ছবিত ছিৰিজখনৰ আন চৰিত্ৰবোৰৰ লুক দেখুওৱা হৈছে, তেওঁলোক বেঞ্চত বহি থকা দেখা গৈছে । বেঞ্চত বহি থকা দেখা গৈছে বানাৰক, বিনোদ আৰু মাধৱ, ক্ৰমে দুৰ্গেশ কুমাৰ, অশোক পাঠক আৰু বুল্লু কুমাৰক । তেওঁলোকৰ পিচফালৰ বেৰত লিখা আছিল, "যেতিয়া আমি উজুটি খাওঁ, তেতিয়া কষ্ট হয় কিন্তু তেতিয়াহে আমি শিকিব পাৰিম ।"

পঞ্চায়তৰ চেটৰ পৰা ভাইৰেল হৈ পৰিল ফটো

এই ফটোসমূহ প্ৰাইম ভিডিঅ’ৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে । এই ফটোবোৰৰ কেপচনত লিখা আছিল, “আমি জানো অপেক্ষা অসহ্যকৰ, গতিকে আমি আপোনালোকৰ বাবে চেটৰ পৰা কিবা এটা লৈ আহিছো ! #PanchayatOnPrime Season ৩ ৷" অৱশ্যে নিৰ্মাতাই এতিয়াও ঘোষণা কৰা নাই ছিৰিজখনৰ মুক্তিৰ তাৰিখ ।

নৱেম্বৰ মাহত নীনা গুপ্তাই শ্বেয়াৰ কৰিছিল এটা ভিডিঅ’

নৱেম্বৰ মাহত মঞ্জু দেৱীৰ চৰিত্ৰত অভিনয় কৰা নীনা গুপ্তাই ধাৰাবাহিকখনৰ সামৰণি পাৰ্টিৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল । ভিডিঅ’টোত তেওঁক অনস্ক্ৰীণ স্বামী তথা অভিনেতা ৰঘুবীৰ যাদৱৰ সৈতে দেখা গৈছিল । এই ভিডিঅ’টোত নীনাই কেপচনত লিখিছে, "পঞ্চায়তৰ তৃতীয় ছিজনৰ সামৰণি !"

শ্ৰেষ্ঠ ৱেব ছিৰিজ (OTT) বঁটা লাভ কৰে

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ৰ সদ্য অনুষ্ঠিত ৫৪ সংখ্যক সংস্কৰণত টিভিএফৰ পঞ্চায়তৰ দ্বিতীয় ছিজনে শ্ৰেষ্ঠ ৱেব ছিৰিজ (OTT) বঁটা লাভ কৰে । এই মহোৎসৱত প্ৰথমবাৰৰ বাবে এই শিতান প্ৰৱৰ্তন কৰা হয় আৰু পঞ্চায়ত ২ য়ে প্ৰথম ছিৰিজ হিচাপে জয়ী হয় ।

প্ৰথম ছিজন আহিছিল ২০২০ চনত

সীমিত চাকৰিৰ বিকল্পৰ বাবে উত্তৰ প্ৰদেশৰ কাল্পনিক গাঁও ফুলেৰাত পঞ্চায়ত সম্পাদক হোৱা এজন অভিযান্ত্ৰিক স্নাতক এজনৰ যাত্ৰাক কেন্দ্ৰ কৰিয়ে এই ছিৰিজখন নিৰ্মাণ কৰা হৈছে । ক’ভিড লকডাউনৰ সময়চোৱাত ২০২০ চনৰ এপ্ৰিল মাহত প্ৰাইম ভিডিঅ’ত এই ছিৰিজখনৰ প্ৰথম ছিজনৰ প্ৰিমিয়াৰ হৈছিল । ইয়াক দৰ্শকে যথেষ্ট মৰম দিছিল ।

লগতে পঢ়ক: বিদেশত আৰম্ভ হ’ল ডাংকিৰ অগ্ৰিম বুকিং, ভাৰতত কেতিয়াৰ পৰা হ’ব আৰম্ভ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.