ETV Bharat / entertainment

Koffee With Karan 8: নেপোটিজমক লৈ নিজকে ট্ৰ’ল কৰিলে কৰণ জোহৰে, কফি উইথ কৰণৰ নতুন ছিজনৰ প্ৰম’ মুকলি

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 8:38 PM IST

চলচ্চিত্ৰৰ উপৰিও চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে তেওঁৰ শ্ব’ কফি উইথ কৰণৰ বাবে বহু সময়ত বাতৰিৰ শিৰোনাম দখল কৰে । কৰণে আকৌ এবাৰ দৰ্শকৰ বাবে লৈ আহিছে শ্ব’টোৰ এটা নতুন ছিজন । আজি কৰণে কফি উইথ কৰণৰ ছিজন ৮ ৰ প্ৰ’ম’ শ্বেয়াৰ কৰিছে ৷ কি কি নতুনত্ব থাকিব এইবাৰৰ ছিজনত জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Koffee With Karan season 8 teaser: Karan Johar all set to return with 'edgier, crazier, and candid' show; premiere date locked
কফি উইথ কৰণৰ নতুন ছিজন

চিটাৰা ডেস্ক, 4 অক্টোবৰ: ছ’চিয়েল মিডিয়াত বৰ্তমান চৰ্চাত বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ ৷ দৰাচলতে কৰণ জোহৰৰ জনপ্ৰিয় শ্ব’ ‘Koffee With Karan’ ৰ বাবে বৰ্তমান সংবাদ মাধ্যম চৰ্চিত হৈছে নিৰ্মাতাগৰাকী ৷ কৰণ জোহৰৰ এই অনুষ্ঠানৰ প্ৰতিটো ছিজনত বলীউডৰ বহু ডাঙৰ ডাঙৰ তাৰকা আহে । য’ত কৰণে তাৰকাসকলক নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সৈতে জড়িত বিভিন্ন প্ৰশ্ন কৰে আৰু তেওঁলোকেও প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া দেখা যায় ৷ জনসাধাৰণে যিবোৰ প্ৰশ্নৰ উত্তৰ তাৰকাসকলৰ পৰা জানিব বিচাৰে তেনে বহু প্ৰশ্ন কৰণে তাৰকাসকলক সোধা পৰিলক্ষিত হয় ৷ এনে পৰিস্থিতিত কৰণ জোহৰে নিঃসংকোচে তাৰকাসকলক তেওঁলোকৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত প্ৰতিটো প্ৰশ্ন সোধে ৷

ইফালে কৰণ জোহৰে ‘Koffee With Karan’ ৰ পৰৱৰ্তী ছিজনৰ কথা ঘোষণা কৰিছে । বলীউডৰ সৈতে জড়িত বিভিন্ন গোপন তথ্যৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে এয়া এটা ভাল খবৰ । শেহতীয়াকৈ কৰণে নিজৰ ছ’চিয়েল মিডিয়াত এটা প্ৰ’ম’ শ্বেয়াৰ কৰিছে । অৱশ্যে এইবাৰ প্ৰ’ম’ত নিজকে ট্ৰ’ল কৰিছে ছবি নিৰ্মাতাগৰাকীয়ে । দৰাচলতে ছ’চিয়েল মিডিয়াত কৰণৰ ওপৰত প্ৰায়ে নেপোটিজমৰ অভিযোগ উত্থাপন হয় । এনে পৰিস্থিতিত কৰণে এইবোৰৰ বিষয় নিজৰ প্ৰ‘ম’তে ব্যৱহাৰ কৰিছে ।

ভিডিঅ’টোত কৰণ জোহৰৰ দুটা চৰিত্ৰ দেখা গৈছে ৷ এটা হৈছে তেওঁৰ চৰিত্ৰ আৰু আনটো হৈছে তেওঁৰ আত্মাৰ চৰিত্ৰ ৷ য’ত আত্মাই নেপো বেবীজৰ দৰে শব্দ ব্যৱহাৰ কৰি কৰণক ট্ৰ’ল কৰা দেখা গৈছে । আত্মাটোৱে কৰণক বুজাইছে যে মানুহে তেওঁৰ শ্ব’টো ভাল পায় কিন্তু এতিয়া তেওঁ নিজৰ ষ্টাইল সলনি কৰাটো প্ৰয়োজন । শ্ব’টোলৈ অহা লোকসকলৰ মাজত পৰিৱৰ্তন আনিব লাগিব । এনে পৰিস্থিতিত কৰণে কয় যে এইবাৰ তেওঁ নৱবিবাহিত লোকক নিমন্ত্ৰণ কৰিব বা প্ৰাক্তন ক্ৰিকেটাৰক শ্ব’লৈ নিমন্ত্ৰণ কৰিব । অৱশ্যে কৰণে স্পষ্টকৈ কোৱা নাই যে তেওঁ এইবাৰ শ্ব’টোত কি নতুনত্ব থাকিব ৷

২৬ অক্টোবৰৰ পৰা হটষ্টাৰত প্ৰচাৰ হ’ব কফি উইথ কৰণ ছিজন ৯ । এই প্ৰ’ম’টো শ্বেয়াৰ কৰি কৰণে কেপচনত লিখিছে, ‘‘মোৰ নিজৰ বিবেকেও মোক ট্ৰ’ল কৰিব বিচাৰিছে ! কিন্তু সি কি ভাবে তাক গুৰুত্ব নিদিব, মই এতিয়া ছিজন ৮ তৈয়াৰ কৰি আছো । ’’

উল্লেখ্য যে, তাৰকাসকলৰ জীৱনৰ বহু গোপন কথা কৰণৰ শ্ব’ত প্ৰকাশ পাইছে । আলিয়াৰ পৰা সিদ্ধাৰ্থৰ বিবাহ লৈকে সকলো কথা পূৰ্বেই আলোচনা হৈছিল শ্ব’টোত ৷

লগতে পঢ়ক: CID Stars Reunite: আকৌ একেলগে দেখা যাব নেকি এচিপি প্ৰদ্যুমান-দয়াক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.