ETV Bharat / entertainment

Kapil Sharma Show: সলনি হ’ল কপিল শৰ্মা শ্ব’ৰ ঠিকনা, এতিয়াৰে পৰা এইটো অ’টিটি প্লেটফৰ্মত হ’ব প্ৰচাৰ

আকৌ এবাৰ মানুহক হাঁহিৰ খোৰাক দিবলৈ সাজু হৈছে কপিল শৰ্মা । কিন্তু এইবাৰ তেওঁৰ শ্ব’টো চ’নী টিভিৰ পৰিৱৰ্তে এই অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিব ৷ কিন্তু কোনটো অ’টিটি প্লেটফৰ্মত মুক্তি পাব জানি লওক এই প্ৰতিবেদনত ৷

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:11 PM IST

Kapil Sharmas new comedy show to air on Netflix; Watch video
চ’নী টিভিৰ পৰিৱৰ্তে এই অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিব কপিল শৰ্মা শ্ব’

চিটাৰা ডেস্ক, 14 নৱেম্বৰ: টিভিত নহয় নেটফ্লিক্সত এইবাৰ আলোড়নৰ সৃষ্টি কৰিব কমেডিয়ান কপিল শৰ্মাই । অ’টিটি প্লেটফৰ্মৰ পৰা নতুনকৈ আৰম্ভণি কৰিব কপিল শৰ্মা শ্ব’ । ছ’চিয়েল মিডিয়াত কপিলে তেওঁৰ শ্ব’টোৰ কথা ঘোষণা কৰিছে । দৰাচলতে শ্ব’টোৰ প্লেটফৰ্ম সলনি হৈছে যদিও কপিলে নিজৰ পুৰণি দলটোৰ সৈতে আকৌ এবাৰ সকলোকে হাঁহিৰ খোৰাক দিবলৈ সাজু হৈছে । কপিলে এটা ভিডিঅ’ শ্বেয়াৰ কৰি নতুন শ্ব’টোত কোন কোন থাকিব সেই কথা ঘোষণা কৰিছে ।

কপিল শৰ্মাৰ কমেডী শ্ব’ত তেওঁৰ সৈতে অৰ্চনা পুৰণ সিং, ৰাজীৱ ঠাকুৰ, কিকু শাৰদা আৰু কৃষ্ণা অভিষেককো দেখা যাব । ভিডিঅ’টো শ্বেয়াৰ কৰি নেটফ্লিক্সে লিখিছে- জানেনে, কপিলৰ নতুন ঠিকনা ? মোৰ পৰিয়ালৰ গ্ৰুপত ভাল খবৰটো শ্বেয়াৰ কৰিছো কাৰণ কপিল এণ্ড দ্য গেং অতি সোনকালে নেটফ্লিক্সলৈ আহি আছে !

ঘৰ সলনি হৈছে, পৰিয়াল নহয় - কপিল শৰ্মা

ভিডিঅ’টোত দেখা গৈছে কপিল শৰ্মা নতুন ঘৰলৈ স্থানান্তৰিত হৈছে । তেওঁ সহায়িকাক কয় যে তেওঁ ঘৰত কোনো পুৰণি বস্তু নিবিচাৰে । ইয়াৰ পিচত ক্ৰমান্বয়ে অৰ্চনা পুৰণ সিং, ৰাজীৱ ঠাকুৰ, কিকু শাৰদা আৰু কৃষ্ণা অভিষেক ঘৰৰ এটা এটা কোণৰ পৰা ওলোৱা দেখা যায় । ইয়াৰ পিচত কপিলে ঘৰৰ পৰা ওলাই যাবলৈ আৰম্ভ ধৰে, পিচত সহায়িকাগৰাকীয়ে সুধিলে মই সকলোকে বাহিৰলৈ পঠিয়াই দিম নেকি ? ইয়াৰ উত্তৰত কপিলে হাঁহি হাঁহি কয় – ঘৰখন হে সলনি হৈছে, পৰিয়াল সলনি হোৱা নাই ।

উল্লেখ্য যে, কপিল শৰ্মাই দীৰ্ঘদিন ধৰি টিভি চেনেলত কমেডী শ্ব’ জৰিয়তে ঘৰে ঘৰে সকলোকে হাঁহিৰ খোৰাক দি আহিছে । ২০১৬ চনত তেওঁ প্ৰথমবাৰৰ বাবে চ’নীত নিজৰ অনুষ্ঠানটো আৰম্ভ কৰিছিল । ছলমান খান, শ্বাহৰুখ খান, অক্ষয় কুমাৰকে ধৰি বহু চেলিব্ৰিটিয়ে নিজৰ ছবিৰ প্ৰচাৰৰ বাবে আহে কপিল শৰ্মা শ্ব’লৈ ৷

লগতে পঢ়ক: Hina Khan celebrates diwali: দীপাৱলী উদযাপনৰ বাবে ট্ৰ’ল হ’ল হিনা, ব্যৱহাৰকাৰীয়ে ক’লে - আপুনি হিন্দু নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.