চিটাৰা ডেস্ক, 22 মে’: টেলিভিছন জগতৰ অভিনেতা কৰণ কুন্দ্ৰা আৰু তেজস্বী প্ৰকাশ চহৰৰ অন্যতম জনপ্ৰিয় প্ৰেমিক-প্ৰেমিকা ৷ অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত দুয়োকে যথেষ্ট মৰম দিয়ে (Karan Kundrra)। ‘তেজৰাণ’ নামেৰে পৰিচিত এই প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ছলমান খানে হোষ্ট কৰা টেলিভিজনৰ জনপ্ৰিয় শ্ব’ বিগ বছ ১৫ ৰ পৰা ৷ ইয়াৰ পিচত বিগ বছৰ ঘৰৰ বাহিৰত অহাৰ পিচতো দুয়োৰে প্ৰেম কাহিনী দেখিবলৈ পোৱা গৈছিল ৷ ছ’চিয়েল মিডিয়াত প্ৰায়ে ৰোমান্টিক ফটো শ্বেয়াৰ কৰি দুয়োৰে মাজত থকা প্ৰেমৰ ইংগিত দিছিল ৷
কিন্তু শেহতীয়াকৈ কৰণে ছ’চিয়েল মিডিয়াত কিছু ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছিল ৷ কৰণৰ এই ৰহস্যময় পোষ্টৰ পিচতে দুয়োৰে ব্ৰেকআপ হোৱা বুলি সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হয় ৷ কিন্তু প্ৰথম অৱস্থাত এই উৰাবাতৰিসমূহক কৰণে আওকাণ কৰিছিল যদিও অৱশেষত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কৰণে ৷ অভিনেতাগৰাকীয়ে এইসমূহ বাতৰিক সম্বোধন কৰি কয় যে, তেওঁ ভাল পোৱা কবিলেট আৰু কবিতা পোষ্ট কৰিব ৷ কিন্তু সেই পোষ্টবোৰৰ সৈতে তেওঁৰ ব্যক্তিগত জীৱনৰ একো সম্বন্ধ নাই (Karan Kundrra Tejasswi Prakash breakup) ৷
ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছ ১৫ ত অংশগ্ৰহণৰ আৰম্ভণিৰে পৰাই কৰণ আৰু তেজস্বীয়ে ডেটিং কৰি আহিছে । কৰণক বৰ্তমান ‘তেৰে ইছক মে ঘায়াল’ শ্ব’টোত দেখা পোৱা গৈছে (Karan Kundrra reaction to breakup rumours) ৷ আনহাতে, বৰ্তমান তেজস্বীক জনপ্ৰিয় ফেণ্টাচি টিভি ধাৰাবাহিক নাগিন ৬ ত দেখা পোৱা গৈছে । উল্লেখ্য যে, তেওঁলোকৰ বিষয়ে উৰাবাতৰি চলিত বৰ্ষৰ মাৰ্চ মাহত কৰণে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত হিন্দী কপলেট শ্বেয়াৰ কৰাৰ পিচত আৰম্ভ হৈছিল (Karan Kundrra Tejasswi Prakash breakup rumours) ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৰণে কয়, "মই কাব্যিক বাৰ্তা লিখোঁ কাৰণ মই সেইবোৰ শ্বেয়াৰ কৰিব বিচাৰো । মই ৰেডিঅ’ত শুনি থাকোঁতে লিখিছিলো । তেজু (তেজস্বী) ইয়াৰ সৈতে একেবাৰেই সংযুক্ত নহয় । তাই কিয় জড়িত হ’ব এইবোৰত । তাই মোৰ প্ৰেমিকা । আনকি মই মোৰ প্ৰাক্তন প্ৰেমিকাৰ বিষয়েও নিলিখো ।"
কৰণে লগতে কয়, "তেজস্বীয়ে যদি ফটো এখন পোষ্ট কৰে আৰু মই তাত আছো, তেন্তে কেইঘণ্টামানৰ ভিতৰতে মই হাজাৰটা মন্তব্য লাভ কৰো যে মই এই ফটোখন লাইক কৰা নাই ৷ তেন্তে আৰু কোন ৷ জীৱনটো ছ'চিয়েল মিডিয়াৰ বিষয়ে নহয় । ই যথেষ্ট ৰহস্যজনক ।"
২০২১ চনত ৰিয়েলিটি শ্ব’ত ৰাজহুৱাভাৱে ইগৰাকী সিগৰাকীৰ প্ৰতি থকা প্ৰেমৰ কথা ঘোষণা কৰাৰ পিচৰে পৰা তেওঁলোকৰ বিবাহ আৰু এংগেজমেণ্ট সন্দৰ্ভত জল্পনা-কল্পনা চলি আহিছে (Tejasswi Prakash)। বিবাহ আৰু এংগেজমেণ্ট সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই এই দুই প্ৰেমিক-প্ৰেমিকাই ৷
লগতে পঢ়ক : Tejasswi Prakash: ৱান চ’লডাৰ নীলা সাজত তেজস্বী প্ৰকাশ, তেজস্বীৰ এইসমূহ ছবিয়ে মোহিত কৰিব আপোনাক