ETV Bharat / entertainment

Hina Khan : জি-২০ সন্মিলনত অংশ লৈছে হিনা খানে, ইয়াৰ মাজতে কাশ্মীৰক লৈ হিনাই ক’লে এক ডাঙৰ কথা

আজি শ্ৰীনগৰত অনুষ্ঠিত জি-২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠকত অংশগ্ৰহণ কৰে অভিনেত্ৰী হিনা খানে । জি-২০ সন্মিলনৰ কিছু ছবি শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । আহকচোন অভিনেত্ৰীগৰাকীৰ শেহতীয়া এই ছবিসমূহ ...

author img

By

Published : May 25, 2023, 5:35 PM IST

Hina Khan shared pictures of G20 Tourism Working Group meeting Srinagar, see latest photos
জি-২০ পৰ্যটন ৱৰ্কিং গ্ৰুপৰ বৈঠকত অংশগ্ৰহণ কৰে অভিনেত্ৰী হিনা খানে

চিটাৰা ডেস্ক, 25 মে’: বৰ্তমান কাশ্মীৰৰ শ্ৰীনগৰত আছে ফেশ্বন কুইন হিনা খান, য’ত অভিনেত্ৰীগৰাকীয়ে জি-২০ পৰ্যটন কৰ্মগোটৰ বৈঠকত অংশগ্ৰহণ কৰে (G20 Srinaga)r। 'আৰ আৰ আৰ'ৰ অভিনেতা ৰাম চৰণৰ পিছতে কাশ্মীৰত অনুষ্ঠিত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় দ্বিতীয়গৰাকী চেলিব্ৰিটি হৈছে হিনা খান । বৃহস্পতিবাৰে কাৰ্যসূচীত হিনাই নিজৰ উপস্থিতি পঞ্জীয়ন কৰে । অভিনেত্ৰীগৰাকীক ব্যক্তিগতভাৱে আমন্ত্ৰণ জনাইছিল শ্ৰীনগৰৰ মেয়ৰ জুনেইদ আজিম মট্টুৱে । শীৰ্ষ সন্মিলনৰ তৃতীয় দিনা মনোৰঞ্জন জগতখনক প্ৰতিনিধিত্ব কৰে ‘য়ে ৰিশ্বতা ক্যা কেহলাতা হে’ৰ অভিনেত্ৰীগৰাকীয়ে (Hina Khan G20)।

হিনা খানে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে জি-২০ৰ কিছু বিশেষ ছবি শ্বেয়াৰ কৰিছে (Hina Khan Srinagar) । এই পোষ্টটোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে শ্ৰীনগৰৰ মেয়ৰক ধন্যবাদ জনাইছে । হিনাই কেপচনত লিখিছে, ‘জম্মু-কাশ্মীৰ আৰু দেশৰ যুৱক-যুৱতীসকলৰ বাবে ইতিবাচক উন্নয়ন আৰু সৃষ্টিশীল বিকল্পৰ প্ৰসাৰৰ বাবে শ্ৰীনগৰত জি-২০ পৰ্যটন কৰ্মগোটৰ বৈঠকৰ অংশ হ’বলৈ পাই কৃতজ্ঞ (G20 Tourism Working Group meeting) । নতুন কাশ্মীৰৰ উন্নয়নৰ কাহিনীত অৰিহণা যোগাবলৈ আৰু সহযোগী কাশ্মীৰী যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিবলৈ গৌৰৱ অনুভৱ কৰিছো। ’

হিনাই লগতে লিখিছে,‘আজি আচৰিত প্ৰতিভাক লগ পালোঁ, এই বিশেষ অনুষ্ঠানৰ বাবে শ্ৰীনগৰৰ মেয়ৰক ধন্যবাদ । প্ৰকৃত কৃতিত্ব লাভ কৰা ব্যক্তিসকলে গৃহ ৰাজ্যপালৰ পৰা স্বীকৃতি লাভ কৰাটো উৎসাহজনক । বহুতকে নিজৰ ভৱিষ্যতৰ বাবে সঠিক পথ বাছি ল’বলৈ অনুপ্ৰাণিত কৰাৰ আশা । এই চমৎকাৰ পদক্ষেপৰ বাবে শ্ৰীনগৰৰ মেয়ৰ জুনেইদ আজিম মাট্টুক ধন্যবাদ ।’ ছবিবোৰত হিনাক গধুৰ এম্ব্ৰয়ডাৰীৰে পাতল হালধীয়া ৰঙৰ অনাৰ্কলি চুট পৰিধান কৰা দেখা যায় । চুটৰ সৈতে মেচিং কাণফুলি বাছি লৈছিল শ্বেৰ খানে (Hina Khan latest photos) ।

পোষ্টটোৰ প্ৰথম ছবিখনত হিনাক দেখা গৈছে মেয়ৰ জুনেইদ আজিম মট্টুৰ সৈতে । আন এখন ছবিত জি-২০ সন্মিলনৰ আন সদস্যসকলৰ সৈতে পোজ দিয়া দেখা গৈছে । হিনাই তেওঁৰ পোষ্টটোত কিছুমান ভিডিঅ’ও অন্তৰ্ভুক্ত কৰিছে, য’ত মেয়ৰৰ সৈতে বিশেষ বৈঠক, জি-২০ৰ প্ৰদৰ্শন আৰু প্ৰদৰ্শনীৰ কিছুমান ষ্টলৰ আভাস দেখা যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে হিনাৰ এই ভিডিঅ’ আৰু ছবিসমূহ ৷

লগতে পঢ়ক: Sunny Leone : পৰ্ণ ইণ্ডাষ্ট্ৰী ত্যাগ কৰি ভাৰতলৈ অহাৰ পিচতে ভাবুকি লাভ কৰিছিল ছানী লিয়নিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.