চিটাৰা ডেস্ক, 3 ডিচেম্বৰ : বিখ্যাত কমেডিয়ান তথা ‘লাফটাৰ কুইন’ ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াই 3 ডিচেম্বৰত পঞ্চম বিবাহ বাৰ্ষিকী উদযাপন কৰিছে । 2017 চনত বিবাহপাশত আবদ্ধ হৈছিল প্ৰেমিকযুগল । দুয়োৱেই ইতিমধ্যে পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰিছে ৷ এটি পুত্ৰ সন্তান জন্ম দিছে ভাৰতীয়ে । বিবাহ বাৰ্ষিকীৰ বিশেষ দিনটোত ভাৰতী সিঙে স্বামীক শুভেচ্ছা জ্ঞাপন কৰি বিয়াৰ মণ্ডপৰ পৰা এখন সুন্দৰ ফটো শ্বেয়াৰ কৰি স্বামীলৈ বুলি এটা মৰমলগা টোকা লিখিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ভাৰতী সিঙে বিয়াৰ মণ্ডপৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে, য’ত স্বামী হৰ্ষৰ সৈতে খোজ কাঢ়ি থকা দেখা গৈছে । এই ফটোখন শ্বেয়াৰ কৰি, স্বামীক তেওঁলোকৰ বিবাহ বাৰ্ষিকীত অভিনন্দন জনাই ভাৰতী সিঙে লিখিছে, ‘বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা থাকিল স্বামী হৰ্ষ জী, আপোনাক বহুত মৰম, 3 ডিচেম্বৰ মোৰ জীৱনৰ সোণালী দিন’ ।
ভাৰতী সিঙৰ এই অভিনন্দন পোষ্টত অনুৰাগী আৰু চেলেব্ৰিটীসকলে তেওঁলোকক বিবাহ বাৰ্ষিকীৰ অভিনন্দন জনাইছে । বলীউডৰ অভিনেত্ৰী জুহি চাওলাই লিখিছে, ‘হেপ্পী বিবাহ বাৰ্ষিকী ভাৰতী আৰু হৰ্ষ’। ইয়াৰ উপৰিও এই বিশেষ দিনটোত ভোজপুৰী অভিনেত্ৰী মনালিছা, গায়িকা নেহা কক্কাৰৰ স্বামী তথা গায়িক ৰোহনপ্ৰীত সিং, গায়ক টনি কক্কৰ আৰু অভিনেত্ৰী অৰ্চনা পুৰাণ সিংকে ধৰি বহু তাৰকাই দম্পতীহালক মৰম ও আশীৰ্বাদ দিছে । ভাৰতৰ ডেৰ লাখতকৈ অধিক অনুৰাগীয়ে এই পোষ্টটো লাইক কৰি বিবাহ বাৰ্ষিকীৰ অভিনন্দন জনাইছে ।
ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়া দুয়োজনেই টিভিৰ আয়োজক আৰু এংকৰ । দুয়োৱে এনে শ্ব’ কৰি থাকোঁতেই লগ হৈছিল আৰু তাৰ পিছত এই বন্ধুত্ব প্ৰেমলৈ পৰিণত হৈছিল । ইয়াৰ পিছত 2017 চনৰ 3 ডিচেম্বৰত দুয়োৱে যুগ্ম জীৱনৰ পাতনি মেলে ৷ এটি পুত্ৰ সন্তানৰে সৈতে এতিয়া তেওঁলোকৰ তিনিজনীয়া সুখী পৰিয়াল ৷ সন্তানক মৰমেৰে গোলা বুলি মাতে তেওঁলোকে (Bharti Singh baby name) । ভাৰতীয়ে প্ৰায়ে পুত্ৰ গোলাৰ সৈতে তেওঁৰ সুন্দৰ ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰি অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰি থাকে ।
লগতে পঢ়ক : Red Sea Film Festival 2022: বলীউড তাৰকাৰ পয়োভৰেৰে জমি উঠিল ৰেড চি ফিল্ম ফেষ্টিভেলৰ মেহফিল