ETV Bharat / entertainment

Dance Deewane 3 ৰ গুঞ্জন সিন্হাৰ এই অনুৰোধ ৰক্ষা কৰিবনে অসমবাসীয়ে - গুঞ্জন সিন্হা

নিজ প্ৰতিভাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজ্যৰ নাম উজলোৱা প্ৰতিভাৱান শিল্পীৰে ভৰি আছে অসম ৷ অসমবাসী ৰাইজৰ পৰা পোৱা বিপুল সঁহাৰিৰ বলত আজি তেওঁলোক দেশৰ চাৰিওপিনে জনাজাত হৈছে একো একোজন নামজ্বলা শিল্পী হিচাপে ৷ Dance Deewane 3 ত ফাইনেলিষ্ট হৈ অসমৰ নাম জিলিকাই তোলা গুঞ্জন সিন্হাই পুনৰ এটি আহ্বান লৈ আহিছে অসমবাসী ৰাইজৰ ওচৰলৈ ৷ সবিশেষ আগলৈ-

gunjan sinha
গুঞ্জন সিন্হাৰ এই অনুৰোধ ৰক্ষা কৰিবনে অসমবাসীয়ে
author img

By

Published : Sep 12, 2022, 8:48 PM IST

চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ : গুঞ্জন সিন্হা, যাৰ নৃত্যই সমগ্ৰ অসমবাসীৰে মন মুহিবলৈ সক্ষম হৈছিল সেই গুঞ্জন সিন্হা পুনৰ আহিছে অন্য এটা অনুৰোধ লৈ অসমবাসী ৰাইজৰ ওচৰলৈ ৷ মায়ানগৰী মুম্বাইত গুঞ্জনৰ নৃত্যৰ যাদুৱে মোহাচ্ছন্ন কৰি ৰাখিছে সকলোকে ৷ Dance Deewane 3 ৰ পিছত আকৌ চৰ্চালৈ আহিছে গুঞ্জন ৷ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজলাইছে অসমৰ ৷

অসমী আইক গৌৰৱান্বিত কৰাৰ সুযোগ লৈ মুম্বাইত উপস্থিত কণমানি গুঞ্জন ৷ গুঞ্জনৰ জয় যাত্ৰা অব্যাহত আছে ৰাষ্ট্ৰীয় টেলিভিছনৰ বিভিন্ন ৰিয়েলিটী শ্ব'ত ৷ গুঞ্জনে এইবাৰ প্ৰৱেশ কৰিছে jhalak dikhhla jaa season 10 ৷ প্ৰৱেশ কৰিয়ে গুঞ্জনে সৃষ্টি কৰিছে চমক ৷

গুঞ্জন সিন্হাৰ এই অনুৰোধ ৰক্ষা কৰিবনে অসমবাসীয়ে

অভূতপূৰ্ব নৃত্যৰে মুগ্ধ কৰিছে নামী দামী তাৰকাৰ মন লগতে আপ্লুত কৰিছে বিচাৰকক ৷ ৰন্ধীৰ সিন্হা আৰু হিমাদ্ৰী সিন্হাৰ কন্যা গুঞ্জনে Dance Deewane 3 ত অভূতপূর্ব প্ৰদৰ্শন কৰাৰ পাছত এইবাৰ খোজ দিছে কালাৰ্ছ টিভিৰ jhalak dikhhla jaa season 10 ৰিয়েলিটী শ্ব'টোত ৷ গুঞ্জনৰ নৃত্যশৈলীক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ৷

Jhalak dikhhla jaa season 10 অনুষ্ঠানটোত বিচাৰককে আদি কৰি অংশগ্রহণ কৰা সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে গুঞ্জনক ৷ দুৰ্দান্ত গতিৰে আগুৱাই গৈছে গুঞ্জন সিন্হা ৷ পিতৃ-মাতৃৰ দাবী যে অসমৰ পৰা jhalak dikhhla jaa লৈ যোৱা গুঞ্জনেই প্ৰথম অসম সন্তান । গুঞ্জনক এতিয়া প্ৰয়োজন অসম বাসীৰ মৰম আশীৰ্বাদৰ । গুঞ্জনে ভিডিঅ'যোগে বিচাৰিছে অসমবাসীৰ মৰম ও আৰ্শীবাদ । আমিও আশা কৰো গুঞ্জন আগবাঢ়ি যাওক । অসমৰ নাম উজ্বলাই গৌৰৱ কঢ়িয়াই আনক অসমলৈ ।

ইটিভি চিটাৰা পৰিয়ালৰ তৰফৰ পৰা গুঞ্জনলৈ অলেখ শুভকামনা ।

লগতে পঢ়ক : ৰজনীকান্তৰ পৰিয়াললৈ পুনৰ আগমণ ঘটিল দেৱশিশুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.