চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: মাতৃ হ’ল বিগ বছ ছিজন ১৪ৰ বিজয়ী তথা সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰুবিনা দিলাইক ৷ কিছুদিন পূৰ্বে খবৰ পোৱা গৈছিল যে দুটি কণমানি কন্যা সন্তানক জন্ম দিছে ৰুবিনাই ৷ অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাছিল ৰুবিনা দিলাইক কিম্বা তেওঁৰ স্বামী অভিনৱ শুক্লাই ৷ কিন্তু এই খবৰ নিশ্চিত কৰিছিল অভিনেত্ৰীগৰাকীৰ প্ৰশিক্ষকে ৷ ছ’চিয়েল মিডিয়াত প্ৰশিক্ষকগৰাকীয়ে পোষ্ট শ্বেয়াৰ কৰি ৰুবিনাই দুগৰাকী কন্যা সন্তান জন্ম দিছে বুলি প্ৰকাশ কৰিছিল ।
কিন্তু ইয়াৰ পিচত প্ৰশিক্ষকগৰাকীয়ে নিজৰ পোষ্টটো পুনৰ এডিট কৰি কেৱল ‘অভিনন্দন’ বুলি লিখিছিল । ইফালে অভিনেত্ৰী ৰুবিনা দিলাইকৰ মাতৃ হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিচৰে পৰা অনুৰাগীয়ে কণমানি দুটিৰ আভাস চাবলৈ অপেক্ষা কৰি আছিল । অৱশেষত অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ কাৰণ টিভিৰ বছ লেডী ৰুবিনা দিলাইকে খোদ কন্যাৰ ফটোৰ লগতে তেওঁলোকৰ নামো প্ৰকাশ কৰিছে ।
এমহীয়া হ’ল ৰুবিনা দিলাইকৰ যমজ কন্যা
আজি অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটোত যমজ কন্যা সন্তানৰ নাম প্ৰকাশ কৰাৰ লগতে এমাহ সম্পূৰ্ণ হোৱাৰ কথাও প্ৰকাশ কৰে ৷ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এই তথ্য শ্বেয়াৰ কৰি ৰুবিনা দিলাইকে কয় যে নৱেম্বৰ মাহত গুৰু পূৰবৰ বিশেষ ক্ষণত তেওঁৰ যমজ কন্যা সন্তান দুটিৰ জন্ম হৈছিল ।
এই তথ্যৰ লগতে ৰুবিনা দিলাইক আৰু অভিনৱ শুক্লাই তেওঁলোকৰ কন্যা সন্তানৰ ফটোও শ্বেয়াৰ কৰিছে । প্ৰথম ফটোখনত ৰুবিনা আৰু অভিনৱে দুয়োজনী কণমানিক মৰমেৰে কোলাত লৈ আছে, দ্বিতীয়খন ফটোত দুয়োগৰাকী কন্যাৰ হাত দুখন দেখা গৈছে । আন এখন ফটোত তেওঁ আৰু অভিনেতা অভিনৱ শুক্লাক কন্যা সন্তান জন্মৰ পিচত নিজৰ ঘৰত পূজা কৰা দেখা গৈছে । অৱশ্যে তেওঁলোকে কন্যা সন্তান দুটিৰ মুখ প্ৰকাশ কৰা নাই ৷
ৰুবিনা দিলাইক-অভিনৱ শুক্লাই প্ৰকাশ কৰিলে কন্যাৰ নাম
এই পোষ্টটো শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ ৰুবিনা আৰু অভিনৱে নিজৰ কন্যা সন্তানৰ নামো প্ৰকাশ কৰিছে । এই জনপ্ৰিয় টিভি দম্পতীয়ে নিজৰ কন্যা সন্তান দুটিৰ নাম ৰাখিছে জীৱা আৰু ইধা ।
ফটোৰ লগতে কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘‘আমাৰ কন্যা জীৱা আৰু ইধাৰ আজি এমাহ সম্পন্ন হ’ল ৷ আমি এই খবৰ শ্বেয়াৰ কৰি অতি সুখ অনুভৱ কৰিছো ।’’
লগতে পঢ়ক: কন্যা ৰাবিয়াৰ সৈতে প্ৰথম বৰদিন উদযাপন স্বৰা ভাস্কৰৰ, ফটো শ্বেয়াৰ কৰি লিখিলে হৃদয় চুই যোৱা কেপচন