ETV Bharat / entertainment

Dipika Kakar : মাতৃ হোৱাৰ পূৰ্বে চিৰদিনৰ বাবে অভিনয় জগত এৰিব নেকি দীপিকা কক্কৰে ?

author img

By

Published : May 29, 2023, 7:39 PM IST

অভিনয় জগত ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে টিভিৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰে । অন্তঃসত্বা অভিনেত্ৰীগৰাকীয়ে কয় যে মাতৃ হোৱাৰ পিচত অভিনয় জগতখনৰ পৰা নিজকে আঁতৰাই ৰাখিব । এই সিদ্ধান্তৰ আঁৰৰ কাৰণ ক’লে অভিনেত্ৰীগৰাকীয়ে ৷

Dipika Kakar wants to quit acting, live as housewife and mother
অভিনেত্ৰী দীপিকা কক্কৰৰ অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ

চিটাৰা ডেস্ক, 29 মে’: টিভি জগতৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰ বৰ্তমান সন্তানসম্ভৱা । অভিনেতা স্বামী শ্বোৱেব ইব্ৰাহিমৰ সৈতে অন্তঃসত্বা হোৱাৰ কথা ঘোষণা কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ পিচতেই এই দম্পতীয়ে একেলগে কটাইছে জীৱনৰ এই বিশেষ মুহূৰ্তবোৰ (Dipika Kakar wants to quit acting)। কিন্তু এতিয়া দীপিকা সম্পৰ্কত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ ।

তাৎপৰ্যপূৰ্ণভাৱে মাতৃ হোৱাৰ পিচত দীপিকা কক্কৰে অভিনয় জীৱন ত্যাগ কৰি শ্বোৱেবৰ পত্নী হৈয়ে ভৱিষ্যত জীৱন কটাব । যদি এনেকুৱা হয়, তেন্তে ‘শসুৰাল সীমাৰ কা’ৰ ফেম অভিনেত্ৰী দীপিকাৰ অনুৰাগীৰ বাবে এইটো এটা ডাঙৰ আশ্বৰ্যকৰ খবৰ হিচাপে প্ৰমাণিত হ’ব (Pregnant TV Star Dipika Kakar)।

গৰ্ভাৱস্থাৰ অন্তিম সময়ত থকা অভিনেত্ৰীগৰাকীয়ে স্বামীৰ সৈতে এই বিশেষ মুহূৰ্তবোৰ মুকলিকৈ কটাইছে । অৱশ্যে গৰ্ভাৱস্থাৰ বাবে দীপিকা অভিনয় জীৱনৰ পৰা আঁতৰি আছে (Dipika Kakar confirms she is quitting acting) । সেয়াহে অনুৰাগীসকলে অপেক্ষা কৰি আছে যে, অভিনেত্ৰীগৰাকীয়ে অতি সোনকালে মাতৃ হোৱাৰ পিচত অভিনয় জগতত প্ৰৱেশ কৰিব ৷

কিন্তু অনুৰাগীৰ আশাত যেন এক প্ৰকাৰে চেঁচা পানী ঢালিলে দীপিকাই ৷ কিয়নো শেহতীয়াকৈ দীপিকাই স্পষ্ট কৰি দিছে যে, তেওঁৰ আৰু অভিনয় কৰাৰ কোনো উদ্দেশ্য নাই । উল্লেখ্য যে, বিগ বছ ১২ ৰ বিজয়ী দীপিকাক ২০২০ চনত টিভি শ্ব’ ‘কাহা হাম কাহা তুম’ত অভিনেতা কৰণ গ্ৰ’ভাৰৰ সৈতে দেখা গৈছিল ।

এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কৈছে, ‘‘এই সময়ত মই মোৰ গৰ্ভাৱস্থাৰ সময়ক লৈ উৎকণ্ঠিত হৈ আছো আৰু মুকলিকৈ এই সময়চোৱা উপভোগ কৰি আছো, মই মোৰ প্ৰথম সন্তানক আদৰিবলৈ সাজু হৈছো, মই অতি কম বয়সৰ পৰাই কাম কৰি আছো, মই প্ৰায় কাম কৰিছো ১৫ বছৰ, এতিয়া যেতিয়া মই মাতৃ হ’বলৈ ওলাইছো, তেতিয়া মই শ্বোৱেবক ক’লোঁ যে মই আৰু অভিনয় কৰিব নিবিচাৰো, মই মাত্ৰ এগৰাকী গৃহিণী আৰু এগৰাকী মাতৃ হিচাপে জীৱনটো কটাব বিচাৰো ।’’

লগতে পঢ়ক: Sara and Rakhi: ৰাখী সাৱন্ত আৰু ছাৰা আলী খানৰ এটা ধেমেলিয়া ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, চাওক এই ভিডিঅ’টো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.