চিটাৰা ডেস্ক, 26 অক্টোবৰ: অভিনেত্ৰী দীপিকা কক্কাৰ বৰ্তমান নিজৰ মাতৃত্বৰ সময় উপভোগ কৰি আছে । পুত্ৰ ৰুহানৰ সৈতে ঘৰতে সময় অতিবাহিত কৰিছে অভিনেত্ৰীগৰাকীয়ে । অৱশ্যে টিভি জগতৰ পৰা দূৰত থাকিলেও অভিনেত্ৰীগৰাকীয়ে ইউটিউব ব্লগৰ জৰিয়তে নিজৰ জীৱনৰ সৈতে জড়িত আপডেটবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে । এতিয়া শেহতীয়া ব্লগত দীপিকাই প্ৰকাশ কৰিছে যে তেওঁৰ লগত অনলাইন প্ৰৱঞ্চনা হৈছে । এই তথ্য ইউটিউবত শ্বেয়াৰ কৰিছে দীপিকাই ।
- " class="align-text-top noRightClick twitterSection" data="">
অনলাইন প্ৰৱঞ্চনাৰ বলি হ’ল দীপিকা
দীপিকাই নিজৰ vlog ত কয়, ‘‘৩-৪ দিন আগতে মোৰ ঘৰলৈ এটা পাৰ্চেল আহিছিল আৰু ডেলিভেৰী দিয়া মানুহজনে মোক কৈছিল মেম ই কেছ অন ডেলিভাৰী অৰ্ডাৰ । গতিকে মইও ইমান এটা নাভাবিলো, যিহেতু মই ৰুহানৰ বাবে আৰু নিজৰ বাবে অনলাইনত বস্তু অৰ্ডাৰ দিয়ে থাকোঁ । গতিকে নগদ ধন দি মই অৰ্ডাৰটো লৈ ল’লো ৷ পাৰ্চেলটোত মোৰ নাম, মোৰ ফোন নম্বৰ আৰু মোৰ ঠিকনা লিখা আছিল আৰু মই কিবা এটা কামত ব্যস্ত আছিলো সেয়ে মই ইমান এটা নাভাবিলো । কিন্তু পাৰ্চেলটো যেতিয়া মই খুলিলো তেতিয়া দেখিলো এয়া মই অৰ্ডাৰ দিয়া পাৰ্চেল নাছিল । গতিকে মই দেখি কিছু আচৰিত হ’লো ।
অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘‘পিছদিনা আকৌ তিনি-চাৰিটা পাৰ্চেল আহিল । গতিকে মই ক’লো যে সেয়া মোৰ নহয় । গতিকে তেওঁ ক’লে যে মেম কাৰ্ছান নম্বৰতহে অ’টিপি আহিব, গতিকে মই দিলোঁ । আজি পুৱা তিনিটা আৰু দুপৰীয়া দুটা অৰ্ডাৰ আকৌ আহিল । সেয়ে মই নাকচ কৰিলোঁ যে এয়া মই অৰ্ডাৰ দিয়া নাই । তাৰ পিচত সকলোকে সোধা-পোছা কৰি গম পালোঁ যে এইটো এটা প্ৰৱঞ্চনাহে । গতিকে যদি আপোনালোকৰ লগত এনেকুৱা হয় তেন্তে অনুগ্ৰহ কৰি সাৱধান হওক । অৰ্ডাৰ নল’ব আৰু OTP নিদিব ।’’
উল্লেখ্য যে বৰ্তমান দীপিকাই কামৰ পৰা বিৰতি লৈছে । পুত্ৰক ডাঙৰ-দীঘল কৰাত অভিনেত্ৰীগৰাকীয়ে সম্পূৰ্ণ মনোযোগ দিছে ।
লগতে পঢ়ক: Big Boss OTT 2 Winner : ১ কোটি টকাৰ ধন দাবী এলভিছক, গুজৰাটৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত