চিটাৰা ডেস্ক, 2 অক্টোবৰ: এ চি পি প্ৰদ্যুমান, দয়া- মনত আছে নে এই নামসমূহৰ কথা ৷ হয়, ছ’নী টিভিত 1998 চনৰ পৰা 2018 লৈকে শাসন কৰা ধাৰাবাহিক চি আই ডিৰ এয়া হৈছে জনপ্ৰিয় চৰিত্ৰৰ নাম ৷ এ চি পি প্ৰদ্যুমানৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা শিৱাজী সাতমে শেহতীয়াকৈ শ্ব’টোৰ অভিনেতাসকলক সাক্ষাৎ কৰে ৷ ইয়াৰ ফটো তেওঁ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । দৰাচলতে শিৱাজী সাতমে অনুপ ছোনী আৰু দয়ানন্দ শেট্টীক সাক্ষাৎ কৰে আৰু ইয়াৰ ফটোও শ্বেয়াৰ কৰিছে । ফটোখন দেখি এনেকুৱা লাগিছে তেওঁলোক শ্বুটিঙৰ চেটত আছে ৷ অৱশ্যে এই তিনিওজনক পুনৰ কোনো প্ৰজেক্টত একেলগে দেখা যাব নে নাই সেয়া তেওঁলোকে স্পষ্টকৈ কোৱা নাই ।
শিৱাজীয়ে ফটো শ্বেয়াৰ কৰিছে
ফটোখন শ্বেয়াৰ কৰি শিৱাজীয়ে কেপচনত লিখিছে - বহুদিনৰ মূৰত অনুপ ছোনী আৰু দয়াৰ সৈতে চেটত একেলগে থকাটো ভাল লাগিছে । ইয়াৰ পিচত তেওঁ হাৰ্ট আৰু ডান্সিং ইমোজি যোগ কৰিছে ।
উল্লেখ্য যে, চি আই ডি স্পেচিয়েল ব্যুৰোত অনুপে এ চি পি অজাৎ শত্ৰুৰ চৰিত্ৰত অভিনয় কৰিছিল । এই শ্ব’টো দুবছৰ চলিছিল । ইফালে এই তাৰকাসকলক একেলগে দেখি উৎসাহিত হৈ পৰিছে অনুৰাগীসকল । অনুৰাগীয়ে পুনৰ দাবী কৰিছে চিআইডিৰ নতুন খণ্ডৰ ।
অনুৰাগীয়ে এনে মন্তব্য কৰিছিল
এজন অনুৰাগীয়ে লিখিছে- দুজন এচিপি আৰু দয়া ছাৰ । এজনে লিখিছে- নতুন প্ৰজেক্টটোৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছো । আন এজনে লিখিছে- আপোনালোকক একেলগে দেখি বহুত ভাল লাগিল । একে সময়তে একাংশ অনুৰাগীয়ে জ্যেষ্ঠ পৰিদৰ্শক অভিজিতক বিচাৰি হাহাকাৰ কৰিছিল । এজন অনুৰাগীয়ে লিখিছে- বাহ...মোৰ চকুত বিশ্বাস কৰিব পৰা নাই । কুচ তো গড়বড় হে দয়া । কিন্তু অভিজিৎ ছাৰ ক’ত ? যিয়ে নহওক আপোনালোকক একেলগে দেখি ভাল লাগিছে ।
উল্লেখ্য যে যোৱা বছৰ শিৱাজীয়ে এচিপি প্ৰদ্যুমানৰ ভূমিকাৰ কথা কৈছিল । তেওঁ কৈছিল যে যদি তেওঁ সুযোগ পায় তেন্তে তেওঁ পুনৰ এই চৰিত্ৰত অভিনয় কৰিব বিচাৰিব। লগতে তেওঁ কয় যে তেওঁ ঘৰত বহি ভাগৰি পৰিছে ।