চিটাৰা ডেস্ক, 25 অক্টোবৰ : বলীউড অভিনেত্ৰী সুস্মিতা সেনৰ ভায়েক ৰাজীৱ সেন আৰু চাৰু অচোপাৰ মাজৰ সম্পৰ্কত পুনৰ ফাঁট মেলিছে । দুয়োকে লৈ বিচ্ছেদৰ বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে একেলগে গণেশ চতুৰ্থী উদযাপন কৰি সকলোকে আচৰিত কৰি তুলিছিল দুয়োৱে ৷ কিন্তু তাৰ পিছৰে পৰাই পুনৰ প্ৰচাৰ হৈছিল দুয়োৰে কাজিয়াৰ বাতৰি ৷ এতিয়া শেহতীয়া খবৰ অনুসৰি চাৰুৱে অতি সোনকালে ৰাজীৱৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে (Charu Asopa and Rajeev Sen latest news) । চাৰু আৰু ৰাজীৱে ইজনে সিজনক দ্বিতীয়বাৰৰ বাবে সুযোগ দিছিল যদিও তেওঁলোকৰ সিদ্ধান্ত সফল নহ’ল আৰু এতিয়া এই দম্পতীয়ে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে ।
ৰাজীৱ আৰু চাৰুৰ বিবাহ 2019 চনত হৈছিল আৰু দুয়োৰে এগৰাকী কন্যা সন্তানো আছে । বিয়াৰ পিছৰে পৰা দুয়োৰে মাজত বহু কথাতে কথাৰ কটাকটি চলি আছে আৰু এতিয়া এই সম্পৰ্কটোৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা নাই তেওঁলোকে । যদিও দম্পতীহালে সম্পৰ্ক বজাই ৰখাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল, কিন্তু তেওঁলোক সফল নহ’ল ৷ সেয়ে চাৰুৱে ৰাজীৱৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আবেদন কৰিছে ।
এটা সাক্ষাৎকাৰত চাৰুৱে কৈছে, ‘কোনেও ইচ্ছাকৃতভাৱে সম্পৰ্ক শেষ কৰিব নিবিচাৰে, মই মোৰ সিদ্ধান্তৰ বাবে আক্ষেপ নকৰো ৷ যদিও মই বিবাহ বচাবলৈ বহু কৌশল গ্ৰহণ কৰিছো, কিন্তু এনে লাগে যেন আমি ইজনে সিজনৰ বাবে নিৰ্মিত নহয়, কাৰণ এইখন মোৰ দ্বিতীয় বিবাহ আছিল, এই সকলোবোৰত মোৰ ঠাট্টা চলি আছে" ৷
সম্পৰ্কটো কিয় স্থায়ী হ’ব নোৱাৰে?
চাৰুৱে লগতে কৈছে, "আমি বিয়া হোৱাৰ পিছৰে পৰাই আমাৰ মাজত কাজিয়া আৰম্ভ হৈছিল, কাজিয়াৰ পিছত সপ্তাহ-মাহ ধৰি ৰাজীৱ নোহোৱা হৈ থাকে, কোনো ধৰণৰ সংস্পৰ্শও নহয় । ৰাজীৱে মোক লকডাউনৰ আগতেই তিনিমাহ অকলে এৰি থৈ গৈছিল, তেওঁৰ বয়স এতিয়া 45 বছৰ, মই ভাবো মই তেওঁক সলনি কৰিব নোৱাৰো" ।
'মোক মাৰপিট আৰু গালি-গালাজ কৰে'
সংবাদ মাধ্যমৰ খবৰ অনুসৰি চাৰুৱে সাক্ষাৎকাৰটোত আৰু কৈছিল, "গালি-গালাজ কৰা আৰু মাৰধৰ কৰাটো ৰাজীৱৰ স্বভাৱতে আছে, তেওঁ মোক গালি-গালাজ কৰিছে আৰু দুবাৰমান হাতো দাঙিছে, তেওঁ এতিয়াও অনুভৱ কৰিছিল যে মই তেওঁলোকক প্ৰতাৰণা কৰিছো" । এতিয়া চাৰুৱে সিদ্ধান্ত লৈছে যে অতি সোনকালে ৰাজীৱৰ সৈতে তেওঁ বিবাহ বিচ্ছেদ কৰিব । ইতিমধ্যেই চাৰুৱে আৰম্ভ কৰিছে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া ।
লগতে পঢ়ক : Kangana Ranaut instagram: দীপাৱলীত কংগনা ৰাণাৱটৰ ভয়ংকৰ স্বীকাৰোক্তি