ETV Bharat / entertainment

Bigg Boss 17: আপোনাৰ দৰে মই ছিৰিয়েল নকৰো-অংকিতাক লৈ খানজাদীৰ মন্তব্য - Bigg Boss 17 Promo

আৰম্ভ হৈছে ‘বিগ বছ ১৭’ । আৰম্ভণিৰে পৰাই শ্ব’টোত কাজিয়া দেখা গৈছে । ইফালে শ্ব’টোৰ নতুন প্ৰ’মোত অংকিতা লোখাণ্ডে আৰু খানজাদীৰ মাজত তীব্ৰ কাজিয়া দেখা গৈছে । চাওক ভিডিঅ’ ৷

Bigg Boss 17 Updates: Ankita Lokhande and Khanzaadi get into an ugly fight, watch promo
অংকিতা লোখাণ্ডে আৰু খানজাদীৰ মাজত কাজিয়া
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 2:44 PM IST

চিটাৰা ডেস্ক, 20 অক্টোবৰ: আৰম্ভ হ’ল টিভিৰ আটাইতকৈ বিতৰ্কিত শ্ব’ Bigg Boss 17 । শ্ব’ আৰম্ভ হোৱাৰ আজি ৫ দিন পাৰ হৈ গ’ল । কিন্তু বিগ বছ হাউচৰ প্ৰথম দিনাৰ পৰাই ড্ৰামা, কাজিয়া, মনোমালিন্য আৰু মনোৰঞ্জন সকলো দেখা গৈছে ৷ দিনক দিনে বৃদ্ধি পাইছে প্ৰতিযোগীৰ মাজৰ কাজিয়া । এফালে বিগ বছৰ ঘৰত গঢ়ি উঠিছে নতুন সম্পৰ্ক, আনফালে কিছুমান সম্পৰ্ক ভাঙি যোৱাও দেখা গৈছে ৷ ইফালে পাঁচ দিনৰ দিনটোত টিভিৰ জনপ্ৰিয় বোৱাৰী অংকিতা লোখাণ্ডেৰ খঙৰ বিস্ফোৰণ ঘটিছে । যাৰ আভাস শ্ব’টোৰ শেহতীয়া প্ৰ’ম’ত দেখা গৈছে ।

  • \

খানজাদীক লৈ অংকিতা লোখাণ্ডেৰ ক্ষোভ

মাত্ৰ কিছু সময় পূৰ্বে বিগ বছ ১৭ৰ শেহতীয়া প্ৰ’মো মুকলি হৈছে । এই প্ৰমো ভিডিঅ’টোত অংকিতা লোখাণ্ডে আৰু অসমকন্যা খানজাদী ওৰফে ফিৰোজা খানৰ মাজত কাজিয়া হোৱা দেখা গৈছে । দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ৷ ইফালে খানজাদীয়ে অংকিতাক মন্তব্য কৰি কয়, "মই আপোনাৰ দৰে ছিৰিয়েল নকৰোঁ ।" ইয়াৰ পিচতে খানজাদীক উভতি ধৰে অংকিতাই ৷ অংকিতাই খানজাদীক কয়, ‘‘আপোনাৰ দৰে ছিৰিয়েল নকৰো মানে কি বুজাব বিচাৰিছে । আপুনি পাহৰি নাযাব যে আপুনি এতিয়া টেলিভিছনত আছে ।’’

খানজাদী-অংকিতাই ইগৰাকীয়ে সিগৰাকীক কটু মন্তব্য কৰা দেখা গ’ল

ইয়াৰ পিচতে খানজাদীয়ে নিজৰ বক্তব্য স্পষ্ট কৰি অংকিতাক কয়, ‘‘মই কৈছো যে মই ছিৰিয়েল কৰিব নোৱাৰো ।’’ অৱশ্যে এই বিষয়ত খঙত অগ্নিশৰ্মা হৈ পৰে অংকিতা । এই সময়চোৱাত ছোনিয়া বনছানে কাজিয়া কৰাৰ পৰা বাধা দিয়া দেখা গ’ল ৷ অৱশ্যে দুয়োৰে মাজত কিহৰ বাবে কাজিয়া আৰম্ভ হৈছে, সেয়া আজিৰ খণ্ডটোতহে গম পোৱা যাব ।

উল্লেখ্য যে, বিগ বছ হাউচত অংকিতাৰ এইখন প্ৰথম যুঁজ নাছিল । ইয়াৰ পূৰ্বে অভিষেক কুমাৰৰ সৈতে কাজিয়া হৈছিল অংকিতাৰ । অংকিতাৰ লগতে তেওঁৰ স্বামী বিকি জৈনেও এই শ্ব’টোত প্ৰৱেশ কৰিছে । ইফালে খানজাদীৰো এয়া প্ৰথমখন কাজিয়া নাছিল, ইয়াৰ পূৰ্বেও মুন্নাৱাৰ ফাৰুকিৰ সৈতে খানজাদীৰ তীব্ৰ কাজিয়া হৈছিল ৷

লগতে পঢ়ক: Munawar Farooqui: বিগ বছ-১৭ৰ প্ৰতিযোগী মুনাৱাৰ ফাৰুকিয়ে প্ৰকাশ কৰিলে নিজৰ বেয়া সময়ৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.