ETV Bharat / entertainment

Zeenat Aman: হঠা চৰ্চাত ৭০-৮০ৰ দশকৰ কিংবদন্তি অভিনেত্ৰী জীনত আমান, কিন্তু কিয় ? জানি লওক কাৰণ

author img

By

Published : Jul 26, 2023, 7:59 PM IST

বলীউডৰ অভিনেত্ৰী জীনত আমান শেহতীয়াকৈ চৰ্চিত হৈছে ছ’চিয়েল মিডিয়াত ৷ কিন্তু কিয় জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Zeenat Aman to return to silver screen with film Bun Tikki
জীনত আমান শেহতীয়াকৈ চৰ্চিত হৈছে ছ’চিয়েল মিডিয়াত

চিটাৰা ডেস্ক, 26 জুলাই: ৭০-৮০ৰ দশকৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী জীনত আমানৰ ফেন ফ’ল’ৱাৰ বৰ্তমানো কম নহয় ৷ ১৯৭১ চনত মুক্তি পোৱা ‘হলচল’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ তাৰ পিচত তাৰ এটা পিচত আনটো হিট ছবি উপহাৰ দি বলীউডৰ ডাঙৰ আৰু কিংবদন্তি অভিনেত্ৰীৰ তালিকাত স্থান দখল কৰিবলৈ সক্ষম হয় জীনত ।

অৱশ্যে বিগত বহু বছৰ ধৰি পৰ্দাৰ পৰা আতৰি আছে জীনত আমান ৷ পৰ্দাৰ পৰা আঁতৰি থাকিলেও প্ৰায়ে কিবা নহয় কিবা কাৰণত লাইমলাইটলৈ আহে কিংবদন্তি অভিনেত্ৰীগৰাকী । এইবাৰ পুনৰ চৰ্চিত হৈছে অভিনেত্ৰীগৰাকী ৷ কিয়নো পুনৰ এবাৰ ৰূপালী পৰ্দাত দেখা যাব জীনত আমানক ।

কোনখন ছবিত দেখা যাব জীনত আমানক ?

খবৰ অনুসৰি ফৰাজ আৰিফ আনছাৰীৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘বান টিকি’ ছবিখনত জীনতক দেখা যাব। এই ছবিখন প্ৰযোজনা কৰিব মনীষ মালহোত্ৰাই । কোৱা হৈছে যে জীনত আমানৰ লগতে এই ছবিখনত শ্বাবানা আজমী আৰু অভয় দেওলকো অভিনয় কৰা দেখা যাব ।

সংবাদ মাধ্যমৰ অনুসৰি জানিব পৰা মতে এই ছবিখনৰ শ্বুটিং চলিত মাহৰ নৱেম্বৰ মাহত আৰম্ভ হ’ব । উল্লেখ্য যে, ইয়াৰ আগতে ২০১৯ চনত মুক্তি পোৱা পানীপত ছবিখনত জীনত আমানক দেখা পোৱা গৈছিল ৷ ইয়াৰ উপৰিও অৰ্জুন কাপুৰ, সঞ্জয় দত্ত আৰু কৃতি সেননৰ দৰে তাৰকাকো এই ছবিখনত অভিনয় কৰা দেখা গৈছিল । আশুতোষ গোৱাৰিকৰে পৰিচালনা কৰিছিল ছবিখন ।

জীনত আমানৰ ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ

কিছুদিনৰ পৰা জীনত আমানৰ ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ কৰাৰ কথা চৰ্চা চলি আছে। আচলতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত একাউন্ট খুলিছে অভিনেত্ৰীগৰাকীয়ে, তাৰ পিচত প্ৰায়ে ইনষ্টাত পোষ্ট শ্বেয়াৰ কৰে আৰু অনুৰাগীৰ সৈতে আকৰ্ষণীয় কাহিনী শ্বেয়াৰ কৰে অভিনেত্ৰীগাৰকীয়ে । ইনষ্টাত ৩ লাখ ৭০ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে জীনত আমানৰ ৷

লগতে পঢ়ক: HBD Jugal Hansraj: প্ৰথমখন ছবিৰ পৰাই ৰাষ্ট্ৰীয় ক্ৰাছ হৈ পৰিছিল যুগল হন্সৰাজ, এতিয়া ক’ত আছে মহব্বতেৰ সমীৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.