ETV Bharat / entertainment

Year Ender 2023: মতানৈক্য পাহৰি 2023 বৰ্ষত কোন তাৰকাই কাক ল’লে আকোৱালি ?

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 4:29 PM IST

Year Ender 2023: বিতৰ্ক আৰু চেলিব্ৰিটিৰ মতানৈক্য বলীউডত তেনেই সাধাৰণ কথা । বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীৰ মাজত প্ৰায়ে মতবিৰোধ দেখা যায় ৷ যাৰ বাবে তেওঁলোকে ইগৰাকীয়ে সিগৰাকীৰ সৈতে বছৰ বছৰ ধৰি কথা নপতাকৈ থাকে ৷ কিন্তু ২০২৩ বৰ্ষত বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে দূৰ কৰিছে মতানৈক্য ৷ গতিকে জানো আহক এইসকল চেলিব্ৰিটিৰ বিষয়ে ৷

Year Ender 2023: From Salman Khan and Arijit Singh to Kartik Aaryan and Karan Johar- biggest patch-ups of Bollywood celebrities
বিতৰ্ক আৰু চেলিব্ৰিটিৰ মতানৈক্য

চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: ২০২৩ বৰ্ষ শেষ হ’বলৈ মাজত আছে মাত্ৰ বাকী চাৰিটা দিন ৷ এই বছৰটোৱে কাৰোবাৰ বাবে কঢ়িয়াই আনিছে অপৰিসীম সুখ, আন কাৰোবাৰ বাবে কঢ়িয়াই আনিছে দুখো ৷ কিন্তু ইয়াৰ মাজতে এই বৰ্ষত বলীউডত এনে কিছুমান ঘটনা সংঘটিত হৈছে, যিটো বিগত বছৰ বছৰ ধৰি অসম্ভৱ যেন লাগিছিল ৷ হয়, বলীউডত বিগত বহু বছৰসমূহত বহু ডাঙৰ ডাঙৰ তাৰকাৰ মাজত মতবিৰোধ থকা দেখা গৈছিল ৷ যিটো হয়তো কোনেও ভৱা নাছিল যে এই তাৰকাসকলৰ মাজত বছৰ বছৰ ধৰি চলি অহা এই মনোমালিন্যৰ কেতিয়াবা অন্তও পৰিব ৷ কিন্তু ২০২৩ বৰ্ষত এই সকলোবোৰ সম্ভৱ হৈ উঠিল ৷

জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিং আৰু ছুপাৰষ্টাৰ ছলমান খানৰ মাজৰ মতবিৰোধ, কৰণ জোহৰ আৰু কাৰ্তিক আৰিয়ান, শ্বাহৰুখ খান আৰু ছানী দেওল, অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ মাজত বিগত বহু বছৰ ধৰি মতবিৰোধ চলি আছিল ৷ কিন্তু ২০২৩ বৰ্ষত এইসকলৰ তাৰকাৰ মাজত চলি অহা মত বিৰোধৰ অন্ত পৰে ৷ এই বিষয়ত সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷

ছলমান খান আৰু অৰিজিত সিং

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আৰু প্লেবেক গায়ক অৰিজিৎ সিঙে ২০২৩ চনত ৯ বছৰীয়া মনোমালিন্যৰ অন্ত পেলায় । দৰাচলতে এটা এৱাৰ্ড শ্ব’ৰ মাজত কিছু কথোপকথনক লৈ দুয়োৰে মাজত ভুল বুজাবুজিৰ সৃষ্টি হৈছিল ৷ অৱশ্যে কোৱা হয় যে, ছলমানৰ সৈতে মতবিৰোধ কৰিলে যিকোনো ব্যক্তিৰ কেৰিয়াৰত বেয়া প্ৰভাৱ পৰে ৷ কিন্তু অৰিজিত একমাত্ৰ এনে শিল্পী যাৰ ছলমানৰ লগত মতবিৰোধ হোৱাৰ পাচতো তেওঁৰ কেৰিয়াৰত কোনো প্ৰভাৱ পৰা নাই । অৱশ্যে শেহতীয়াকৈ অৰিজিতক ছলমান খানৰ ঘৰৰ পৰা ওলাই অহা দেখা গৈছিল ৷ তাৰ পিচতে দুয়োৰে মাজত সকলো ঠিক হোৱা খবৰ পোৱা গৈছিল ৷ এই খবৰ নিশ্চিত হৈ পৰে যেতিয়া পোন প্ৰথমবাৰৰ বাবে অৰিজিতে ছলমানৰ সদ্য মুক্তি প্ৰাপ্ত ছবি টাইগাৰ ৩ গীত গাবলৈ সুযোগ পায় ৷ টাইগাৰ ৩ ছবিখনৰ দুটা গীতত কণ্ঠদান কৰে অৰিজিৎ সিঙে ৷

শ্বাহৰুখ খান আৰু ছানী দেওল

শ্বাহৰুখ খান আৰু ছানী দেওলৰ মাজতো বহু বছৰ ধৰি শীতল যুদ্ধ চলি আছিল । অৱশ্যে ১৬ বছৰৰ পাচত সকলো ঠিক হৈছে দুয়োৰে মাজত । দৰাচলতে দুয়োৰে মাজত মনোমালিন্যৰ সৃষ্টি হয় ‘ডৰ’ ছবিখনৰ পৰা ৷ য’ত ছানী নায়কৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে কিং খানে ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ অৱশ্যে শেহতীয়াকৈ দুয়োকে একেলগে ছানী দেওলৰ গদৰ ২ ৰ সফলতাৰ পাৰ্টিত দেখা গৈছিল, য’ত দুয়োৱে ইজনে আনজনক সাৱটি ধৰিছিল ।

কৰণ জোহৰ আৰু কাৰ্তিক আৰিয়ান

চলিত বৰ্ষৰ কাৰ্তিক আৰিয়ানৰ জন্মদিনত অভিনেতাগৰাকীৰ সৈতে এখন ছবিৰ কথা ঘোষণা কৰে কৰণ জোহৰে ৷ জোহৰে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত কাৰ্তিকৰ সৈতে তেওঁৰ এখন নতুন ছবিৰ কথা ঘোষণা কৰে । ছবিখনৰ সহযোগী প্ৰযোজক ধৰ্মা প্ৰডাকচন আৰু একতা কাপুৰৰ বালাজী টেলিফিল্মছ । উল্লেখ্য যে, কৰণ আৰু কাৰ্তিকৰ মাজত মনোমানিল্যৰ সৃষ্টি হৈছিল ২০২১ চনত ৷ দৰাচলতে কৰণে কাৰ্তিকৰ সৈতে দোস্তানা ২ ছবিখনৰ কিছু অংশৰ চিত্ৰগ্ৰহণ কৰিছিল, কিন্তু তাৰ পিচত কৰণে কাৰ্তিকৰ পৰিৱৰ্তে ৰিকাষ্টিঙৰ ওপৰত ৰাজহুৱা ঘোষণা কৰিছিল । কৰণে কয় যে তেওঁ "পেছাদাৰী পৰিস্থিতি"ৰ বাবে পুনৰ আন এজনক কাষ্ট কৰিব ।

চনু নিগম আৰু ভূষণ কুমাৰ

তিনি বছৰীয়া মতবিৰোধৰ অন্তত অৱশেষত টি ছিৰিজৰ চিইঅ’ ভূষণ কুমাৰ আৰু কণ্ঠশিল্পী চনু নিগমে নিজৰ মতানৈক্যৰ অন্ত পেলায় । ২০২০ চনত চনুৱে মুকলিকৈ কাৰো নাম নোলোৱাকৈ ছ’চিয়েল মিডিয়াত সংগীতৰ "মাফিয়া"ৰ বুলি কৈছিল ৷ কিন্তু বহুতে ভাবিছিল যে গায়কজনে ভূষণ কুমাৰৰ কথা কৈছে । ইয়াৰ পিচতে দুয়োৰে মাজত সৃষ্টি হৈছিল মতানৈক্যৰ ৷ কিন্তু এতিয়া, দুয়োৰে মাজত যেন সকলো ঠিক হৈছে ।

গোবিন্দা আৰু ডেভিদ ধৱন

গোবিন্দা আৰু ডেভিদ ধৱনৰ যুটিৱে বহুকেইখন জনপ্ৰিয় ছবিত একেলগে কাম কৰিছিল ৷ ২০০৯ চনৰ শেষৰখন ছবি ‘ডু নট ডিষ্টাৰ্ব’ত দুয়ো একেলগে কাম কৰিছিল ৷ কিন্তু ২০১০ চনৰ মাজভাগত গোবিন্দা আৰু ডেভিদ ধৱনৰ মাজত কিবা কথাক লৈ মতবিৰোধৰ সৃষ্টি হয় ৷ পিচলৈ ছবি নিৰ্মাতাগৰাকীয়ে পাঁচখন ছবি নিৰ্মাণ কৰে, কিন্তু কোনো এখন ছবিতেই গোবিন্দাক অভিনয় কৰা দেখা নগ’ল । অৱশ্যে ২০২৩ চনত আইকনিক যুটিটোৰ মাজত সকলো ঠিক হোৱাৰ ইংগিত পোৱা গৈছে, যেতিয়া দুয়োকে একেলগে দেখা গৈছিল ৷

অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডন

কিছুদিন ডেটিং কৰাৰ পিচত অক্ষয় আৰু ৰবীনাৰ মাজত সম্পৰ্ক বেয়াৰ গতিলৈ ঢাল খায় ৷ কিন্তু ২০২৩ চনত দুয়োৰে মাজত সকলো ঠিক হৈ পৰে ৷ দৰাচলতে শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ৰবীনাৰ সৈতে নতুন প্ৰজেক্টৰ কথা ঘোষণা কৰে ৷ ‘ৱেলকাম টু দ্য জংগল’ত আগন্তুক সময়ত একেলগে দেখা যাব এই যুটিটোক ।

লগতে পঢ়ক: Year Ender 2023: সতীশ কৌশিকৰ পৰা জুনিয়ৰ মেহমুদলৈকে, চলিত বৰ্ষত আমি কাক কাক হেৰুৱালো. .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.