চিটাৰা ডেস্ক, 24 ডিচেম্বৰ : 2022 বছৰটো আহি আহি বিদায় ক্ষণত উপস্থিত হৈছেহি ৷ উভতি চালে আমি দেখা পাওঁ এই বছৰটোত মনোৰঞ্জন জগতখন বহুত অকল্পনীয় ঘটনাৰ সন্মুখীন হৈছে ৷ বহু স্বনামধন্য শিল্পীয়ে আমাৰ মাজৰ পৰা বিদায় লোৱাৰ পৰা আৰম্ভ কৰি বিবাহ বিচ্ছেদ, ষ্টাৰকিডৰ জন্ম, প্ৰেম বিচ্ছেদ, বয়কট বলীউড, ছ’চিয়েল মিডিয়া ট্ৰ’ল আদিয়ে তোলপাৰ লগাই থাকিলে সমগ্ৰ বছৰটো ৷ বিশেষকৈ #বয়কটবলীউড এই বছৰৰ এটা অন্যতম চৰ্চাৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷
ছ’চিয়েল মিডিয়া বনাম বলীউড বিতৰ্ক মনোৰঞ্জন জগতত এক ইছ্যুলৈ পৰিণত হৈছে । পাব্লিক ফিগাৰ হিচাপে ওলাই অহাটোৱেই এতিয়া এক প্ৰত্যাহ্বানৰ দৰে হৈ পৰিছে ৷ প্ৰতিদিনে তাৰকাসকল তেওঁলোকৰ যিকোনো কথাৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ আক্ৰমণৰ সন্মুখীন হয় । ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰাটো যেন এটা ট্ৰেণ্ডলৈ পৰিণত হৈছে ৷ ব্যৱহাৰকাৰীসকলে নিজৰ চকু ইমানেই স্থিৰ কৰি ৰাখে যে সৰুৰ পৰা ডাঙৰ কথালৈকে সকলোতে তাৰকাসকলক থকা-সৰকা কৰি পেলাই তেওঁলোকে । 2022 বছৰটো শেষ হ’বলৈ লোৱা সময়ত আমি সেইসকল বলীউড তাৰকাৰ কথা আপোনালোকক ক’ম, যিসকল এই বছৰ কোনোবা নহয় কোনোবা কাৰণত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ দ্বাৰা বেয়াকৈ ট্ৰ’ল হৈছিল (Most Trolled Celebs in 2022) ।
শ্বাহৰুখ খান
![MOST TROLLED CELEBS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17299836_yearend-1.jpg)
চাৰি বছৰৰ মূৰত ৰূপালী পৰ্দালৈ উভতি অহা শ্বাহৰুখ খান শেহতীয়াকৈ ট্ৰ’লৰ সন্মুখীন হৈছে তেওঁৰ আগন্তুক ছবি ‘পাঠান’ৰ বাবে । মুক্তিৰ পূৰ্বেই Besharam Rang গীতটোৰ বাবে #বয়কটপাঠান ব্যৱহাৰ কৰি ট্ৰ’ল কৰা হৈছে শ্বাহৰুখক ৷ শেহতীয়াকৈ মুক্তি লাভ কৰিছে ছবিখনৰ আন এটা গান ‘Jhoome Jo Pathaan’ । এই গীতটোত শ্বাহৰুখৰ লুক দেখি ক্ষুব্ধ হৈ পৰিছে ব্যৱহাৰকাৰীসকল । লুকটো ছপৰি, ছীচোৰা, তাপোৰী বুলি অভিহিত কৰিছে বহুতে । শ্বাহৰুখ এই বছৰ কৰ’নাত আক্ৰান্ত হৈছিল আৰু দুদিন পিছত তেওঁক দক্ষিণৰ অভিনেত্ৰী নয়নতাৰাৰ বিয়াত দেখা গৈছিল, য’ত ইউজাৰে তেওঁক কঠোৰ মন্তব্য কৰি সুধিছিল... দুদিনত কৰ’নাৰ পৰা সুস্থ হৈ উঠিছিল নেকি ?
আমীৰ খান
![MOST TROLLED CELEBS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17299836_yearend-6.jpg)
বলীউডৰ ‘মিষ্টাৰ পাৰ্ফেকচনিষ্ট’ আমীৰ খান কৰ্মৰ ক্ষেত্ৰত অতি নিখুঁত ব্যক্তি । অতি চিন্তা কৰিহে তেওঁ নিজৰ চিত্ৰনাট্য বাছি লয় । এই কাৰণেই তেওঁ এবছৰত মাত্ৰ এখন ছবিহে কৰে । ইয়াৰ পিছতো এই বছৰ আমীৰ খান ছ’চিয়েল মিডিয়া ট্ৰ’লৰ পৰা সাৰি নগ’ল । বয়কটবলীউড খুব সাংঘাতিক ধৰণে প্ৰচাৰ হৈছিল তেওঁৰ ছবি লাল সিং চড্ডাৰ মুক্তিৰ পূৰ্বে ৷ এটা বিজ্ঞাপনৰ বাবে আমীৰক বেয়াকৈ ট্ৰ’ল কৰা হৈছিল । আচলতে এই বিজ্ঞাপনত আমীৰ আৰু অভিনেত্ৰী কিয়াৰা আদৱানীয়ে দৰা-কইনাৰ চৰিত্ৰত অভিনয় কৰি হিন্দু ধৰ্মীয় আৱেগক আঘাত হানিছে বুলি মন্তব্য কৰিছে এচামে । এই বিজ্ঞাপনটোত আমীৰে যিদৰে কইনাৰ ঘৰত প্ৰথম খোজ দিয়ে, সেইয়া ব্যৱহাৰকাৰীৰ মতে যিটো হিন্দু ৰীতি-নীতিৰ বিপৰীত । ব্যৱহাৰকাৰীসকল ক্ষুব্ধ হৈ পৰে আৰু হিন্দু পৰম্পৰাক উফৰাই পেলোৱাৰ বাবে আমীৰকে ধৰি সমগ্ৰ দলটোকে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰে ।
অক্ষয় কুমাৰ
![MOST TROLLED CELEBS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17299836_yearend-5.jpg)
ইখনৰ পিছত সিখনকৈ ফ্লপ ছবি দিয়াৰ বাবে অক্ষয় কুমাৰ এই বছৰ বহুবাৰ ট্ৰ’লৰ সন্মুখীন হৈছিল ৷ অক্ষয় নিজৰ অনুশাসিত দিনৰ ৰুটিনৰ বাবে সমগ্ৰ বলীউডতে বিখ্যাত ৷ কিন্তু 2022 ত এবাৰ তেওঁক গভীৰ নিশা পাৰ্টি কৰা দেখা গৈছিল ৷ তাৰ পিছত তেওঁক আটাইতকৈ বেছি ঘেৰি ধৰা হৈছিল ছ’চিয়েল মিডিয়াত । ৰাতিপুৱা 4 বজাত সাৰ পাই ৰাতি 9 বজাত শুই যোৱা অক্ষয়ক ব্যৱহাৰকাৰীসকলে তেতিয়া প্ৰশ্ন কৰিছিল, ‘এতিয়া ৰাতিপুৱা চাৰি বজাত কেনেকৈ সাৰ পাব’ । আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘এতিয়া আপোনাৰ অনুশাসন ক’লৈ গ’ল’।
অৰ্জুন-মালাইকা
![MOST TROLLED CELEBS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17299836_yearend-4.jpg)
দুয়োৰে মাজত থকা বয়সৰ ব্যৱধানেই বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ অপছন্দ ৷ দৈনিক জিম আৰু যোগ কৰা মালাইকাক তেওঁৰ খোজৰ বাবেও এইবছৰ বহু ট্ৰ’ল কৰা হ’ল ৷ মালাইকাৰ টাইট আউটফিট আৰু খোজ কঢ়াৰ ধৰণক লৈ বহুত মিম শ্বেয়াৰ হ’ল । ব্যক্তিগত জীৱনক লৈ বাতৰি পৰিৱেশন কৰাৰ বাবে প্ৰেমিকাক বচাই অৰ্জুন কাপুৰে গালি শপনি পাৰিলে এটা প’ৰ্টেলক ৷
উৰ্ৱশী ৰৌতেলা
- " class="align-text-top noRightClick twitterSection" data="
">
বলীউডৰ অন্যতম ধুনীয়া অভিনেত্ৰী উৰ্ৱশী ৰৌতেলাই নিজেই নিজৰ বাবে অশান্তিৰ সৃষ্টি কৰে । ইয়াক অভিনেত্ৰীগৰাকীৰ প্ৰচাৰ ষ্টাণ্ট বুলিও ক’ব পাৰি । বছৰৰ আৰম্ভণিৰ পৰাই ছ’চিয়েল মিডিয়াত উৰ্ৱশীক বহুত ট্ৰ’ল কৰি অহা হৈছে । কওঁ, চলিত বছৰটোত ক্ৰিকেটাৰ ঋষভ পাণ্ট সৈতে বহুত শিৰোনামা দখল কৰে তাৰকা গৰাকীয়ে । ছ’চিয়েল মিডিয়াত উৰ্ৱশী আৰু ঋষভৰ মাজৰ কথা-বতৰাই বহু আমোদ দিয়ে ছ’চিয়ল মিডিয়া ইউজাৰসকলক ।
নোৰা ফাতেহী
![MOST TROLLED CELEBS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17299836_yearend-3.jpg)
বলীউডৰ বিখ্যাত নৃত্যশিল্পী তথা আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী নোৰা ফাতেহীকো ছ’চিয়েল মিডিয়াত বহুত ট্ৰ’ল কৰা হয় । চলিত বছৰত নোৰা ফাতেহী দুবাৰকৈ ব্যৱহাৰকাৰীৰ আক্ৰমণৰ সন্মুখীন হৈছিল । প্ৰথমতে, যেতিয়া তেওঁ কৈছিল যে হলীউডৰ তাৰকা ব্ৰেড পিটে তেওঁক ডি এম কৰিছিল (ডাইৰেক্ট মেছেজ) । এই সন্দৰ্ভত ব্যৱহাৰকাৰীসকলে নোৰাক তীব্ৰ সমালোচনা কৰি কয় যে ব্ৰেড পিট ছ’চিয়েল মিডিয়াতে নাই । আনহাতে সদ্য সমাপ্ত ফিফা ৱৰ্ল্ডকাপত ফিফা অনুৰাগী মহোৎসৱত নৃত্য প্ৰদৰ্শনৰ সময়ত ভাৰতৰ গৌৰৱ পতাকাখন সন্মান সহকাৰে উপস্থাপন কৰা নাই বুলিও ছ’চিয়েল মিডিয়াত দ্বিতীয়বাৰৰ বাবে আক্ৰমণৰ সন্মুখীন হৈছিল নোৰা ।
সুস্মিতা সেন
![MOST TROLLED CELEBS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17299836_yearend-2.jpg)
চলিত বৰ্ষত প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেন বিতৰ্কই সকলোকে আচৰিত কৰি তুলিছিল । আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডীয়ে অভিনেত্ৰীগৰাকীৰ সৈতে ৰোমান্টিক ছবি শ্বেয়াৰ কৰি বিবাহ পৰিকল্পনাৰ কথা ঘোষণা কৰাৰ পিছতেই সমগ্ৰ ছ’চিয়েল মিডিয়া জগতত আলোড়নৰ সৃষ্টি হয় । সুস্মিতা আৰু ললিতৰ ফটো অতিকে ভাইৰেল হ’বলৈ ধৰে । তেতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে অভিনেত্ৰী গৰাকীক গ’ল্ড ডিগাৰ হিচাপে অভিহিত কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত ললিত আৰু সুস্মিতাই নিজ নিজ পোষ্টেৰে ইউজাৰ সকলক শান্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও এতিয়াও ছ’চিয়েল মিডিয়াত সুস্মিতা টাৰ্গেটত থাকে ।
জেকলিন ফাৰ্ণাণ্ডেজ
- " class="align-text-top noRightClick twitterSection" data="
">
200 কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত প্ৰায় গোটেই বছৰটো চৰ্চাত থাকে অভিনেত্ৰী গৰাকী ৷ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত 200 কোটি টকাৰ ধন-সৰবৰাহৰ গোচৰৰ চাৰ্জশ্বীটত জেকলিন ফাৰ্ণাণ্ডেজৰ নাম আহিছিল ৷ ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পিছৰে পৰা বিতৰ্কই লগ এৰি দিয়া নাছিল জেকলিনৰ ৷ সোধ-পোছৰ বাবে কেইবাবাৰো আদালতত হাজিৰ হয় অভিনেত্ৰী গৰাকী ৷ এই কেছটোৰ লগতে সংগতি ৰাখি শেহতীয়াকৈ নোৰা ফাতেহীয়ে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক : 2022 বৰ্ষটোত পিতৃ-মাতৃৰ হোৱাৰ গৌৰৱ লাভ কৰা তাৰকাসকলৰ বিষয়ে জানো আহক