ETV Bharat / entertainment

Yash Chopra Birthday: অভিযন্তাৰ পৰা কেনেকৈ ৰোমাঞ্চৰ কিং হ’ল যশ চোপ্ৰা ? এটা সৰু কোঠালিৰ পৰা কৰিছিল আৰম্ভণি - প্ৰযোজক পৰিচালক যশ চোপ্ৰা

আজি কিং অৱ ৰোমাঞ্চ বুলি পৰিচিত যশ চোপ্ৰাৰ জন্ম বাৰ্ষিকী ৷ প্ৰযোজক-পৰিচালকগৰাকীৰ জন্মদিনত জানো আহক তেওঁৰ জীৱনৰ সৈতে জড়িত বহু নজনা কথা ৷

Yash Chopras 91th birth anniversary: Some lesser known facts about the legendary filmmaker
যশ চোপ্ৰাৰ জন্ম বাৰ্ষিকী
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 2:11 PM IST

চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: বলীউডৰ সুপৰিচিত প্ৰযোজক-পৰিচালক যশ চোপ্ৰা এতিয়া আমাৰ মাজত নাই যদিও হিন্দী চিনেমালৈ তেওঁৰ অনৱদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব । আজি তেওঁৰ জন্ম বাৰ্ষিকী ৷ তেওঁক ৰোমাঞ্চৰ কিং বুলি কোৱা হয়, কাৰণ তেওঁ ছবিৰ জৰিয়তে সলনি কৰিছিল ৰোমাঞ্চৰ সংজ্ঞা । এসময়ত তেওঁৰ চিনেমা চাইয়ে মানুহে প্ৰেম কৰিবলৈ শিকিছিল ।

কিন্তু আপুনি জানেনে যশ চোপ্ৰাৰ এই কিং অৱ ৰোমাঞ্চ হোৱাৰ যাত্ৰা সহজ নাছিল ৷ যশ চোপ্ৰাই এটা সৰু কোঠালিৰ পৰা আৰম্ভ কৰিছিল নিজৰ কেৰিয়াৰ ৷ এটা কোঠালিৰ পৰা তেওঁ পৰৱৰ্তী সময়ত য’ত উপনীত হৈছিল সেই স্থানত উপনীত হোৱাটো একেবাৰেই সহজ নাছিল তেওঁৰ বাবে । যশ চোপ্ৰা এনে এজন প্ৰতিভাৱান পৰিচালক আছিল যিয়ে বলীউডক দিছিল বহু ছুপাৰষ্টাৰ । এইখিনিতে ক’লে ভুল নহ’ব যে প্ৰতিটো প্ৰজন্মই তেওঁৰ ছবি চাই ভাল পায় ।

যশ চোপ্ৰাৰ প্ৰাৰম্ভিক জীৱন

যশ চোপ্ৰাৰ জন্ম হৈছিল পাকিস্তানৰ লাহোৰত । তেওঁৰ পৰিয়ালে তেওঁক অভিযন্তা হোৱাটো বিচাৰিছিল যদিও তেওঁ ছবিৰ জগতখনত প্ৰৱেশ কৰিব বিচাৰিছিল । যশৰ বয়স যেতিয়া 19 বছৰ আছিল, তেতিয়া তেওঁৰ ডাঙৰ ভাতৃ বি আৰ চোপ্ৰা এজন পৰিচালক আছিল । ইফালে আন এজন ভাতৃ কেমেৰামেন আৰু এজন ভাতৃ ডিষ্ট্ৰিবিউটৰ আছিল । সেইবাবেই দেউতাকে বিচাৰিছিল যে পৰিয়ালৰ এজন পুত্ৰই বেলেগ কিবা এটা কৰিব লাগে । এই কথা ভাবিয়ে যশৰ দেউতাকে তেওঁক জলন্ধাৰৰ পৰা মুম্বাইলৈ পঠিয়াই দিছিল, যাতে তেওঁ মুম্বাইৰ পৰা পাছপ’ৰ্ট লৈ ইংলেণ্ডলৈ গৈ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী ল’ব পাৰে । পিতৃৰ কথা মতেই যশো মুম্বাইলৈ ৰাওনা হৈছিল ৷ অৱশ্যে মুম্বাইলৈ গৈছিল ঠিকেই কিন্তু অভিযন্তা হ’বলৈ তেওঁৰ একেবাৰে মন নাছিল ৷

মুম্বাইলৈ যোৱাৰ পিচত যশে তেওঁৰ মনৰ কথা শুনি সিদ্ধান্ত ল’লে যে তেওঁ এজন পৰিচালক হ’ব । তেতিয়াৰে পৰাই অভিযন্তা হোৱাৰ পৰিৱৰ্তে পৰিচালক হোৱাৰ দিশত আগবাঢ়িছিল তেওঁ ৷ এই ক্ষেত্ৰত তেওঁৰ ভাতৃ বি আৰ চোপ্ৰাৰ পৰা প্ৰেৰণা লৈছিল তেওঁ আৰু ভায়েকৰ দৰেই পৰিচালক হ’ব বিচাৰিছিল ।

70 ৰ দশকত যশ চোপ্ৰাই এখনৰ পিচত আনখন অতুলনীয় ছবি নিৰ্মাণ কৰিছিল । অমিতাভ বচ্চন-চলিম জাভেদ-যশ চোপ্ৰাৰ যুটিৰ সহযোগিতাই ছবিজগতক প্ৰদান কৰিছিল ‘দীৱাৰ’ আৰু ‘ত্ৰিশূল’ৰ দৰে বহু হিট ছবি । ক’বলৈ গ’লে অমিতাভ বচ্চনৰ কেৰিয়াৰ গঢ় দিয়াত হাত আছে যশ চোপ্ৰাৰ । এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁৰ সকলো ছবিয়ে যে দৰ্শকে পছন্দ কৰিছিল এনে নহয়, তেওঁৰ বহু ছবি দৰ্শকে অপছন্দও কৰিছে ।

80 ৰ দশকৰ তেওঁৰ বেছিভাগ ছবিয়েই সমন্বয় সৃষ্টি কৰিব পৰা নাছিল । এবাৰ এটা সাক্ষাৎকাৰত যশ চোপ্ৰাই কৈছিল যে 80 ৰ দশকত তেওঁৰ এখন ছবিৰ পোষ্টাৰ দেখাৰ পিচত তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ ছবিবোৰৰ পোষ্টাৰৰ পৰা কেৱল তাৰকাৰ মুখখনহে সলনি হৈ আছে, কাহিনী একেই থাকে ৷ তাৰ পাচত তেওঁ নিৰ্মাণ কৰিছিল 'চান্দনী' ছবিখন । ‘চান্দনী’ ছবিখন আছিল তেওঁৰ অন্য ছবিতকৈ পৃথক ৷ ছবিজগতত তেওঁৰ যাত্ৰা আছিল উল্লেখনীয় ৷ ছবিজগতক এক নতুন মাত্ৰা প্ৰদান কৰিছিল তেওঁ ৷ আজি তেওঁৰ জন্মবাৰ্ষিকীত সকলোৱে তেওঁক স্মৰণ কৰিছে ৷

লগতে পঢ়ক: Dev Anand's 100th birth anniversary: ৫৫ বছৰৰ মূৰত কিয় পাকিস্তানলৈ গৈছিল দেৱ আনন্দ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.