ETV Bharat / entertainment

ফাইটাৰৰ ট্ৰেইলাৰ লঞ্চত উপস্থিত নাথাকিল দীপিকা পাডুকন, কিন্তু কিয় ?

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 1:29 PM IST

Deepika Padukone Miss Fighter Trailer Launch: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনৰ ছবি ফাইটাৰৰ বাবে । আজি মুকলি কৰা হৈছে ছবিখনৰ ট্ৰেইলাৰ । কিন্তু দীপিকা ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত নাথাকিল । কিন্তু কিয় ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Will miss my Squadron: Deepika Padukone wishes team Fighter as she hints at skipping trailer launch
ফাইটাৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, ১৫ জানুৱাৰী: দীপিকা পাডুকন আৰু হৃত্বিক ৰোশনৰ ছবি ফাইটাৰক লৈ অনুৰাগীৰ উন্মাদনা তুংগত উঠিছে । অনুৰাগীয়ে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । প্ৰথমবাৰৰ বাবে অনুৰাগীয়ে এই ছবিখনৰ জৰিয়তে দীপিকা আৰু হৃত্বিকৰ যুটি একেলগে দেখিবলৈ পাব ৷ ইফালে আজি মুকলি কৰা হৈছে ছবিখনৰ ট্ৰেইলাৰ । কিন্তু ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত নাছিল দীপিকা পাডুকন ।

  • " class="align-text-top noRightClick twitterSection" data="">

দৰাচলতে আজি ফাইটাৰৰ ট্ৰেইলাৰ লঞ্চ অনুষ্ঠান আছিল ৷ কিন্তু ইয়াত উপস্থিত নাছিল দীপিকা পাডুকন । ইয়াৰ পিচতে অনুৰাগীয়ে জানিবলৈ আগ্ৰহী হৈ পৰিছিল কি কাৰণত দীপিকা উপস্থিত নাথাকিল ৷ এতিয়া অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট । পোষ্টটো শ্বেয়াৰ কৰি দীপিকাই লিখিছে, ‘‘মই মোৰ স্ক্ৱাড্ৰনক মিছ কৰিম... শুভকামনা দল ।’’ অৱশ্যে পোষ্টটোত কি কাৰণে ট্ৰেইলাৰ লঞ্চত উপস্থিত নাছিল সেই কথা শ্বেয়াৰ কৰা নাই দীপিকাই ৷ কিন্তু খবৰ অনুসৰি দীপিকা কিছু অসুস্থ হৈ আছে যাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে । অৱশ্যে এতিয়ালৈকে ইয়াৰ কোনো আনুষ্ঠানিক তথ্য দিয়া হোৱা নাই ।

সিদ্ধাৰ্থ আনন্দক আনফ’ল’ কৰিছে দীপিকাই

সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি সিদ্ধাৰ্থ আনন্দ আৰু দীপিকা পাডুকনে ছ’চিয়েল মিডিয়াত ইগৰাকীয়ে সিগৰাকীক আনফ’ল’ কৰিছে । খবৰ অনুসৰি ছবিখনত দীপিকা পাডুকনৰ বাবে কম স্ক্ৰীণ স্পেচ দিয়াৰ বাবেই অভিনেত্ৰী আৰু পৰিচালকৰ মাজত বিবাদৰ সৃষ্টি হৈছিল । যাৰ বাবে দীপিকা ফাইটাৰৰ প্ৰচাৰৰ অংশ হোৱা নাই । অৱশ্যে সিদ্ধাৰ্থ আনন্দে এতিয়াও ইনষ্টাগ্ৰামত ফাইটাৰৰ বাকী ষ্টাৰকাষ্টক ফ’ল’ কৰিছে ।

খবৰ অনুসৰি সিদ্ধাৰ্থ আনন্দে 3D ত Fighter মুক্তিৰ পৰিকল্পনা কৰিছে । এইখন এখন একশ্যন ছবি যিখন কেৱল ডাঙৰ পৰ্দাৰ বাবে ডিজাইন কৰা হৈছে । ২৫ জানুৱাৰীত Fighter 2D, 3D আৰু IMAX 3D ত মুক্তি পাব ।

লগতে পঢ়ক: ফাইটাৰৰ প্ৰথমটি গীত মুকলি, গীতটিত হৃত্বিক-দীপিকাৰ কেমিষ্ট্ৰীয়ে মোহিত কৰিব আপোনাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.