ETV Bharat / entertainment

Karisma Kapoor Marriage: এই চৰ্ত মাজত নাহিলে অভিষেক বচ্চনৰ পত্নী হ’লহেঁতেন কৰিশ্মা, কিয় ভাঙিছিল তেওঁলোকৰ এংগেজমেণ্ট ?

author img

By

Published : Jul 29, 2023, 1:57 PM IST

কৰিশ্মা কাপুৰৰ মাতৃয়ে বচ্চন পৰিয়ালৰ সন্মুখত ৰাখিছিল কিছু চৰ্ত । এই চৰ্ত নহা হ’লে আজি অভিষেক বচ্চনৰ পত্নী হ’লহেতেন কৰিশ্মা কাপুৰ ৷ জানো আহক কি আছিল এই চৰ্তসমূহ ৷

Why did Abhishek Bachchan and Karisma Kapoor split
এই চৰ্ত মাজত নাহিলে অভিষেক বচ্চনৰ পত্নী হ’লহেঁতেন কৰিশ্মা

চিটাৰা ডেস্ক, 29 জুলাই: কৰিশ্মা কাপুৰ আৰু অভিষেক বচ্চনৰ এনে এটি যুটি যে এসময়ত প্ৰতিগৰাকী লোকৰ মুখে মুখে তাৰ চৰ্চা চলিছিল । ইয়াৰ কাৰণ আছিল, আচলতে অমিতাভ বচ্চনৰ ৬০ সংখ্যক জন্মদিন উপলক্ষে তেওঁলোকৰ বাগ্দান হৈছিল । কাপুৰ পৰিয়াল আৰু বচ্চন পৰিয়াল ইজনে সিজনৰ ওচৰ চাপি আহিছিল, এইটো নিজৰ মাজতে এটা ডাঙৰ খবৰ আছিল । কেৱল চলচ্চিত্ৰ জগতৰ মানুহেই নহয় এই দুই তাৰকাৰ অনুৰাগীসকলেও অপেক্ষা কৰি আছিল কৰিশ্মা আৰু অভিষেক কেতিয়া এক হ’ব । অৱশ্যে এনে হোৱাৰ পূৰ্বে অভিষেক বচ্চন আৰু কৰিশ্মাৰ বিয়া নহয় বুলি খবৰ আহিল । আজি আমি আপোনালোকক সেই কাৰণসমূহৰ বিষয়ে উল্লেখ কৰিম যাৰ বাবে এই বিবাহ ভাঙি গৈছিল ।

কৰিশ্মাৰ মাতৃ ৰাখিছিল ববিতাই কিছু চৰ্ত

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কৰিশ্মা কাপুৰৰ মাতৃয়ে বচ্চন পৰিয়ালৰ সন্মুখত কিছু চৰ্ত ৰাখিছিল । ইয়াৰে এটা চৰ্ত আছিল যে বচ্চন পৰিয়ালে বিয়াৰ পূৰ্বে অভিষেক বচ্চনৰ নামত কিছু সম্পত্তি হস্তান্তৰ কৰিব লাগিব । কোৱা হয় যে, ববিতাৰ এই প্ৰস্তাৱত বচ্চন পৰিয়ালে আপত্তি দৰ্শাইছিল, কোৱা হয় যে এইটো এটা সম্ভাৱ্য কাৰণ আছিল যাৰ বাবে বচ্চন আৰু কাপুৰ পৰিয়ালৰ সম্পৰ্কত এক বিভাজন ঘটিছিল ।

জয়া বচ্চনৰ প্ৰস্তাৱো আহিছিল সম্পৰ্কৰ মাজত

খবৰ অনুসৰি অভিষেক আৰু কৰিশ্মাৰ বিবাহৰ পূৰ্বে জয়া বচ্চনেও এটি চৰ্ত ৰাখিছিল । জয়াৰ চৰ্ত আছিল যে কৰিশ্মাই বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ছবিত কাম কৰিব নোৱাৰিব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই চৰ্ত কৰিশ্মাৰ বাবে গ্ৰহণযোগ্য নাছিল আৰু পিছলৈ এইবোৰ কাৰণত অভিষেক বচ্চন আৰু কৰিশ্মা কাপুৰে বিবাহপাশত আৱদ্ধ হ’ব নোৱাৰিলে । কিন্তু পিছলৈ কৰিশ্মাই ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় যদিও পিছলৈ দুয়োৰে বিবাহ বিচ্ছেদ ঘটে । একে সময়তে অভিষেক বচ্চনৰ বিবাহ হৈছিল ঐশ্বৰ্য ৰায়ৰ লগত ।

লগতে পঢ়ক: Sukesh Chandrashekhar letters : সুকেশৰ পত্ৰৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ আদালতৰ

লগতে পঢ়ক: Alia Bhatt : ৰকি অউৰ ৰাণী ছবিখনে ভংগ কৰিব পাৰিব নে আলিয়াৰ এই ৫ খন শীৰ্ষ অ’পেনাৰ ছবিৰ অভিলেখ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.