ETV Bharat / entertainment

Priyanka Chopra: প্ৰিয়ংকা চোপ্ৰাক কৰণ জোহৰে ‘স্পাইনলেছ’ আৰু ‘লেম’ বুলি অভিহিত কৰিছিল - ডেক্স শ্বেফাৰ্ডৰ প’ডকাষ্ট

শেহতীয়া এক সাক্ষাৎকাৰত বলীউডত কেনেকৈ প্ৰিয়ংকাক কোণত ৰখা হৈছিল সেই কথা মুকলিকৈ কয় প্ৰিয়ংকাই ৷ তাৰ পিচতেই কংগনাই প্ৰিয়ংকাক সমৰ্থন কৰি চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰক টাৰ্গেট কৰি লৈছিল ৷ ইয়াৰ পিচতে নেটিজেনসকলে ২০১২ চনৰ কৰণ জোহৰৰ এটা টুইট বিচাৰি উলিয়ায় ৷ টুইটটোত প্ৰিয়ংকাৰ নাম নোলোৱাকৈয়ে কৰণে প্ৰিয়ংকাক সমালোচনা কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছিল ৷

When Karan Johar in a veiled dig called Priyanka Chopra 'spineless' and 'lame'
টুইটটোত প্ৰিয়ংকাৰ নাম নোলোৱাকৈয়ে কৰণে প্ৰিয়ংকাক সমালোচনা কৰিছিল
author img

By

Published : Mar 29, 2023, 10:20 PM IST

চিটাৰা ডেস্ক, 29 মাৰ্চ: শেহতীয়াকৈ ডেক্স শ্বেফাৰ্ডৰ প’ডকাষ্টত প্ৰিয়ংকা চোপ্ৰাই দিয়া সাক্ষাৎকাৰত বলীউডৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে ৷ ইয়াৰ পিচতেই বলীউডত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অভিনেত্ৰীগৰাকীয়ে বলীউড ত্যাগ কৰাৰ আঁৰৰ কাৰণৰ বিষয়ে উল্লেখ কৰে সাক্ষাৎকাৰটোত ৷ বলীউডৰ ৰাজনীতিৰ বাবেই বলীউড এৰি আমেৰিকালৈ ঢাপলি মেলিছিল বুলি সাক্ষাৎকাৰটোত উল্লেখ কৰে (Karan Johar feud with priyanka) ৷

প্ৰিয়ংকা চোপ্ৰাক বলীউডৰ এটা চুকত ঠেলি দিয়া বুলি সাক্ষাৎকাৰটোত মুকলিকৈ কৈছিল প্ৰিয়ংকা চোপ্ৰাই ৷ অৱশ্যে নাম নোলোৱাকৈয়ে প্ৰিয়ংকাই বলীউডৰ ভিতৰচ’ৰাত আচলতে কি চলে এই বিষয়ে উল্লেখ কৰে যদিও, নেটিজেন আৰু সহযোগী চেলিব্ৰিটিসকলে ২০১২ চনত কৰণ জোহৰৰ সৈতে প্ৰিয়ংকাৰ কাজিয়াৰ কথা আঙুলিয়াই দিয়ে (Priyanka chopra and karan johar) ।

ইফালে প্ৰিয়ংকাৰ পক্ষ লৈ কংগনাই ছবিজগতৰ বাহিৰৰ লোকক একাষৰীয়া কৰাৰ বাবে কৰণ জোহৰক দোষাৰোপ কৰি ধাৰাবাহিকভাৱে টুইট কৰে । ২০১২ চনত কৰণ জোহৰে প্ৰিয়ংকাৰ নাম নোলোৱাকৈয়ে এটা টুইট কৰিছিল ৷ কৰণে লিখিছিল,"পি আৰ ব্য়ৱহাৰ কৰি তথাকথিত বন্ধুৰ আঁৰত নিজকে লুকুৱাই ৰাখি খবৰৰ শিৰোনাম দখল কৰাটো আন একো নহয় মেৰুদণ্ডহীন (why karan sidelined priyanka)।

লগতে কৰণে লিখিছিল, "দেৰি হোৱাৰ পূৰ্বেই আকাশত উৰা বাদ দি মাটিত ভৰি ৰখাটো উচিত !! দেৰি হোৱাৰ পূৰ্বেই জীৱনত যি লাভ কৰা হৈছে, সেইটো ধৰি ৰখাটো উচিত ৷" এই টুইটবোৰ সেই সময়ৰ সৈতে জড়িত যেতিয়া প্ৰিয়ংকাই বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ওচৰ চাপি অহাৰ বাতৰি প্ৰচাৰ হৈছিল । তেতিয়াৰ খবৰ অনুসৰি শ্বাহৰুখ খানৰ পত্নী গৌৰী খান আৰু তেওঁৰ বন্ধুসকলে প্ৰিয়ংকাক গেং আপ কৰি বলীউড এৰিবলৈ বাধ্য কৰাইছিল (did karan bully priyanka) ।

খবৰ অনুসৰি গৌৰী খান আৰু এছ আৰ কেৰ ঘনিষ্ঠ বন্ধু হোৱাৰ বাবে কৰণ জোহৰে গুণ্ডাগিৰি কৰি চলচ্চিত্ৰ জগতৰ পৰা খেদি পঠিয়াইছিল প্ৰিয়ংকাক । ডেক্স শ্বেফাৰ্ডৰ সৈতে শেহতীয়াকৈ হোৱা এক সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই কয় যে, "মই বলীউডৰ ৰাজনীতিত ভাগৰি পৰিছিলো ৷ মোক কিছু সময়ৰ ছুটীৰ প্ৰয়োজন হৈছিল কাৰণ মোক কাষ্টিং কৰা হোৱা নাছিল, মানুহৰ লগত মোৰ সংঘাত হৈছিল আৰু মই ৰাজনীতি কৰিব নোৱাৰো ৷ সেয়াহে বলীউড এৰি আমেৰিকালৈ যাবলৈ বাধ্য হৈছিলো ৷ "

বলীউডত নেপটিজম সংস্কৃতিৰ ওপৰত বহু চেলিব্ৰিটিয়ে মুকলিকৈ কোৱাৰ লগে লগে পুনৰবাৰ নেটিজেনৰ ক্ষোভৰ সন্মুখীন হৈছে কৰণ জোহৰ ।

লগতে পঢ়ক: SRK New Car: পাঠানৰ সফলতাৰ পিচত শ্বাহৰুখ খানে নিজকে উপহাৰ দিলে বিলাসী বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.