ETV Bharat / entertainment

Kennedy : কাঁত কেনেডীয়ে ৭ মিনিটৰ ষ্টেণ্ডিং অভেচন লাভ কৰাত আবেগিক হৈ পৰিল ছানী লিয়নি - অনুৰাগ কাশ্যপৰ পৰিচালিত ‘কেনেডী

২০২৩ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত অনুৰাগ কাশ্যপৰ ছবি কেনেডীয়ে ৭ মিনিটৰ বাবে ষ্টেণ্ডিং অভেচন লাভ কৰাৰ পিচত ছানী লিয়নিৰ চকুলো বৈ আহে । চাওক ভিডিঅ’ ৷

Watch: Sunny Leone hugs Anurag Kashyap in tears as Kennedy receives 7-minute standing ovation at Cannes 2023
কেনেডীয়ে ৭ মিনিটৰ বাবে ষ্টেণ্ডিং অভেচন লাভ কৰে
author img

By

Published : May 26, 2023, 1:44 PM IST

চিটাৰা ডেস্ক, 26 মে’: অনুৰাগ কাশ্যপৰ পৰিচালিত ‘কেনেডী’ ছবিখনৰ প্ৰিমিয়াৰ হৈছিল ৭৬ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত, য’ত গ্ৰেণ্ড লুমিয়েৰ থিয়েটাৰত দৰ্শকৰ পৰা সাত মিনিটৰ ষ্টেণ্ডিং অভেচন লাভ কৰিছিল । মহোৎসৱৰ ইউটিউব চেনেলত কেনেডীৰ প্ৰিমিয়াৰৰ স্থানৰ পৰা এটা ভিডিঅ’ আপলোড কৰা হয় । দৰ্শকে হাত চাপৰি বজোৱাৰ লগে লগে ছবিখনৰ অভিনেতা ৰাহুল ভাট আৰু ছানী লিয়নি আৱেগিক হৈ পৰে, আনহাতে অনুৰাগ কাশপ্যৰ মুখত প্ৰাপ্তিৰ হাঁহি দেখা যায় (Teary eyed sunny Leone hugs Anurag kashyap) ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উপস্থিত সকলোকে উষ্ম আদৰণি জনোৱাৰ বাবে ক্ৰুৱে ধন্যবাদ জনায় (Sunny Leone hugs Anurag Kashyap in tears) । ইফালে ছানীয়ে অনুৰাগক আশ্বস্ত কৰিলে, "আপুনি কৰি দেখুৱালে" আৰু লগতে ক'লে, "হয়, মই কান্দি থকা নাই ।" ইয়াৰ পিচতে দলটোৱে ইগৰাকীয়ে সিগৰাকীক সাৱটি ধৰি অভিনন্দন জনায় (Kennedy at cannes 2023)।

গ্ৰেণ্ড ৰিচেপচনৰ পিচত অনুৰাগে দৰ্শকৰ মাজত উপস্থিত থকা চলচ্চিত্ৰ নিৰ্মাতা সুধীৰ মিশ্ৰৰ কাষ চাপিছিল আৰু তেওঁৰ ভৰি চুইছিল । তাৰ পিচত দুয়োজনে ইজনে সিজনক সাৱটি ধৰে ৷ এইখিনিতে উল্লেখ কৰো যে কেনেডী ছবিখন অনুপ্ৰাণিত হৈছিল সুধীৰ মিশ্ৰই বহু বছৰৰ আগতে অনুৰাগক কোৱা এটা কাহিনীৰ পৰা (Sunny leone at cannes 2023) ।

কাঁ ২০২৩ ত উপস্থিতসকলে অনুষ্ঠানটোৰ বহু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰে । কেনেডী ছবিখনত ৰাহুলে এজন প্ৰাক্তন আৰক্ষীৰ চৰিত্ৰত চৰিত্ৰত অভিনয় কৰিছে, যিটো চৰিত্ৰ অনুৰাগে প্ৰথমে পনিয়িন চেলভান খ্যাতি চিয়ান বিক্ৰমৰ বাবে লিখিছিল ।

শেহতীয়াকৈ গেংছ অৱ ৱাছেপুৰৰ পৰিচালকজনে এটা মিডিয়া পৰ্টেলক জনাইছিল যে ছবিখনৰ নাম বিক্ৰমৰ নামেৰে কেনেডী ৰখা হৈছে, কিন্তু অভিনেতাজনৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে তেওঁ ৰাহুলক সেই চৰিত্ৰত স্থান দিছিল । যদিও বিক্ৰমে পিচত কয় যে তেওঁ পিচত পৰিচালকজনৰ সৈতে যোগাযোগ কৰিছিল, অনুৰাগে তেওঁক কাষ্টিঙৰ প্ৰতি আগ্ৰহৰ বিষয়ে জানিব পাৰি । অৱশ্যে সেই সময়ত ছবিখনৰ শ্বুটিং হ’বলৈ মাত্ৰ এমাহ বাকী আছিল আৰু সকলো চেট হৈ গৈছিল । পিচত ৰাহুলে প্ৰকাশনক অৱগত কৰে যে যদি কেতিয়াবা বিক্ৰমক তেওঁ দেখা পায় তেন্তে অনুৰাগক সময়মতে কোনো সঁহাৰি নিদিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব ।

লগতে পঢ়ক: Sunny Leone : পৰ্ণ ইণ্ডাষ্ট্ৰী ত্যাগ কৰি ভাৰতলৈ অহাৰ পিচতে ভাবুকি লাভ কৰিছিল ছানী লিয়নিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.