ETV Bharat / entertainment

Nawazuddin Siddiqui latest news: দ্বিতীয় সন্তানক মানি ল’ব বিচৰা নাই নৱাজুদ্দিনে, পত্নীয়ে আখ্যা দিলে বিশ্বাসঘাতক - নৱাজৰ পত্নী আলিয়া

নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী আলিয়া ছিদ্দিকীয়ে অভিনেতা গৰাকীৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰিছে । এটা ভিডিঅ’ আৰু আইনী নথিপত্ৰ শ্বেয়াৰ কৰি আলিয়াই নিজৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আপলোড কৰিছে য’ত তেওঁক নৱাজুদ্দিনৰ সৈতে মত বিনিময় কৰা দেখা গৈছে (Nawazuddin Siddiqui wife)। শেহতীয়া ছ’চিয়েল মিডিয়া পোষ্টত আলিয়াই শ্বেয়াৰ কৰিছে যে নৱাজ এজন “প্ৰতাৰক” আৰু “অমানৱীয়” । অভিনেতাজনে তেওঁলোকৰ দ্বিতীয় সন্তানক অস্বীকাৰ কৰিছে বুলিও অভিযোগ তুলিছে আলিয়াই ।

Nawazuddin Siddiqui
নৱাজুদ্দিনক পত্নীয়ে আখ্যা দিলে বিশ্বাসঘাতক
author img

By

Published : Feb 11, 2023, 2:22 PM IST

চিটাৰা ডেস্ক, 11 ফেব্ৰুৱাৰী : সংসাৰত জুই লগাৰ পিছৰে পৰা দৈনিক নতুন নতুন খবৰ শুনিবলৈ পোৱা গৈছে নৱাজুদ্দিন ছিদ্দিকীৰ বিষয়ে ৷ অলপতে নৱাজৰ মাকে পত্নী আলিয়াৰ বিৰুদ্ধে ঘৰত সোমাই মাৰপিট কৰাৰ অভিযোগ তুলিছিল ৷ এতিয়া পত্নীয়ে নৱাজুদ্দিনৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ (Nawazuddin Siddiqui Aaliya controversy) ৷ শুকুৰবাৰে আলিয়াই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত নৱাজুদ্দিনে তেওঁৰ বাংলোৰ গেটৰ বাহিৰত থিয় হৈ তেওঁৰ সৈতে মত বিনিময় কৰা দেখা গৈছে (Nawazuddin Siddiqui latest news) ।

নৱাজুদ্দিনক পত্নীয়ে আখ্যা দিলে বিশ্বাসঘাতক

ভিডিঅ’টোৰ উপৰিও আলিয়াই কিছু নথিপত্ৰ শ্বেয়াৰ কৰিছে য’ত তেওঁক নৱাজুদ্দিনৰ পত্নী বুলি উল্লেখ কৰা হৈছে । ছ’চিয়েল মিডিয়াৰ দীঘলীয়া পোষ্টটোত তেওঁ উল্লেখ কৰে যে তেওঁ “এজন মানুহক জীৱনৰ 18 বছৰ দিয়াৰ বাবে অনুশোচনা কৰে যিজন মানুহৰ চকুত মোৰ একেবাৰেই কোনো মূল্য নাই” । আলিয়াই 2004 চনত নৱাজুদ্দিনক লগ পোৱাৰ সময়ত তেওঁৰ হাতত একোৱেই নাছিল বুলিও প্ৰকাশ কৰিছে । দম্পতীহালে লিভ ইন ৰিলেচনশ্বিপত আছিল আৰু নৱাজৰ ভাতৃ শ্বামাছুদ্দিন ছিদ্দিকীৰ সৈতে 1টা কোঠাৰ ফ্লেট শ্বেয়াৰ কৰিছিল ।

"এটা কোঠা য'ত আমি একেলগে যাত্ৰা আৰম্ভ কৰিছিলো আৰু বহুত সুখেৰে জীয়াই আছিলো । মই বিশ্বাস কৰিছিলো যে তেওঁ মোক ভাল পায় আৰু মোক দীৰ্ঘজীৱন সুখী কৰি ৰাখিব । সেই সময়ত, তেওঁৰ ওচৰত খাদ্যৰ বাবে টকাও নাছিল সেয়েহে মই আৰু তেওঁৰ ভাতৃ শ্ৰীযুত শ্বামাছুদ্দিনে কোনো ব্যক্তিগত লাভালাভ অবিহনে সকলো বোৰ পৰিচালনা কৰিছিলো", তেওঁ লিখিছিল ।

2010 চনত বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীয়ে এবছৰৰ পিছত কন্যা শ্বোৰা ছিদ্দিকীক আদৰণি জনায় । শেহতীয়া পোষ্টটোত আলিয়াই দাবী কৰিছে যে নৱাজে তেওঁলোকৰ দ্বিতীয় সন্তানক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । "তেওঁ কৈছে যে তেওঁ মোক আমাৰ প্ৰথম সন্তানৰ জন্মৰ পিছত বিবাহ বিচ্ছেদ দিছিল আৰু তাৰ পিছত আকৌ বিবাহ বিচ্ছেদৰ পিছত মই তেওঁৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিলো আৰু আমি লিভ-ইন সম্পৰ্কত থকাৰ সময়তে দ্বিতীয় সন্তান জন্ম দিছিলো আৰু মই পিছত গম পাইছিলো যে যেতিয়া আমাৰ বিবাহ বিচ্ছেদ হোৱাই নাছিল তেতিয়াই তেওঁ মোক কেতিয়াও তেওঁৰ পত্নী হিচাপে গণ্য কৰা নাছিল",আলিয়াই লিখিছিল ।

আলিয়াই আৰু প্ৰকাশ কৰে যে আৰ্থিক সংকটৰ বাবে প্ৰথম প্ৰসৱৰ সময়ত মাকে উপহাৰ দিয়া ফ্লেটটো বিক্ৰী কৰিছিল তেওঁ । তেওঁ ফ্লেটটো বিক্ৰী কৰাৰ পিছত পোৱা ধনৰ পৰা নৱাজৰ বাবে এখন স্কোডা ফেবিয়া কিনিবলগীয়া হৈছিল যাতে তেওঁ বাছত ভ্ৰমণ কৰিব নালাগে ।

তেওঁ অনুভৱ কৰে যে নৱাজুদ্দিন "সম্পূৰ্ণৰূপে সলনি হৈছে আৰু অমানৱীয় হৈ পৰিছে" ৷ আলিয়াই ওৰফে জৈনাব ওৰফে অঞ্জনা কিশোৰ পাণ্ডেই কয় যে নৱাজ "কেতিয়াও এজন মহান মানুহ নাছিল । তেওঁ সদায় নিজৰ প্ৰাক্তন প্ৰেমিকা, তেওঁৰ প্ৰাক্তন পত্নীক অসন্মান কৰিছিল আৰু এতিয়া মোক অসন্মান কৰিছে আৰু ল’ৰা-ছোৱালীকো লক্ষ্য কৰি লৈছে" ৷ পোষ্টটোত তেওঁ লগতে আৰু কয় যে খ্যাতি আৰু সফলতা লাভ কৰাৰ পিছত অভিনেতাজন "অধিক মিছলীয়া আৰু প্ৰতাৰক হৈ পৰিছে যাৰ বিষয়ে তেওঁৰ সৈতে বিয়া হোৱাৰ সময়ত মোৰ কোনো ধাৰণা নাছিল" ৷

তেওঁ আৰু কৈছিল, "প্ৰতাৰক যিকোনো জাতিৰ হ'ব পাৰে আৰু যিজনৰ লালন-পালন ভাল তেওঁ কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰে । সেয়েহে, মই সকলোকে অনুৰোধ জনাইছো যে এজন মানুহৰ ধৰ্ম্ম অনুসৰি নাযাব" ৷ আলিয়াই পোষ্টটো "ন্যায় ৰক্ষা কৰিব লাগিব🙏🏻" বুলি সমাপ্ত কৰিছিল ।

যোৱা মাহৰ শেষৰ ফালে, নৱাজৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ অভিযোগত আলিয়াৰ বিৰুদ্ধে অনধিকাৰ প্ৰৱেশ আৰু স্বেচ্ছাই আঘাত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল । সেই সময়ত, আৰক্ষী সূত্ৰই কৈছিল যে অভিনেতা, পত্নী আৰু মাতৃৰ মাজত হোৱা সম্পত্তিৰ বিবাদৰ ফলত এই কাণ্ড হ’ব পাৰে ।

লগতে পঢ়ক : Ram Charan latest news: কৰ্কট ৰোগত আক্ৰান্ত বিশেষ অনুৰাগীক লগ কৰিলে ৰাম চৰণে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.